Monday, 28 December 2020

27 December, 2020 *গ্ৰন্থ আৰু চোতাল শীৰ্ষক অনুষ্ঠান লখিমপুৰ* Date :- 27/12/2020 ## উত্তৰ লখিমপুৰ চহৰৰ পৰ্য্যটন উদ্যোগৰ বাটকটীয়া তথা গ্ৰাম্যানুভূতিৰ স্বষ্টা দিকপল লাহনৰ উদ্যোগত তেখতৰ লাহন গাওঁৰ বাসভৱনত আজি "গ্ৰন্থ আৰু চোতাল" শীৰ্ষক এক অন্তৰঙ্গ আলাপৰ অনুষ্ঠান মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহযোগত আয়োজন কৰা হয়। ## মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহকাৰী সঞ্চালক পঙ্কজ সভাপণ্ডিত আৰু দিকপল লাহনে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ তথা ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক ভৰত ৰাজখোৱা, নিবন্ধকাৰ তথ্যচিত্ৰ পৰিচালক নৃপেন ফুকন আৰু মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সঞ্চালক জিতেন বৰুৱা। ## লাহন গাওঁৰ ৰংঘৰ মইনা পাৰিজাতৰ প্ৰায় বিশ গৰাকী শিশু তথা ছাত্ৰ ছাত্ৰীয়ে এই অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰে। ## এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্রৰ তৰফৰ পৰা প্ৰায় "এশখন গ্ৰন্থ " দিকপল লাহনৰ বাসভৱনৰ সন্মুখত স্থাপন কৰা পদপথৰ পুথি ভঁৰালৈ দান দিয়া হয়। ## ৰংঘৰ মইনা পাৰিজাতৰ সভাপতি অনিল লাহন, সাংস্কৃতিক সম্পাদিকা অৰুপা খনিকৰ বৰপাত্ৰগোহাঁই, সাংবাদিক প্ৰিয়মজ্যোতি ফুকনও উপস্থিত থাকি বক্তব্য আগবঢ়াই। লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া

 27 December, 2020


*গ্ৰন্থ আৰু চোতাল শীৰ্ষক অনুষ্ঠান লখিমপুৰ* Date :- 27/12/2020


## উত্তৰ লখিমপুৰ চহৰৰ পৰ্য্যটন উদ্যোগৰ বাটকটীয়া তথা গ্ৰাম্যানুভূতিৰ স্বষ্টা দিকপল লাহনৰ উদ্যোগত  তেখতৰ  লাহন গাওঁৰ বাসভৱনত আজি  "গ্ৰন্থ আৰু চোতাল" শীৰ্ষক এক  অন্তৰঙ্গ আলাপৰ অনুষ্ঠান  মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহযোগত আয়োজন কৰা হয়।


## মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সহকাৰী সঞ্চালক পঙ্কজ সভাপণ্ডিত আৰু দিকপল লাহনে আঁত ধৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট গল্পকাৰ তথা ৰাজ্যিক বঁটা প্ৰাপক শিক্ষক ভৰত ৰাজখোৱা, নিবন্ধকাৰ  তথ্যচিত্ৰ পৰিচালক নৃপেন ফুকন আৰু মঙ্গলবোধ জাগৰণ কেন্দ্রৰ সঞ্চালক জিতেন বৰুৱা।


## লাহন গাওঁৰ ৰংঘৰ মইনা পাৰিজাতৰ প্ৰায় বিশ গৰাকী শিশু তথা ছাত্ৰ ছাত্ৰীয়ে এই অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰে।


## এই অনুষ্ঠানত মঙ্গলবোধ জাগৰণ কেন্দ্রৰ তৰফৰ পৰা প্ৰায় "এশখন গ্ৰন্থ " দিকপল লাহনৰ বাসভৱনৰ সন্মুখত স্থাপন কৰা পদপথৰ পুথি ভঁৰালৈ দান দিয়া হয়।


## ৰংঘৰ মইনা পাৰিজাতৰ সভাপতি অনিল লাহন, সাংস্কৃতিক সম্পাদিকা অৰুপা খনিকৰ বৰপাত্ৰগোহাঁই, সাংবাদিক প্ৰিয়মজ্যোতি ফুকনও উপস্থিত থাকি বক্তব্য আগবঢ়াই।


লখিমপুৰৰ পৰা ৰাহান আহমেদ নৰ্থ ইষ্ট নিউজ ইণ্ডিয়া


No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...