সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ ভাইৰাছে গোলাঘাটৰ মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ পিছতো জনসাধাৰণে সতৰ্কতা অৱলম্বন কৰা নাই ৷
গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ক’ৰুণা আক্ৰান্তহৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে প্ৰাপ্ত তথ্যমতে দেওবাৰ পয্যন্ত যোৰহাট মেডিকেল কলেজত ২৯ : গোলাঘাটৰ ক’ভিড হস্পিটেলত ৮ ডিব্ৰুগড়ৰ মেডিকেল কলেজত ১ আৰু গুৱাহাটী মেডিকেলত ১গৰাকীৰ মৃত্যু হোৱাত ক’ভিড প্ৰতক’ল অনুযায়ী সৎকাৰ কৰা হৈছে ৷ ইয়াৰে ১৫ গৰাকী আৰম্ভণিৰেপৰাই ক’ভিড-১৯ৰ চিকিৎসা কৰি আছিল ৷ এই তথ্য গোলাঘাট জিলা প্ৰশাসনৰ ৷
জিলাখনত ক’ভিড-১৯ৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা দেওবাৰ পয্যন্ত ৩১ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ ৰেপিড টেষ্ট আৰু আৰ টি পি চি আৰ যোগে এইসকলৰ ৰোগ চিনাক্ত কৰা হয় ৷ মুঠ এক্টিভ ৰোগীৰ
সংখ্যা ৯২৪ গৰাকী হ’ল ৷ আৰু মুঠ আক্ৰান্তৰ সংখ্যা ৫০৭০লৈ বৃদ্ধি হ’ল ৷ এই পয্যন্ত ৪৩৬১ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ ৷ সোমবাৰৰ তথ্য হ’ল মুঠ আক্ৰান্ত ৫১৮৫ গৰাকী ; পজিটিভ ৰোগী ১১৩ আৰু এক্টিভ ৬৮২ গৰাকী ৷ ইয়াৰে ৪৪৭৫ গৰাকী সুষ্ঠ ৰোগী ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই সন্দৰ্ভত ক’ভিভ -১৯ ৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাপু গগৈয়ে এনেদৰে মন্তব্য কৰিলে ৷ Bite - পাপু গগৈ
Bite : সাধাৰণ লোক ৷
:: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA ১৪ছেপ্তেম্বৰ
গোলাঘাট পৌৰসভাৰ অন্তৰ্গত এইয়া ১০ নং ৱাৰ্ডৰ মানৱসেৱা আশ্ৰম পথ ৷ পথটো বহুবছৰ ধৰি মেৰামতি কৰানাই ৷ ৰাইজে বিজেপিৰ আহ্বানক বিশ্বাস কৰি ৱাৰ্ড কমিছনাৰো বিজেপিৰেই জুমি দুৱৰাক বিজয়ী কৰালে ৷ কিন্তু এলেকাটোলৈ আনন্দৰ দিন নাহিল ৷ ফলত যাতায়তৰ ক্ষেত্ৰত দুভোগ ভোগিছে ৰাইজে ৷ আপুনি স্কীনত দেখা এই দৃশ্য দেওবাৰৰ বিয়লিৰ ৷
আনহাতে কংগ্ৰেছ নেতৃত্বা ধীন পৌৰসভাৰ ৫নং ৱাৰ্ডতৰ কমিচনাৰ গণেশ পালও কংগ্ৰেছৰ ৷ তেও ঘৰতে বহি দিন কতালে সেয়েহে একেই পৰিবেশ এই ৱাৰ্ডৰ সম্পূৰ্ণ যাতায়ত ব্যৱস্থাটো ৷ ৰাইজে যাকেই বিশ্ৱাস কৰি জনপ্ৰতিনিধি পাতে তেৱেই নিৰ্বাচনৰ পিছত ৰাইজলৈ পিঠি দিয়ে ৷ গতিকে দোধোৰ মুধোৰত ৰাইজ ৷ উন্নয়ণৰ ফটাঢ়োল বজোৱাবিধায়িকা অজন্তা নেওগক কূটিল ৰাজনীতি পৰিহাৰ কৰি সচাঁ অৰ্থত
উন্নয়ণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে ৷ ::::প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA ১৩ ছেপ্তেম্বৰ ২০২০
O. C. : পুনৰ পঞ্চায়তত সংঘটিত হ'ল দুৰ্নীতি। এইবাৰ গোলাঘাটৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। পদুমনি ব্লকৰ অধীনৰ এই পঞ্চায়ত বিভিন্ন আঁচনিৰ স্থানীয় ৰাইজ অভিযোগ কংগ্ৰেছৰ দখলত থকা পুলিবৰ পঞ্চায়তৰ পঞ্চায়ত কৰ্মীয়ে সংঘটিত কৰিছে দুৰ্নীতি।
V. O. : গোলাঘাট নগৰৰ গাঁতে লাগি থকা গোলাঘাট গাওঁ পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱাৰ পিছত এইবাৰ পুলিবৰ পঞ্চায়তত দুৰ্নীতিৰ অভিযোগ। উদক ভেটাৰখীয়া দিয়াৰ দৰে পঞ্চায়তখনৰ বিষয় ববীয়াৰ দ্বাৰা এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। যাক লৈ পুলিবৰ পঞ্চায়তত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। সভাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি, জৱকাৰ্ড আৰু আত্মনিৰ্ভৰশীল গোটৰ বিসংগতিক লৈ সভা। স্থানীয় ৰাইজ তথা একাংশ লোকৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাত পঞ্চায়ত খনৰ সভাপতি, সচিব, ৱাৰ্ড মেম্বাৰ আৰু কম্পিউটাৰ সহায়কে দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত কৰিছে। গাঁও সভাত নিৰ্বাচিত হোৱা হিতাধিকাৰীক বঞ্চিত কৰি পঞ্চায়ত কৰ্মীয়ে ময় মতালীৰে হিতাধিকাৰীক নিৰ্বাচন কৰা অভিয়োগ উঠিছে । উপযুক্ত তদন্তৰ পিছতহে ওলাব প্ৰকৃততে ই দুৰ্নীতি নে ৰাজনৈতিক কৌশল। ::: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA