14 September, 2020
গোলাঘাট ১৪ ছেপ্তেম্বৰ ২০২০
সমগ্ৰ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰ ভাইৰাছে গোলাঘাটৰ মৃত্যুৰ সংখ্যা বৃদ্ধি কৰাৰ পিছতো জনসাধাৰণে সতৰ্কতা অৱলম্বন কৰা নাই ৷
গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ ক’ৰুণা আক্ৰান্তহৈ মৃত্যুৰ সংখ্যা বৃদ্ধি হৈ আছে প্ৰাপ্ত তথ্যমতে দেওবাৰ পয্যন্ত যোৰহাট মেডিকেল কলেজত ২৯ : গোলাঘাটৰ ক’ভিড হস্পিটেলত ৮ ডিব্ৰুগড়ৰ মেডিকেল কলেজত ১ আৰু গুৱাহাটী মেডিকেলত ১গৰাকীৰ মৃত্যু হোৱাত ক’ভিড প্ৰতক’ল অনুযায়ী সৎকাৰ কৰা হৈছে ৷ ইয়াৰে ১৫ গৰাকী আৰম্ভণিৰেপৰাই ক’ভিড-১৯ৰ চিকিৎসা কৰি আছিল ৷ এই তথ্য গোলাঘাট জিলা প্ৰশাসনৰ ৷
জিলাখনত ক’ভিড-১৯ৰ আক্ৰান্ত হোৱা লোকৰ সংখ্যা দেওবাৰ পয্যন্ত ৩১ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয় ৷ ৰেপিড টেষ্ট আৰু আৰ টি পি চি আৰ যোগে এইসকলৰ ৰোগ চিনাক্ত কৰা হয় ৷ মুঠ এক্টিভ ৰোগীৰ
সংখ্যা ৯২৪ গৰাকী হ’ল ৷ আৰু মুঠ আক্ৰান্তৰ সংখ্যা ৫০৭০লৈ বৃদ্ধি হ’ল ৷ এই পয্যন্ত ৪৩৬১ গৰাকী সুষ্ঠৰোগীক ঘৰলৈ যাবলৈ দিয়া হয় ৷ ৷ সোমবাৰৰ তথ্য হ’ল মুঠ আক্ৰান্ত ৫১৮৫ গৰাকী ; পজিটিভ ৰোগী ১১৩ আৰু এক্টিভ ৬৮২ গৰাকী ৷ ইয়াৰে ৪৪৭৫ গৰাকী সুষ্ঠ ৰোগী ঘৰলৈ যাবলৈ দিয়া হয় ৷ এই সন্দৰ্ভত ক’ভিভ -১৯ ৰ দায়িত্বত থকা সহকাৰী আয়ুক্ত পাপু গগৈয়ে এনেদৰে মন্তব্য কৰিলে ৷ Bite - পাপু গগৈ
Bite : সাধাৰণ লোক ৷
:: প্ৰকাশ শৰ্মা ৰিৰ্পত গোলাঘাট ৷ NORTHEAST NEWS INDIA ১৪ছেপ্তেম্বৰ
গোলাঘাট ৷
No comments:
Post a Comment
Welcome Northeast News India