Saturday, 11 July 2020
Friday, 10 July 2020
10 July, 2020 ৰাজ্যৰ ডিমা হাছাও জিলাত কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক। বাঁহ খণ্ডই বহন কৰা প্ৰচুৰ সম্ভাৱীয়তাৰ প্ৰতি লক্ষ্য ৰাখি। মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক নিৰ্মাণৰ দিশত অগ্ৰণী ভূমিকা লোৱাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙক বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্যত বেম্বো ইণ্ডাষ্ট্ৰিয়েল পার্ক স্থাপনে বাঁহ খেতিয়ক তথা উদ্যোগীসকলক বিশেষভাৱে উদগনি যোগাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
10 July, 2020 জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে আয়োজিত এখন বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰিক পৰ্যালোচনা কৰে। 'আত্মনির্ভৰ অসম'ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশ সাধনেৰে ৰাজ্যত এক 'শ্বেত বিপ্লৱ' গঢ়ি তোলাৰ লক্ষ্যৰে আৰু নতুন প্ৰজন্মক এই ক্ষেত্ৰখনৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এক উপযুক্ত আৰু বাস্তৱমুখী কৰ্ম আঁচনি তথা 'ৰোডমেপ' প্ৰস্তুত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্যৰ সফল দুগ্ধ উৎপাদক অথবা দুগ্ধ উৎপাদক সমবায় সমিতিক ৰাজ্য চৰকাৰে শীঘ্ৰে দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ অধীনত থকা ৫৩ টা বাল্ক মিল্ক কুলাৰ পি-পি-পি ব্যৱস্থাৰে তুলি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
10 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে অসমৰ দুগ্ধ উৎপাদক তথা এই খণ্ডৰ সৈতে জড়িত উদ্যমীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। আৰু ৰাজ্যৰ দুগ্ধ উৎপাদনৰ এটি সামগ্ৰিক পৰ্যালোচনা কৰে। দুগ্ধ খণ্ডৰ যথেষ্ট সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত যুৱপ্ৰজন্মক অধিক আগ্ৰহী কৰি তোলাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আৰু 'আত্মনিৰ্ভৰ অসম'ৰ মূলমন্ত্ৰ আগত ৰাখি দুগ্ধ উৎপাদনক এক নতুন গতি প্ৰদানৰ বাবে এক সময়োপযোগী ৰ'ডমেপ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি, ৰাজ্যখনৰ দুগ্ধ উৎপাদক তথা দুগ্ধ সমবায় সমিতিসমূহৰ সুবিধাৰ্থে ৫৩টা Bulk Milk Cooler প্ৰদান কৰিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ অধীনত দুগ্ধ উৎপাদকসকলে যাতে সুচাৰুৰূপে 'কিষাণ ক্ৰেডিট কাৰ্ড'ৰ লোন লাভ কৰিব পাৰে, তাৰ বাবে বেংকৰ সৈতে যোগাযোগ কৰি যাৱতীয় ব্যৱস্থা ল'বলৈও বিষয়াসকলক তেখেতে নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
















