Friday, 10 July 2020
10 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে অসমৰ দুগ্ধ উৎপাদক তথা এই খণ্ডৰ সৈতে জড়িত উদ্যমীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে উচ্চপদস্থ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয়। আৰু ৰাজ্যৰ দুগ্ধ উৎপাদনৰ এটি সামগ্ৰিক পৰ্যালোচনা কৰে। দুগ্ধ খণ্ডৰ যথেষ্ট সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এইক্ষেত্ৰত যুৱপ্ৰজন্মক অধিক আগ্ৰহী কৰি তোলাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আৰু 'আত্মনিৰ্ভৰ অসম'ৰ মূলমন্ত্ৰ আগত ৰাখি দুগ্ধ উৎপাদনক এক নতুন গতি প্ৰদানৰ বাবে এক সময়োপযোগী ৰ'ডমেপ প্ৰস্তুত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। তদুপৰি, ৰাজ্যখনৰ দুগ্ধ উৎপাদক তথা দুগ্ধ সমবায় সমিতিসমূহৰ সুবিধাৰ্থে ৫৩টা Bulk Milk Cooler প্ৰদান কৰিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। লগতে, 'আত্মনিৰ্ভৰ ভাৰত' অভিযানৰ অধীনত দুগ্ধ উৎপাদকসকলে যাতে সুচাৰুৰূপে 'কিষাণ ক্ৰেডিট কাৰ্ড'ৰ লোন লাভ কৰিব পাৰে, তাৰ বাবে বেংকৰ সৈতে যোগাযোগ কৰি যাৱতীয় ব্যৱস্থা ল'বলৈও বিষয়াসকলক তেখেতে নিৰ্দেশ প্ৰদান কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...




No comments:
Post a Comment
Welcome Northeast News India