Friday, 10 July 2020
10 July, 2020 জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱালে আয়োজিত এখন বৈঠকত ৰাজ্যৰ দুগ্ধ খণ্ডৰ সামগ্ৰিক পৰ্যালোচনা কৰে। 'আত্মনির্ভৰ অসম'ৰ লক্ষ্য বাস্তৱায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ দুগ্ধ খণ্ডৰ সৰ্বাংগীণ বিকাশ সাধনেৰে ৰাজ্যত এক 'শ্বেত বিপ্লৱ' গঢ়ি তোলাৰ লক্ষ্যৰে আৰু নতুন প্ৰজন্মক এই ক্ষেত্ৰখনৰ প্ৰতি উৎসাহিত কৰাৰ বাবে এক উপযুক্ত আৰু বাস্তৱমুখী কৰ্ম আঁচনি তথা 'ৰোডমেপ' প্ৰস্তুত কৰিবলৈ পশুপালন আৰু পশু চিকিৎসা বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও ৰাজ্যৰ সফল দুগ্ধ উৎপাদক অথবা দুগ্ধ উৎপাদক সমবায় সমিতিক ৰাজ্য চৰকাৰে শীঘ্ৰে দুগ্ধ উন্নয়ন সঞ্চালকালয়ৰ অধীনত থকা ৫৩ টা বাল্ক মিল্ক কুলাৰ পি-পি-পি ব্যৱস্থাৰে তুলি দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২ *১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০ ...
-
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৪/২০২৩ *গোলাঘাটত ধান ক্ৰয় ব্যৱস্থাৰ পৰ্যালোচনা উপায়ুক্তৰ* ...





No comments:
Post a Comment
Welcome Northeast News India