Friday, 28 April 2023

নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ

 *১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ আৰু স্থানীয় ৰাইজৰ সন্তোষ প্ৰকাশ


*


২৮ এপ্রিল,২০২৩ঃ ১ নং ৰজনাখাট নিম্ন প্ৰাথমিক বিদ্যালয়ে ২০২৩ বৰ্ষৰ গুণোৎসৱত A+ গ্ৰেড লাভ কৰাত বিদ্যালয় কৰ্তৃপক্ষ   আৰু স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰে। চৰকাৰী বিদ্যালয় সমূহৰ উন্নয়নৰ বাবে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি শ্ৰীযুত তিখেশ্বৰ দাসদেৱ আৰু প্ৰধান শিক্ষক ম: নচিব আলী বৰবৰাদেৱে ছাত্ৰ-ছাত্ৰীৰ আৰু মাতৃসকলক ধন্যবাদ জনায়। স্থানীয় গাওঁ প্ৰধান শ্ৰীযুত পদ্মনাথ দাসদেৱে বিদ্যালয়ৰ বিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায়। ৰাইজৰ সহযোগত আজি এক সম্প্ৰীতি ভোজনৰ আয়োজন কৰা হয়।


NORTHEAST NEWS INDIA

সমগ্র মানৱ জাতিলৈ আহ্বান।

সমগ্র মানৱ জাতিলৈ আহ্বান। 

সেই মানৱ জাতি, ইমান অংহকাৰ নকৰিবা, সকলো জীৱকোল সময়ৰ উপৰত নিভৰশীল। আপোনালোকে যাক লৈ অংহকাৰ কৰিছে, সেয়া সময়ত উতি ভাহি নাইকিয়া হৈ যাৱ। সকলো জীৱকোলৰ, তেওঁ লোকৰ খাদ্য ও সামগ্রী ব্যবহাৰ কৰিব নিবিচাৰিব অকমান সময়ৰ নিজৰ স্বাৰ্থৰ বাবে। মা আৰু প্ৰকৃতি য়ে যি শক্তি প্ৰদান কৰিছে আপোনাক সেয়া ভাল কামত ব্যবহাৰ কৰিবলৈ চেষ্টা কৰক। আপোনালোকৰ যি সম্পদ আছে সেয়া এদিন এই মা আৰু প্ৰকৃতি ৰ বুকুত লুপ্ত পাব। আপোনালোকৰ বওমান যি সম্পদ আছে তাকে লৈ সন্তুষ্ট থাকক, আনক অনিষ্ট কৰিবলৈ চেষ্টা নকৰিব, আনৰ বস্তুৰ ওপৰত লুভ কৰা, মোহ কৰা, ক্ৰামনা কৰা, খং কৰা, দম্ভ কৰা, অংহকাৰ কৰা সময় থাকোতেই বন্ধ কৰক।
তেতিয়াহে আপোনাৰ আত্মাই চিৰ শান্তি লাভ কৰিব। 

আহক সকলো মানৱ জাতি সময় থাকোতেই নিজৰ ভূল সমূহ দুৰ কৰো। সকলোৰে প্ৰতি সমান সন্মান, সমান শ্ৰদ্ধা , ভক্তি কৰো।। 

সেৱাৰে
মাধৱ গগৈ 
প্ৰতিষ্ঠাপক
মা আৰু প্ৰকৃতি
 
NORTHEAST NEWS INDIA

Tuesday, 25 April 2023

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*

*বিশ্ব মেলেৰিয়া দিৱস উদযাপন*


আজি ২৫ এপ্ৰিল, ২০২৩ সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো বিশ্ব মেলেৰিয়া দিৱস উদযাপন কৰা হয় । এই দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা এখন সজাগতা ৰেলী আৰম্ভ কৰা হয় ।
 ৰেলীখন মুকলি কৰে গোলাঘাটৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডঃ ৰঞ্জিত ভূঞা দেৱে । তেখেতে  ৰেলী মুকলি কৰাৰ আৰম্ভণিতে নিজৰ বক্তব্যত এই দিৱসৰ তাৎপৰ্য আৰু ৰোগটোৰ বিষয়ে মন্তব্য দাঙি ধৰি কয় যে ৰাইজৰ মাজত সজাগতাবৃদ্ধিৰ দ্বাৰা এই ৰোগৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। স্বাস্থ্য বিভাগে কৰি থকা সজাগতা মূলক কাৰ্যসূচীত ৰাইজৰ সহযোগিতা অতিকৈ মহত্বপূৰ্ণ । ৰাইজে বিভিন্ন সজাগতাৰ বাৰ্তা সমূহ মানি চলিলে মেলেৰিয়া বা অন্যান্য বাহক জনিত ৰোগৰ পৰা বাচি থাকিব পাৰিব।

আজিৰ সজাগতা ৰেলিখনত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ  উপ অধীক্ষক ডঃ বিপুল দাস, জিলা মেলেৰিয়া বিষয়া নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ট বিঞ্জি ৰহমান, এন এইচ এমৰ বিষয়া, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ ছাত্ৰীসকল, আশাকৰ্মী আৰু বিভাগৰ কৰ্মচাৰী সকল আদিয়ে অংশগ্ৰহণ কৰে।

বিশ্ব মেলেৰিয়া দিৱসৰ উপলক্ষে গোলাঘাট জিলাৰ গোটেই কেইটা স্বাস্থ্য খণ্ডত আজিৰ দিনটোত প্ৰতিটো স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ অঞ্চলবোৰত বিভিন্ন কাৰ্যসূচী যেনে সজাগতা সভা, সজাগতা মূলক প্ৰচাৰ পত্ৰিকা বিতৰণ, আঠুৱা ঔষধিকৰণ, মাইকিং, মহৰ বংশবৃদ্ধিৰ উৎস চিনাক্তকৰণ আৰু চাফাই অভিযান ইত্যাদি কাৰ্যসূচী পালন কৰা হয় । 

NORTHEAST NEWS INDIA

Friday, 21 April 2023

*বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী*

*বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী*

২১ এপ্রিল,২০২৩ঃ বৰদৈচিলা যুৱ সংঘৰ উদ্যোগত আৰু পোটনী পানী গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত ৰঙালী বিহুৰ উপলক্ষে দিনজোৰা কাৰ্যসূচী মাজতে কালক্ৰমত হেৰাই যাব ধৰা অসমীয়া কলা কৃষ্টি সংস্কৃতিৰ উদ্ধাৰ শীৰ্ষক আলোচনাচক্ৰত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰে ড° কেশৱ বৰাই। 
ভাষণত ড° কেশৱ বৰাই অসমীয়া জাতি উদ্ধাৰৰ হকে সাবলীল ভাৱে ভাষণ দিয়ে। অসমীয়া জাতি কেতিয়াও কোনো কাৰণত দুখীয়া জাতি হ'ব নোৱাৰে। বিহুৰ অসমীয়া জাতিৰ সমাহাৰ সমন্বয় প্ৰতীক। বিহুৰ অতীত পৰম্পৰা আৰু হেৰাই যাব ধৰা লোক কলা কৃষ্টি সংস্কৃতিৰে চহকী জাতিটোৰ উদ্ধাৰৰ হকে নৱ প্ৰজন্মৰ সকলক হাতে হাত ধৰি সমন্বয় বাটেৰে আগুৱাই লৈ যাব লাগিব। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ থকা কৃষি সৈতে নিবিড় সম্পৰ্ক বিহুৰ ঐতিহ্য ধৰি ৰাখিব পাৰিলেহে বিহু পতাৰ সাৰ্থক হ'ব।

NORTHEAST NEWS INDIA

Friday, 14 April 2023

সমগ্র বিশ্বৰ মানৱ জাতিলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা

।।জয় মা আৰু প্ৰকৃতি।। 

সমগ্র বিশ্বৰ মানৱ জাতিলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা শ্ৰদ্ধা ভক্তি ও সেৱা জনাইছো। 

মানৱ জাতিৰ জীৱনৰ এটি অংগ বহাগ বিহু। মা আৰু প্ৰকৃতিয়ে এই সময় চোৱাত ন ৰূপেৰে এটি নতুন দিগন্তৰ সূচনা আনে। প্ৰকৃতিয়ে ন ৰূপেৰে ঠন ধৰি উঠে। 
সেই বিশ্বৰ মানৱ জাতি আহক আমি মানৱ জাতিয়েও এই সুভখনত আমি  লুভ, মোহ, কাম, ক্ৰোধ, দম্ভ, অংহকাৰ, সকলো ত্যাগ কৰো। যি দৰে মা আৰু প্ৰকৃতিয়েও সুষ্ঠভাবে ঠন ধৰি উঠে সকলো বেয়া বিষবাষ্প নাইকিয়া কৰি। 
আহঁক আমি সকলোৱে এক মানৱবন্ধনেৰে এখন সুস্থ সবল সমাজ গঠন কৰি মা আৰু প্ৰকৃতি ৰ চৰনত সেৱা লওঁ। 

বিশ্বৰ সমগ্র মানৱ জাতিলৈ আহ্বান জনাইছো আহক সকলোৱে সকলো অঞ্চলতে, সকলোকে লগত লৈ এখন সুস্থ সবল মা আৰু প্ৰকৃতিৰ সমাজ গঠন কৰিবলৈ যোগাযোগ কৰক।

সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।। 
Email - mother.and.nature2021@gmail.com

Thursday, 13 April 2023

সেই বিশ্বৰ মানৱ জাতি, টকাৰে সকলো নহয়। টকা মাথো এটা বিনিময়। এখন সুস্থ পৃথিবীৰ, এখন সুস্থ সমাজতকৈ টকা ডাঙৰ বস্তু নহয়। সদায় মনত ৰাখিব লাগিব আমি মানৱ জাতিয়ে।

সেই বিশ্বৰ মানৱ জাতি, টকাৰে সকলো নহয়। টকা মাথো এটা বিনিময়। এখন সুস্থ পৃথিবীৰ, এখন সুস্থ সমাজতকৈ টকা ডাঙৰ বস্তু নহয়। সদায় মনত ৰাখিব লাগিব আমি মানৱ জাতিয়ে।

Wednesday, 12 April 2023

*প্ৰত্যেক ভি এইহ এছ এন চি সভাত বনৰীয়া কাঠফুলা সেৱনৰ পৰা আঁতৰি থাকিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত*

*প্ৰত্যেক ভি এইহ এছ এন চি সভাত বনৰীয়া কাঠফুলা সেৱনৰ পৰা আঁতৰি থাকিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত*

*বনৰীয়া কাঠফুলা নেখাবলৈ ৰাইজক আহ্বান*

  গোলাঘাট ১২ এপ্রিল,২০২৩ঃ গোলাঘাট জিলাৰ স্বাস্থ্য বিভাগে বুধবাৰৰ দিনটোত গাওঁ স্বাস্থ্য অনাময় আৰু পৰিপুষ্টি দিৱসৰ ( V H S N C - Village Health Sanitation and Nutrition Committee) দিনটোত প্ৰত্যেক VSNC সভাত বনৰীয়া কাঠফুলা সেৱন নকৰিবলৈ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰে।

স্বাস্থ্য কৰ্মী সকলে বনৰীয়া কাঠফুলা খোৱাৰ ফলত বিষক্ৰিয়া হৈ মৃত্যু মুখত পৰিব লগা হব পাৰে বুলি ৰাইজক সচেতন কৰে। হাবি - বননিত পোৱা কাঠফুলা খাদ্যৰ বাবে স্বাস্থ্যকৰ হয় নে নহয় চিনাক্ত কৰা টো জটিল। সেইবাবে এনে কাঠফুলা খাই বিষক্ৰিয়া হোৱাটো নিশ্চিত। 

আজি বিশেষ VHSNC হিচাপে পালন কৰি সমূহ চিকিৎসা কৰ্মী, তৃণমূল পৰ্যায়ৰ স্বাস্থ্যকৰ্মিয়ে গৰ্ভৱতী মহিলা আৰু শিশু সকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী, মাতৃ আৰু শিশু স্বাস্থ্যজনিত দিশ সমূহৰ উপৰত সজাগতাৰ লগতে বিশেষভাবে বনৰীয়া কাঠফুলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰা হয়। VHSNC সভাত চিকিৎসক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ আঁচনি পৰিচালন গোটৰ বিষয়া - কৰ্মচাৰী আদিও উপস্থিত থাকে।

বনৰীয়া কাঠফুলা সেৱনৰ ভয়াবহতাৰ উপৰত ৰাইজৰ সজাগতা উদ্দেশ্য ইতিমধ্যে স্বাস্থ্য কৰ্মী সকলে IDSP ( Integrated Disease Surveillance Programme) গোটৰ বিষয়া সকলৰ লগত গাওঁ সভা আৰু স্বাস্থ্য শিবিৰ সমূহত সজাগতা সভা অনুষ্ঠিত কৰি সজাগতা প্ৰচাৰপত্ৰ (leaflet) বিতৰণ কৰিছে। 

NORTHEAST NEWS INDIA

Saturday, 8 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*


  গোলাঘাট ০৮ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে বোকাখাট স্থিত  শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে। তেখেতৰ লগত বাহ্যিক মূল্যায়নকাৰী হিচাপে বোকাখাটৰ মহকুমাধিপতি ড: নেহা যাদবো উপস্থিত থাকে ।


 মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত এজন মেডিচিন স্পেচিয়েলিষ্ট, হ্ৰদ ৰোগ বিশেষজ্ঞ, শল্যচিকিৎসক, এনাছথেচিষ্টৰ অতি প্ৰয়োজন বুলি মন্তব্য কৰে।

বোকাখাট মহকুমাটো যিহেতু অতিকৈ ব্যস্ততাপূৰ্ণ এটি অঞ্চল যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সমাগম দেখা পোৱা যায় আৰু লগতে বহু কাৰ্যসূচী ৰূপায়ন হৈ থাকে তেনে এটা অঞ্চলত উচ্চ মানদণ্ডৰ স্বাস্থ্য সেৱাৰ বহু প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে ড: নেহা যাদৱৰ লগত পুৰুষ ৱাৰ্ড, মহিলা ৱাৰ্ড, আই চি ইউ, প্ৰাক প্ৰসব কক্ষ, প্ৰসবোত্তৰ কক্ষ আদি পৰিদৰ্শন কৰে আৰু বোকাখাটৰ পৰা ৰেফাৰৰ সংখ্যা কমিছে বুলি উল্লেখ কৰে।

মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত পানী যোগানৰ ব্যবস্থাৰ বুজ লয় আৰু প্ৰসাৱগাৰ - সৌচাগৰ সমূহ পৰিষ্কাৰ - পৰিচ্চন ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। 

মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে যে চিকিৎসালয় খনৰ আন্তঃ গাঠনি আৰু পৰিস্কাৰ পৰিবেশ প্ৰশংসাৰ পাত্ৰ যদিও জলনিকাশৰ সামান্য সমস্যা সমূহৰ শীঘ্ৰে সমাধান কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলি উল্লেখ কৰে।

ড: যাদৱে ৰোগী আৰু আত্মীয় সকলৰ লগত বাৰ্তালাপৰ দ্বাৰা চিকিৎসালয় খনৰ স্বাস্থ্য সেৱাৰ প্ৰতি তেখেতসকলে সন্তোষ প্ৰকত কৰা বুলি জনায়। লগতে তেওঁ কয় যে উৰ্দ্ধতৰ কৃতিপক্ষক চিকিৎসা বিষয়াৰ প্ৰয়োজনতাৰ বিষয়ে অৱগত কৰা হব। 

জৰুৰীকালিন চিকিৎসা ব্যৱস্থাক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ লোৱাৰ দৰকাৰ আছে বুলি মহকুমাধিপতিয়ে মন্তব্য কৰে।

বাহ্যিক মূল্যায়নৰ প্ৰক্ৰিয়াত চিকিৎসালয়ৰ অধীক্ষক ড: বদিলাল দেউৰী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড: অজয় কাকতি,  এণ এইহ এমৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ মনদ্বীপ ৰঞ্জন খাওন্ডকে আদি কৰি এন এইহ এম ৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া, স্বাস্থ্যকৰ্মী তথা অন্য কৰ্মচাৰী উপস্থিত থাকে।

NORTHEAST NEWS INDIA

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱ*

প্ৰেছ বিজ্ঞতি: ৮/০৪/২০২৩

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱ*


৮ এপ্ৰিল, ২০২৩ তাৰিখে স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱে চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে।

 মাননীয় বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত ৰোগী সকলৰ লগত বাৰ্তালাপ কৰি স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰতি প্ৰতিক্ৰিয়াৰ মূল্যায়ন কৰাৰ লগতে ড্ৰেছিং ৰূম, ঔষধালয়,ঔষধ বিতৰণ ব্যবস্থা, প্ৰসব কক্ষ, পৰীক্ষাগাৰ, বিভিন্ন ধৰণৰ পৰীক্ষাৰ উপলব্ধতা, প্ৰতিষেধক প্ৰদান কক্ষ, প্ৰতিষেধক প্ৰদানৰ মান আদিৰ বুজ লয়।

মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ ৰাজবংশী,  এণ এইহ এমৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া আৰু স্বাস্থ্যকৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈ তেখেতে স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনিয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, জি এন এম সকলৰ বাবে এটি কোঠা আৰু আন্তঃ গাঠনিৰ উন্নতিকৰণৰ দিশ সমূহক অধিক প্ৰাধান্য দিয়াৰ বাবে তেখেতৰ মূল্যায়নত চিনহৃত কৰি গুণগত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ পৰামৰ্শ প্ৰদান কৰে।  

NORTHEAST NEWS INDIA

*গোলাঘাটত মেগা বিহুৰ চুড়ান্ত আখৰা**৫ দিন নিজকে সুস্থ ৰাখি আত্মবিশ্বাসেৰে বিহুনাচত অংশ ল'বলৈ আহ্বান বিত্ত মন্ত্ৰী অজন্তা নেওগৰ**প্ৰত্যেক ৫০ গৰাকী নাচনীৰ বিপৰীতে একোজন চৰকাৰী বিষয়াক দায়িত্ব*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৮/২০২৩

*গোলাঘাটত মেগা বিহুৰ চুড়ান্ত আখৰা*

*৫ দিন নিজকে সুস্থ ৰাখি আত্মবিশ্বাসেৰে বিহুনাচত অংশ ল'বলৈ আহ্বান বিত্ত মন্ত্ৰী অজন্তা নেওগৰ*

*প্ৰত্যেক ৫০ গৰাকী নাচনীৰ বিপৰীতে একোজন চৰকাৰী বিষয়াক দায়িত্ব*

গোলাঘাট, ৮ এপ্ৰিল : দহ হাজাৰৰো অধিক বিহুৱা-নাচনীৰে অসমৰ বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব পৰাকৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহুনাচৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া গোলাঘাট জিলাৰ এহেজাৰ বিহুৱা-নাচনীৰ আজি জিলা পৰ্যায়ৰ চুড়ান্ত আখৰা গোলাঘাট জেনেৰেল ফিল্ডত সম্পন্ন হয় । আজিৰ আখৰাত বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে জিলাখনৰ বিহুৱা বিহুৱা-নাচনী, প্ৰশিক্ষক আৰু অভিভাৱকসকলৰ লগতে জিলা প্ৰশাসনক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে লাচিত বৰফুকনৰ  ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা লিখা প্ৰতিযোগিতাত অসমৰ ৪২ লাখ লোকে অংশগ্ৰহণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সমৰ্থ হৈছিল । এইবাৰ পুনৰ ভাৰতৰ  প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ হাজাৰ বিহুৱা-নাচনীয়ে বিহুনাচত অংশ লৈ অভিলেখ গঢ়িব পৰাটো সৌভাগ্যৰ কথা । প্ৰতিকুল বতৰত যাতে কোনো নাচনী-বিহুৱা শাৰীৰিকভাৱে অসুস্থ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । এই ৫ টা দিনত বহু নতুন অভিজ্ঞতা হ'ব বুলি উল্লেখ কৰি তেওঁ সকলোকে প্ৰয়োজনীয় সামগ্ৰী লগত নিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই সময়চোৱাত নিজকে সুস্থ ৰখাটো জৰুৰী । তেওঁ বিহুৱা-নাচনী সকলক আত্মবিশ্বাসেৰে এই কাৰ্যসূচীত ভাগ লৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায় ।  

অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বিহু আমাৰ তেজত আছে বুলি উল্লেখ কৰি কয় যে অহা ১৪ তাৰিখলৈকে নিজকে সুস্থ কৰি ৰখাটো এটা প্ৰত্যাহ্বান । মুখ্যমন্ত্ৰীৰ বলিষ্ঠ চিন্তাৰ বাবে আমাৰ বাবে অহা এই সুযোগ গ্ৰহণ কৰি সকলোকে এইকেইটা দিনত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে চকু দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে গোটেই জীৱন সাধনাৰ অন্তত কিছু লোকে নিজৰ নাম গীণিজ বুকত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । কিন্তু সৌভাগ্যৰ বিষয় যে অহা ১৪ তাৰিখে প্ৰতিগৰাকী বিহুৱা-নাচনী এই অভিলেখৰ অংশীদাৰ হ'ব । তেওঁ পুনৰ কয় যে প্ৰত্যেক ৫০ গৰাকী নাচনীৰ বিপৰীতে একোজন চৰকাৰী বিষয়াক দায়িত্ব দিয়া হ'ব, গুৱাহাটীত থাকোঁতে যদি কিবা অসুবিধা হয়, চৰকাৰী বিষয়াগৰাকীক জনাব লাগিব । নিয়মানুৱৰ্তিতা পালন কৰি সকলোকে এই নজিৰবিহীন অভিজ্ঞতাৰ বাবে সাজু হ'বলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া, চক্ৰ বিষয়াসকল, প্ৰশিক্ষক আৰু অভিভাৱক তথা ৰাইজ উপস্থিত আছিল । 

উল্লেখযোগ্য যে বিহুৱা-নাচনীসকল জিলা পৰ্যায়ৰ পাঁচদিনীয়া অনুশীলনৰ আজি অন্ত পৰাৰ পিছত অহা ১০ এপ্ৰিলত গুৱাহাটীলৈ ৰাওনা হ'ব । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ এহেজাৰ শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলত বিহুৰ মুল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব ৷

*জনসংযোগ, গোলাঘাট*
 NORTHEAST NEWS INDIA

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বাহ্যিক মূল্যায়নকাৰী শ্ৰী কৈলাশ কাৰ্তিক এনৰ*

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন বাহ্যিক মূল্যায়নকাৰী শ্ৰী কৈলাশ কাৰ্তিক এনৰ*


 গোলাঘাট ০৮ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত শ্ৰী কৈলাশ কাৰ্তিক এণ, আই এ এছ, সচিব, জনস্বাস্থ্য কাৰিকৰী বিভাগ, মিশ্যন ডাইৰেক্টৰ, স্বচ্ছ ভাৰত অভিযান ( গ্ৰামীণ), মিশ্যন ডাইৰেক্টৰ ( ভাৰপ্ৰাপ্ত), জল জীৱন মিশ্যন, পৰিচালক, নীৰ নিৰ্মল পৰিযোজনায়ে কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি আন্তঃগাথনি, মানৱ সম্পদৰ উপলব্ধতা, বহি: বিভাগ, ঔষধ ভাণ্ডাৰ, ঔষধৰ উপলব্ধতা, প্ৰসৱৰ বাবে উপলব্ধ সুবিধা সমূহ আদিৰ বুজ লয়।

স্বাস্থ্য সেৱা উৎসৱৰ স্মৃতি হিচাপে আজিৰ বাহ্যিক মূল্যায়নৰ দিনটোত কমাৰবন্ধা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত শ্ৰী কৈলাশ কাৰ্তিক এনে এজোপা গছপুলি ৰোপনেৰে স্বাস্থ্য কেন্দ্ৰলৈ প্ৰবেশ কৰে।


তেখেতে স্বাস্থ্যকৰ্মী, আশা আৰু  আশা ছুপাৰভাইজৰ সকলৰ লগত আলোচনাত সন্মিলিত হৈ গৰ্ভৱতী মহিলা, প্ৰসূতি মহিলা আৰু শিশু সকলে পোৱা সুবিধা সমূহৰ বুজ লয়। এনিমীয়াত ভোগা মহিলাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৱে ব্লাড ট্ৰান্ছফ্যুজনৰ ব্যৱস্থাৰে এনিমিয়া ৰোধ কৰাৰ ব্যবস্থা লৈছে। চাহ বাগিছাৰ অঞ্চলত পুষ্টিহীনতাত ভোগা লোকৰ সংখ্যা টো অধিক। পুষ্টিহীনতাত ভুগি থকা গৰ্ভৱতি মহিলা সকলে জটিল গৰ্ভাৱস্থাত ভোগে যিয়ে মাতৃ মৃত্যু হাৰ বৃদ্ধি কৰাত যোগদান দিয়ে। পুষ্টিহীনতাত ভোগা গৰ্ভৱতী মহিলা এগৰাকীয়ে এটি ৰুগীয়া বা পুষ্টিহীন সন্তান জন্ম দিয়ে।

উল্লেখ্য যে কমাৰবন্ধা আলি খণ্ড টো গোলাঘাট জিলাৰ সবাতোকৈ বৃহৎ স্বাস্থ্য খণ্ড আৰু ইয়াৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটোত বহি: বিভাগত ৰোগীৰ ভাৰ টো বেছি। কমাৰবন্ধা আলি স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ২৬ খন চাহ বাগান আছে।

বাহ্যিক মূল্যায়নৰ দিশ সমূহ  বিচাৰ কৰাৰ ক্ষেত্ৰত শ্ৰী কৈলাশ কাৰ্তিক এনে চিকিৎসালয়খনৰ চাফ - চিকুনতা, নলা - নৰ্দমাৰ ব্যবস্থা, ৰোগীৰ চিকিৎসা সেৱাৰ প্ৰতি প্ৰতিক্ৰিয়া আদিৰ বুজ লয়। তেখেতে প্রসব কক্ষ,পৰীক্ষাগাৰ, প্ৰতিষেধক কক্ষ আৰু স্বাস্থ্য কেন্দ্ৰৰ পৰিসীমা পৰিদৰ্শন কৰাৰ লগতে বৰ্জ্য ব্যৱস্থাপনাৰ বুজ লয়। তেখেতে বিশুদ্ধ খোৱা পানীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি স্বাস্থ্য কৰ্মী সকলক ৰাইজৰ মাজত ইয়াৰ সজাগতা বৃদ্ধিৰ বাবে কাৰ্যসূচী হাতত লোৱাৰ আহ্বান কৰে। তেখেতে উল্লেখ কৰে যে বিশুদ্ধ খোৱা পানীৰ জৰিয়তে ডাইৰীয়া ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব।

স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা ৬, এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত অসমৰ ১২৫২ চৰকাৰী চিকিৎসালয় সমূহৰ মূল্যায়ন কৰা হব।

গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱৰ অন্তৰ্গত মুঠ ৫০ খন চিকিৎসালয়ৰ ভিতৰত প্ৰথম দিনটোত ১৯ খন, দ্বিতীয় দিনা ১১ খন আৰু তৃতীয় দিনটোত ১৩ খন চিকিৎসালয়ত বাহ্যিক মান নিৰ্ধাৰন ( external assessment) সম্পূৰ্ণ হৈছে। 

স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন, আন্তঃগাথঁনিৰ মানদণ্ডৰ বিকাশ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে।

NORTHEAST NEWS INDIA

Friday, 7 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী ৰূপত মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়া*

*স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনা শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী ৰূপত মাননীয়া মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়া*

 গোলাঘাট ০৭ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ দ্বিতীয় দিনটোত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰিলে অসম চৰকাৰৰ বিত্তীয় বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ মহোদয়ায়ে।

বাহ্যিক মূল্যায়নৰ দিশ সমূহ evaluation ৰ ক্ষেত্ৰত মন্ত্ৰী মহোদয়ায়ে চিকিৎসালয়খনৰ চাফ - চিকুনতা, ড্ৰেয়নেজ, বহি: ৰোগ বিভাগ, ঔষধৰ উপলব্ধতা, ৰোগীৰ চিকিৎসা সেৱাৰ প্ৰতি প্ৰতিক্ৰিয়া আদিৰ বুজ লয়।

মাননীয়া মন্ত্ৰী মহোদয়ায়ে চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগত বৈঠকত স্বাস্থ্য সেৱা উৎসৱৰ উদেশ্য টো চলাই ৰখাৰ নিৰ্দেশনা প্ৰদান কৰে।

স্বাস্থ্য সেৱা উৎসৱৰ দ্বাৰা ৬, এপ্ৰিল, ২০২৩ তাৰিখৰ পৰা ৮ এপ্ৰিল, ২০২৩ পৰ্যন্ত ১২৫২ চৰকাৰী চিকিৎসালয় সমূহৰ মূল্যায়ন কৰা হব।


গোলাঘাট জিলাত স্বাস্থ্য সেৱা উৎসৱৰ অন্তৰ্গত মুঠ ৫০ খন চিকিৎসালয়ৰ ভিতৰত দ্বিতীয় দিনা ১৮ খন চিকিৎসালয়ত বাহ্যিক মান নিৰ্ধাৰন কৰা হয়।


স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে চৰকাৰী চিকিৎসালয় সমূহৰ সামগ্ৰিক উন্নতিকৰন, আন্তঃগাথঁনিৰ মানদণ্ডৰ বিকাশ আৰু গুণগত স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ উদ্দেশ্য আগত ৰাখি চিকিৎসালয় সমূহৰ মূল্যায়নৰ ব্যবস্থা হাতত লোৱা হৈছে।

NORTHEAST NEWS INDIA

*কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন*

*কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন*

গোলাঘাট ০৭ এপ্রিল,২০২৩ঃ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে আজি গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হাইস্কুল খেলপথাৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয় আৰু অসম চৰকাৰৰ বন বিভাগে আয়োজন কৰা গজ উৎসৱ - ২০২৩ উদ্বোধন কৰে । অনুষ্ঠানত অসমৰ মাননীয় ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই প্ৰজেক্ট এলিফেণ্টৰ অধীনত তিনিখন গ্ৰন্থ আৰু পুস্তিকা উন্মোচন কৰি ৰাষ্ট্ৰপতিগৰাকীৰ হাতত ইয়াৰ প্ৰথম কপি প্ৰদান কৰে । অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিৱেশ আৰু বন মন্ত্ৰী ভূপেন্দৰ যাদৱ, পৰিৱেশ আৰু বন বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অশ্বিনী কুমাৰ চৌবে, কৃষি মন্ত্ৰী অতুল বৰা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ মুখ্য সচিব পবন বৰঠাকুৰ, বন সঞ্চালক প্ৰধান আৰু কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু মন্ত্ৰালয়ৰ বিশেষ সচিব চি পি গোৱেল, সাংসদ, বিধায়ক আৰু বন বিভাগ আৰু প্ৰশাসনৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া তথা ভালেসংখ্যক লোক উপস্থিত আছিল । উল্লেখযোগ্য যে হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে ভাৰত চৰকাৰে ১৯৯১-৯২ চনত প্ৰজেক্ট এলিফেণ্ট আৰম্ভ কৰিছিল।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...