প্ৰেছ বিজ্ঞতি: ৮/০৪/২০২৩
*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱ*
৮ এপ্ৰিল, ২০২৩ তাৰিখে স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত খুমটাই বিধান সভা সমষ্টিৰ মাননীয় বিধায়াক শ্ৰী মৃণাল শইকীয়া দেৱে চাৰিঙীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে।
মাননীয় বিধায়ক গৰাকীয়ে স্বাস্থ্য কেন্দ্ৰত উপস্থিত ৰোগী সকলৰ লগত বাৰ্তালাপ কৰি স্বাস্থ্য কেন্দ্ৰটোৰ স্বাস্থ্য সেৱা প্ৰদানৰ প্ৰতি প্ৰতিক্ৰিয়াৰ মূল্যায়ন কৰাৰ লগতে ড্ৰেছিং ৰূম, ঔষধালয়,ঔষধ বিতৰণ ব্যবস্থা, প্ৰসব কক্ষ, পৰীক্ষাগাৰ, বিভিন্ন ধৰণৰ পৰীক্ষাৰ উপলব্ধতা, প্ৰতিষেধক প্ৰদান কক্ষ, প্ৰতিষেধক প্ৰদানৰ মান আদিৰ বুজ লয়।
মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাক্তৰ দিলীপ ৰাজবংশী, এণ এইহ এমৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া আৰু স্বাস্থ্যকৰ্মী সকলৰ লগত আলোচনাত মিলিত হৈ তেখেতে স্বাস্থ্য কেন্দ্ৰত প্ৰয়োজনিয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী, জি এন এম সকলৰ বাবে এটি কোঠা আৰু আন্তঃ গাঠনিৰ উন্নতিকৰণৰ দিশ সমূহক অধিক প্ৰাধান্য দিয়াৰ বাবে তেখেতৰ মূল্যায়নত চিনহৃত কৰি গুণগত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ পৰামৰ্শ প্ৰদান কৰে।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India