জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৮/২০২৩
*গোলাঘাটত মেগা বিহুৰ চুড়ান্ত আখৰা*
*৫ দিন নিজকে সুস্থ ৰাখি আত্মবিশ্বাসেৰে বিহুনাচত অংশ ল'বলৈ আহ্বান বিত্ত মন্ত্ৰী অজন্তা নেওগৰ*
গোলাঘাট, ৮ এপ্ৰিল : দহ হাজাৰৰো অধিক বিহুৱা-নাচনীৰে অসমৰ বিহু নৃত্যই গীনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িব পৰাকৈ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিহুনাচৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া গোলাঘাট জিলাৰ এহেজাৰ বিহুৱা-নাচনীৰ আজি জিলা পৰ্যায়ৰ চুড়ান্ত আখৰা গোলাঘাট জেনেৰেল ফিল্ডত সম্পন্ন হয় । আজিৰ আখৰাত বিত্ত, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে জিলাখনৰ বিহুৱা বিহুৱা-নাচনী, প্ৰশিক্ষক আৰু অভিভাৱকসকলৰ লগতে জিলা প্ৰশাসনক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তী উপলক্ষে অনুষ্ঠিত ৰচনা লিখা প্ৰতিযোগিতাত অসমৰ ৪২ লাখ লোকে অংশগ্ৰহণ কৰি গীণিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িবলৈ সমৰ্থ হৈছিল । এইবাৰ পুনৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সন্মুখত ১০ হাজাৰ বিহুৱা-নাচনীয়ে বিহুনাচত অংশ লৈ অভিলেখ গঢ়িব পৰাটো সৌভাগ্যৰ কথা । প্ৰতিকুল বতৰত যাতে কোনো নাচনী-বিহুৱা শাৰীৰিকভাৱে অসুস্থ নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায় । এই ৫ টা দিনত বহু নতুন অভিজ্ঞতা হ'ব বুলি উল্লেখ কৰি তেওঁ সকলোকে প্ৰয়োজনীয় সামগ্ৰী লগত নিবলৈ আহ্বান জনায় । তেওঁ কয় যে এই সময়চোৱাত নিজকে সুস্থ ৰখাটো জৰুৰী । তেওঁ বিহুৱা-নাচনী সকলক আত্মবিশ্বাসেৰে এই কাৰ্যসূচীত ভাগ লৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ আহ্বান জনায় ।
অনুষ্ঠানত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বিহু আমাৰ তেজত আছে বুলি উল্লেখ কৰি কয় যে অহা ১৪ তাৰিখলৈকে নিজকে সুস্থ কৰি ৰখাটো এটা প্ৰত্যাহ্বান । মুখ্যমন্ত্ৰীৰ বলিষ্ঠ চিন্তাৰ বাবে আমাৰ বাবে অহা এই সুযোগ গ্ৰহণ কৰি সকলোকে এইকেইটা দিনত নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে চকু দিবলৈ তেওঁ আহ্বান জনায় । তেওঁ কয় যে গোটেই জীৱন সাধনাৰ অন্তত কিছু লোকে নিজৰ নাম গীণিজ বুকত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । কিন্তু সৌভাগ্যৰ বিষয় যে অহা ১৪ তাৰিখে প্ৰতিগৰাকী বিহুৱা-নাচনী এই অভিলেখৰ অংশীদাৰ হ'ব । তেওঁ পুনৰ কয় যে প্ৰত্যেক ৫০ গৰাকী নাচনীৰ বিপৰীতে একোজন চৰকাৰী বিষয়াক দায়িত্ব দিয়া হ'ব, গুৱাহাটীত থাকোঁতে যদি কিবা অসুবিধা হয়, চৰকাৰী বিষয়াগৰাকীক জনাব লাগিব । নিয়মানুৱৰ্তিতা পালন কৰি সকলোকে এই নজিৰবিহীন অভিজ্ঞতাৰ বাবে সাজু হ'বলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমনি বৰবৰা, অতিৰিক্ত উপায়ুক্ত ডঃ সংগীতা বৰঠাকুৰ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, চৰকাৰী বিষয়া, চক্ৰ বিষয়াসকল, প্ৰশিক্ষক আৰু অভিভাৱক তথা ৰাইজ উপস্থিত আছিল ।
উল্লেখযোগ্য যে বিহুৱা-নাচনীসকল জিলা পৰ্যায়ৰ পাঁচদিনীয়া অনুশীলনৰ আজি অন্ত পৰাৰ পিছত অহা ১০ এপ্ৰিলত গুৱাহাটীলৈ ৰাওনা হ'ব । জিলাখনৰ পাঁচটা বিধানসভা সমষ্টিৰ মুঠ এহেজাৰ শিল্পীয়ে সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিলত বিহুৰ মুল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব ৷
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India