Saturday, 8 April 2023

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*

*স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনা বোকাখাট মহকুমা অসামৰিক চিকিৎসালয়ত বাহ্যিক মূল্যায়নকাৰী হিচাপে উপস্থিত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱ*


  গোলাঘাট ০৮ এপ্রিল,২০২৩ঃ স্বাস্থ্য সেৱা উৎসৱৰ তৃতীয় দিনটোত অসম চৰকাৰৰ মাননীয় কৃষি মন্ত্ৰী শ্ৰীযুত অতুল বৰা দেৱে বোকাখাট স্থিত  শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় বাহ্যিক মূল্যায়নকাৰী হিচাপে পৰিদৰ্শন কৰে। তেখেতৰ লগত বাহ্যিক মূল্যায়নকাৰী হিচাপে বোকাখাটৰ মহকুমাধিপতি ড: নেহা যাদবো উপস্থিত থাকে ।


 মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত এজন মেডিচিন স্পেচিয়েলিষ্ট, হ্ৰদ ৰোগ বিশেষজ্ঞ, শল্যচিকিৎসক, এনাছথেচিষ্টৰ অতি প্ৰয়োজন বুলি মন্তব্য কৰে।

বোকাখাট মহকুমাটো যিহেতু অতিকৈ ব্যস্ততাপূৰ্ণ এটি অঞ্চল যত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ সমাগম দেখা পোৱা যায় আৰু লগতে বহু কাৰ্যসূচী ৰূপায়ন হৈ থাকে তেনে এটা অঞ্চলত উচ্চ মানদণ্ডৰ স্বাস্থ্য সেৱাৰ বহু প্ৰয়োজন আছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে।

মন্ত্ৰী গৰাকীয়ে ড: নেহা যাদৱৰ লগত পুৰুষ ৱাৰ্ড, মহিলা ৱাৰ্ড, আই চি ইউ, প্ৰাক প্ৰসব কক্ষ, প্ৰসবোত্তৰ কক্ষ আদি পৰিদৰ্শন কৰে আৰু বোকাখাটৰ পৰা ৰেফাৰৰ সংখ্যা কমিছে বুলি উল্লেখ কৰে।

মাননীয় মন্ত্ৰী গৰাকীয়ে চিকিৎসালয় খনত পানী যোগানৰ ব্যবস্থাৰ বুজ লয় আৰু প্ৰসাৱগাৰ - সৌচাগৰ সমূহ পৰিষ্কাৰ - পৰিচ্চন ৰখাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে। 

মহকুমাধিপতি গৰাকীয়ে উল্লেখ কৰে যে চিকিৎসালয় খনৰ আন্তঃ গাঠনি আৰু পৰিস্কাৰ পৰিবেশ প্ৰশংসাৰ পাত্ৰ যদিও জলনিকাশৰ সামান্য সমস্যা সমূহৰ শীঘ্ৰে সমাধান কৰাৰ বাবে পদক্ষেপ লোৱা হব বুলি উল্লেখ কৰে।

ড: যাদৱে ৰোগী আৰু আত্মীয় সকলৰ লগত বাৰ্তালাপৰ দ্বাৰা চিকিৎসালয় খনৰ স্বাস্থ্য সেৱাৰ প্ৰতি তেখেতসকলে সন্তোষ প্ৰকত কৰা বুলি জনায়। লগতে তেওঁ কয় যে উৰ্দ্ধতৰ কৃতিপক্ষক চিকিৎসা বিষয়াৰ প্ৰয়োজনতাৰ বিষয়ে অৱগত কৰা হব। 

জৰুৰীকালিন চিকিৎসা ব্যৱস্থাক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ লোৱাৰ দৰকাৰ আছে বুলি মহকুমাধিপতিয়ে মন্তব্য কৰে।

বাহ্যিক মূল্যায়নৰ প্ৰক্ৰিয়াত চিকিৎসালয়ৰ অধীক্ষক ড: বদিলাল দেউৰী, মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ড: অজয় কাকতি,  এণ এইহ এমৰ ব্লক প্ৰগ্ৰাম মেনেজাৰ মনদ্বীপ ৰঞ্জন খাওন্ডকে আদি কৰি এন এইহ এম ৰ খণ্ড স্বাস্থ্য গোটৰ সমূহ বিষয়া, স্বাস্থ্যকৰ্মী তথা অন্য কৰ্মচাৰী উপস্থিত থাকে।

NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...