জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯৭/২০২৩
*গোলাঘাটত জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন*
*হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই অথবা আৰোহী হিচাপে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰিব কোনো শিক্ষাৰ্থী*
গোলাঘাট, ২৯ মাৰ্চ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ল'বলগীয়া সজাগতামূলক ব্যৱস্থা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় । সভাত জিলা পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জীয়ে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী আৰু যোৱা কেইটামান বছৰত গোলাঘাট জিলাত সংঘটিত পথ দুৰ্ঘটনাৰ এটা তুলনামুলক ব্যাখ্যা পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাবে বৰ্ণনা কৰে । তেওঁ জানিবলৈ দিয়ে যে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত ২৯ টা পথ দুৰ্ঘটনাত ২৩ জন লোকৰ মৃত্যু হৈছে । বিগত বৰ্ষত এই একে সময়চোৱাত ৩৬ টা দুৰ্ঘটনাত ২২ জন লোকৰ মৃত্যু হৈছিল । আনহাতে ২০২১ চনত ২১৯ টা পথ দুৰ্ঘটনাত ১১৭জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২২ চনত ২০৯ টা পথ দুৰ্ঘটনাত ১২২জন লোকৰ প্ৰাণহানি হয় । বৈঠকত উপায়ুক্তগৰাকীয়ে পথ দুৰ্ঘটনাৰ হাৰ হ্ৰাস পাইছে যদিও দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে । তেওঁ পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে সপ্তাহত দুই/তিনিবাৰ ব্যাপক অভিযান চলাবলৈ আৰক্ষী আৰু জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে । লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি নিৰ্ধাৰিত মাত্ৰাতকৈ উচ্চ গতিত গাড়ী চলোৱা চালকৰ বিৰুদ্ধে জৰিমনা বিহিবলৈয়ো নিৰ্দেশ দিয়ে । নিৰ্ধাৰিত মাত্ৰাতকৈ অধিক গতিত বাহন চলালে লঘু বাহনৰ ক্ষেত্ৰত দুহেজাৰ টকা আৰু গধুৰ যানবাহনৰ ক্ষেত্ৰত চাৰি হাজাৰ টকা জৰিমনা বিহা হ'ব বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত চাইনবোৰ্ড লগাবলৈও তেওঁ নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে পথ সুৰক্ষা সন্দৰ্ভত ব্যাপক সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ কোনো শিক্ষাৰ্থীয়ে যাতে হেলমেট পৰিধান নকৰাকৈ দুচকীয়া বাহন চলাই অথবা আৰোহী হিচাপে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাক নিৰ্দেশ দিয়ে । সভাত অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকা আৰু গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ প্ৰতিনিধি তথা বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক নুৰুল চুলতানেও পথ দুৰ্ঘটনা ৰোধ কৰা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় ।
সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক, ৰাষ্ট্ৰীয় ঘাইপথ, লোকনিৰ্মাণ (পথ), দুৰ্যোগ ব্যৱস্থাপনা, আবকাৰী, আৰক্ষী, যানবাহন আৰক্ষী, জনসংযোগ আৰু কেইবাটাও বিভাগৰ বিষয়াসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
*NORTHEAST NEWS INDIA*