Tuesday, 14 March 2023

*অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা : গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯৪/২০২৩

*অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা : গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা*

গোলাঘাট, ১৪ মাৰ্চ : ৰাজ্যখনত অহা ২৬ মাৰ্চত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হোৱা ভীৰ নিয়ন্ত্ৰণ কৰি শান্তি শৃংখলা ৰক্ষাৰ হেতু গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ২৬ মাৰ্চৰ দিনা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে তিনিজন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্ত্ৰ, বাৰুদ অথবা কোনো সন্দেহজনক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যানবাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰা অথবা অকৰ্তৃত্বশীল বাহনৰ অবৈধ পাৰ্কিং আদি নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পিকাৰ/ উচ্চ শব্দ সৃষ্টিকাৰি সামগ্ৰী, বাদ্য আদি বজাব নোৱাৰিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখযোগ্য যে গোলাঘাটৰ ডি আৰ কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষাৰ কেন্দ্ৰ থাকিব । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...