Sunday, 26 March 2023

*অভিলেখ সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীঃ গোলাঘাট জিলাত ২৭ মাৰ্চৰ পৰা প্ৰশিক্ষণ শিবিৰ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং -৩৯৪/২০২৩

*অভিলেখ সৃষ্টিৰ লক্ষ্যৰে গুৱাহাটীৰ সৰুসজাইত ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীৰ বিহু প্ৰদৰ্শনীঃ গোলাঘাট জিলাত ২৭ মাৰ্চৰ পৰা প্ৰশিক্ষণ শিবিৰ*

গোলাঘাট, ২৬ মাৰ্চ : দহ হাজাৰৰো অধিক ঢুলীয়া-নাচনীৰে অসমৰ বিহু নৃত্যই বিশ্ব অভিলেখ গঢ়ি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিব পৰাকৈ একেটা স্থানতে বিহুনাচ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গোলাঘাট জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি গোলাঘাট জিলাত ইতিমধ্যে বাছনি তথা পঞ্জীয়ন হোৱা এহেজাৰ শিল্পীৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত ২৭ মাৰ্চৰ পৰা জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিত প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে । প্ৰশিক্ষণৰ বাবে কাইলৈ পুৱা ৯.৩০ বজাত সংশ্লিষ্ট প্ৰশিক্ষণ কেন্দ্ৰত উপস্থিত হ'বলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । সেই অনুসৰি গোলাঘাট সমষ্টিৰ বাবে গোলাঘাট নগৰত থকা জেনেৰেল ফিল্ড অৰ্থাৎ সমন্বয় ক্ষেত্ৰ, বোকাখাত সমষ্টিৰ বাবে বোকাখাত জেনেৰেল ফিল্ড, দেৰগাঁও সমষ্টিৰ বাবে দেৰগাঁৱৰ স্মৃতি পথাৰ, সৰুপথাৰ সমষ্টিৰ বাবে সৰুপথাৰ জেনেৰেল ফিল্ড আৰু খুমটাই সমষ্টিৰ বাবে বগৰীজুৰিত থকা স্পৰ্টছ ক্লাব প্লে'গ্ৰাউণ্ডত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হ'ব । আটাইকেইটা শিবিৰ পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ'ব । প্ৰশিক্ষণৰ অন্তত তেওঁলোকে গুৱাহাটীত পাঁচদিনীয়া অনুশীলনৰ অন্তত সৰুসজাই ষ্টেডিয়ামত ১৪ এপ্ৰিল, ২০২৩ তাৰিখে বিহুৰ মুল প্ৰদৰ্শনত অংশগ্ৰহণ কৰিব পাৰিব ৷

*জনসংযোগ, গোলাঘাট*
*NORTHEAST NEWS INDIA*

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...