Saturday, 3 December 2022

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস-২০২২ উদযাপন*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং-৩৫৯/২০২২

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস-২০২২ উদযাপন*

গোলাঘাট, ৩ ডিচেম্বৰ : গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস -২০২২ উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত স্বাস্থ্য বিভাগ, সংহত শিশু উন্নয়ন আঁচনিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, পোষণ অভিযান আৰু ডি এইচ ই ডব্লিউৰ কৰ্মচাৰীসকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকল উপস্থিত আছিল । সভাত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে দিব্যাংগ লোকসকলৰ বাবে থকা বিভিন্ন আঁচনি আৰু তেওঁলোকৰ অধিকাৰসমূহৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত উজনি অসম প্ৰতিবন্ধী পৰিষদৰ সভাপতি বিশ্ববিজয় বৰাই বিশেষভাৱে সক্ষম লোকসকলে সন্মুখীন হোৱা সমস্যাসমূ্হৰ বিষয়ে বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ স্বাস্থ্য বিভাগৰ জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে ইউ ডি আই ডি কাৰ্ড আৰু দিব্যাংগ পেঞ্চন সম্পৰ্কীয় বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দিব্যাংগ লোকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

धरती को पाप मय कर दिया

दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...