Monday, 11 October 2021

*গোলাঘাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজহুৱা স্থানত মাস্ক বিতৰণ*

জনসংযোগ, গোলাঘাট   প্ৰেছ বিজ্ঞপ্তি নং : ১৭৯

*গোলাঘাটত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত ৰাজহুৱা স্থানত মাস্ক বিতৰণ*

গোলাঘাট, ১২ অক্টোবৰ : গোলাঘাট নগৰ আৰু জিলাখনৰ বিভিন্ন ঠাইত মাস্ক পৰিধান কৰাৰ লগতে ক'ভিডৰ স্বাস্থ্যবিধিসমূহৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে যোৱা ৮ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত আৰু প্ৰয়াস ডেভেলপমেণ্ট ছ'চাইটি নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত এক বিশেষ অভিযান চলায় । প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া, স্বেচ্ছাসেৱী আৰু প্ৰয়াস এন জি অ'ৰ প্ৰতিনিধিসকলৰ উপস্থিতিত জিলা উপায়ুক্ত তথা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী মৃগেশ নাৰায়ণ বৰুৱাই ৰাইজৰ মাজত নিজে মাস্ক বিতৰণ কৰি এই অভিযানৰ শুভাৰম্ভ কৰে । উপায়ুক্তগৰাকীয়ে শাৰদীয় দুৰ্গা পূজাত সকলোকে মাস্ক পৰিধান কৰাৰ লগতে ক'ভিডৰ স্বাস্থ্যবিধিসমূহ মানি চলিবলৈ আহ্বান জনায় । এই অভিযানৰ অধীনত গোলাঘাট পৌৰ এলেকাৰ লগতে বিভিন্ন ঠাইত জনসাধাৰণৰ মাজত মাস্ক বিতৰণ কৰি সজাগ কৰাৰ প্ৰয়াস চলোৱা হয় । গোলাঘাটৰ উপৰি বৰপথাৰ, বোকাখাত আৰু দেৰগাঁও নগৰ এলেকাত স্বেচ্ছাসেৱীসকলে মাস্ক বিতৰণ কৰে । এই অভিযানত জিলা জনসংযোগ বিভাগে সহযোগিতা আগবঢ়ায় । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...