অসমৰ বিখ্যাত গৰমপানী উঁহটো আছে কাৰ্বিআংলং জিলাত
৷ গোলাঘাট জিলাৰ সীমাতে লাগিথকা কাৰ্বি আংলংৰ নামবৰ বণ্যপ্ৰাণী অভয়াৰণ্যৰ মধ্যম স্হলত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই আছে গৰমপানী উঁহটো ৷ এই উঁহটো চাবৰ বাবে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক সকল আহি প্ৰকৃতিৰ নান্দনিক ৰূপ পান কৰেহি ৷ দেওপানী দুৰ্গামন্দিৰলৈ অহা ভক্তইও আদবাটতে এই গৰমপাৰী উহটো চাই আপ্লুত হৈ পৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা দেশী বিদেশী পয্যটকে এপাক মাৰেহি এই উঁহটোত ৷ উহটোলৈ যোৱা পথত ধনশিৰি নদীৰ ওপৰত বৃটিছে সজা লোহাৰ দলংখন এতিয়াও নিকপকপীয়া হৈ আছে ৷ পয্যটকৰ আক্ৰষণৰ বাবে কাৰ্বি প্ৰশাসনে ইয়াত নদীৰ ওপৰত এখন ওলোমা দলং ; শিশু উদ্যান আৰু এটা তিনিখলপীয়া ঘৰ নিৰ্মাণ কৰি দিছে ৷ নামবৰ হাবিৰ লগতে লাগিথকাৰ বাবে বণ্যহস্তীৰ দলে মাজেমাজে এই উহটোলৈ পানীখাবলৈ আহি ক্ষতিসাধনকৰে ৷বহুৱছৰৰ আগতে এদল বিজ্ঞানীয়ে উহঁটোৰ ওপৰত অধ্যয়ন চলাই ইয়াৰ ভূগৰ্ভত হিলিয়াম গেছকে ধৰি কেইবাবিধো পদাৰ্থ থকাবুলি মত পোষণ কৰিছিল ৷ উহটোলৈ যাবৰ বাবে কাৰ্বিআংলং বনবিভাগে টিকটৰো ব্যৱস্থা কৰিছে ৷ লকডাউনৰ সময়ত উহঁটো পয্যটকৰ দৰ্শনৰ বাবে বন্ধ আছিল যদিও এতিয়া মানুহৰ ভীৰ দেখা গৈছে ৷ :::
Prakash Sarmah NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India