05 Jun, 2021
গোলাঘাটৰ খুমটাইৰ ৩ নং ভোলাগুৰিৰ শংকৰ বিলত অত্যাধুনিক পদ্ধতিৰে মৎস্য পালনৰ এক সোন্দৰ পদক্ষেপ।
শংকৰ বিলত CAGE CULTURE ৰ পদ্ধতিৰে মীন বিপ্লৱৰ সূচনা কৰিছে ১০ জনকৈ শিক্ষিত নিবনুৱা যুৱকে। পৰমানন্দৰ দাসৰ নেতৃত্বত শিক্ষিত নিবনুৱা যুৱকৰ দলে প্ৰায় ১৯ লাখ টকা ব্যয়ৰে ১ বছৰ পূৰ্বৰে পৰা আৰম্ভ কৰিছিল এই প্ৰকল্পৰ কাম। বিলখনত CAGE CULTURE জৰিয়তে প্ৰায় ১৪ ৰ পৰা ২০ বৰ্গ ফোটৰ একো একোটা সৰ্জা তৈয়াৰ কৰি প্ৰায় ২৫ শ'কৈ মাছৰ পোনা জিয়াই মাছ পালনৰ ব্যৱস্থা কৰিছে। যুৱ শক্তি নিৰ্মান আত্মসহায়ক গোট আৰু গোলাঘাট AQUA CULTURE DEVELOPMENT গোটৰ জৰিয়তে জলাশয়ত মাছ পালন কৰি স্বাৱলম্ভিতাৰ নিদৰ্শন দাঙী ধৰিছে। এইক্ষেত্ৰত যুবক কেইজনক সহায় কৰিছে গোলাঘাট জিলাৰ মীন বিভাগে। এই CAGE CULTURE কিনো এই সন্দৰ্ভত পৰমানন্দৰ দাসৰ মুখেৰেই সোনক।
গোলাঘাটৰ পৰা কেমেৰাপাৰচনৰ সৈতে সঞ্জীৱ কুমাৰ প্ৰজাপতি ৰিৰ্পত নৰ্থইষ্ট নিউজ ইণ্ডিয়া।
No comments:
Post a Comment
Welcome Northeast News India