05 Jun, 2021
বৰপেটা জিলাৰ সকলো দোকান-ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ কোভিড পৰীক্ষা বাধ্যতামূলক।
পদ-পথৰ পোহাৰীয়েও কৰিব লাগিব ৰেপিড টেষ্ট।
৫ জুন, বৰপেটা : ৰাজ্যৰ অন্যান্য অংশৰ লগতে বৰপেটা জিলাতো ক্ৰমান্বয়ে কোভিড সংক্ৰমণ যথেষ্ট হ্ৰাস পাইছে যদিও প্ৰশাসনে অলপো শিথিলতা অৱলম্বন কৰিব বিচৰা নাই। বৰঞ্চ কৰোনাৰ পৰীক্ষা অধিক ব্যাপকতৰ আৰু ফলপ্ৰসূ কৰি তোলাৰ স্বাৰ্থত কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি জিলা খনৰ সকলো প্ৰান্তৰ দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানত নিয়োজিত কৰ্মচাৰী বা গৰাকীৰ উপৰি পদ-পথৰ পোহাৰী সকলৰ বাবেও কোভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে কালি জাৰী কৰা এক নিৰ্দেশত এই কথা প্ৰকাশ কৰি কোৱা হয় যে কোভিড পৰীক্ষা নকৰা ব্যৱসায়ী সকলৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ ৰদ কৰাৰ উপৰি দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে পূৰ্বে জিলা খনৰ পৌৰ সভাৰ অধীনৰ অঞ্চল সমূহত এই ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছিল যদিও এতিয়া গোটেই জিলা খনতে ব্যৱসায়ী আৰু তেওঁলোকৰ কৰ্মচাৰীয়েও কোভিড পৰীক্ষা কৰাটো বাধ্যতামূলক কৰা হৈছে। তাৰ বাবে বৰপেটা, হাউলী, বৰপেটা ৰোড, সৰভোগ আৰু সৰ্থেবাৰী পৌৰসভা অঞ্চলত দুটাকৈ ভ্ৰাম্যমাণ স্বাস্থ্য কৰ্মীৰ দলক দৈনিক নিয়োজিত কৰিবলৈ আৰু জনিয়া, কলগাছিয়া, মন্দিয়া, কয়াকুছি, বহৰি, পালহাজী, ভেল্লা, নগাঁও, ভৱানীপুৰ আৰু গেৰিমাৰীত একোটাকৈ স্বাস্থ্য কৰ্মীৰ দল নিয়োগ কৰিবলৈ জিলা উপায়ুক্তই যুটীয়া স্বাস্থ্য সঞ্চালকক নিৰ্দেশ দিছে। ইয়াৰ উপৰি বৰপেটা জিলালৈ অহা প্ৰতিখন ট্ৰাকৰ চালক-হেণ্ডিমেন সকলৰো প্ৰৱেশ পথতে কোভিডৰ ৰেট পৰীক্ষা কৰাৰ বাবে জিলা উপায়ুক্তই নিৰ্দেশ দিছে। তাৰবাবে ভোলুকাডোবা, মাজদিয়া,লাংলা আদিত স্থায়ী স্বাস্থ্য কৰ্মীৰ দল নিয়োজিত কৰা হ'ব। অৱশ্যে বৰপেটাৰ মাজেৰে অন্য জিলালৈ যাবলগীয়া ট্ৰাকৰ চালকৰ পৰীক্ষা ইয়াত কৰা নহ'ব বুলি জনসংযোগ বিষয়া গৰাকীয়ে স্পষ্ট কৰি দিয়ে। ইফালে বৰপেটা জিলাৰ পৰা অলপতে তিনি গৰাকী অতিৰিক্ত উপায়ুক্ত বদলি হৈ যোৱাত কৰোনা প্ৰতিৰোধৰ বাবে তেওঁলোকক আৰোপ কৰা দায়িত্ব সমূহ নতুনকৈ আবন্টন কৰা হৈছে। সেই অনুসৰি নতুনকৈ যোগদান কৰা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাসক (ফোন নং ৭০০২৩২৬৩৫৫) অক্সিজেনৰ উপলদ্ধতা নিশ্চিত কৰাৰ বাবে নোডেল বিষয়া হিচাপে নিয়োজিত কৰা হৈছে। একেদৰে ৰোগ পৰীক্ষা বা স্কিনিঙৰ নোডেল বিষয়াৰ দায়িত্ব অৰ্পন কৰা হৈছে নতুনকৈ যোগদান কৰা অতিৰিক্ত উপায়ুক্ত লখিমী দত্তৰ( ফোন নং ৯৪৩৫৩১০৩৮২) ওপৰত। কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগী সকলৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবেও আন দণ্ডাধীশ সকলৰ লগতে তেওঁলোক দুজনকো দায়িত্ব দিয়া হৈছে। উল্লেখযোগ্য যে সপ্তাহৰ প্ৰতিটো দিনাই নিশা ন বজাৰ পৰা পুৱা ছয় বজালৈ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু বৰপেটা অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰাৰ বাবে একোজনকৈ দণ্ডাধীশক জিলা উপায়ুক্তই দায়িত্ব অৰ্পন কৰিছিল। শেহতীয়া বিষয়া বদলিৰ পৰিপ্ৰেক্ষিতত কালি এক নতুন নিৰ্দেশনা জাৰী কৰি লাচিত দাসক বৰপেটা মেডিকেল কলেজৰ নৈশ নিৰীক্ষণৰ দায়িত্ব সোম আৰু মঙ্গলবাৰে আৰু অসামৰিক চিকিৎসালয়ত বুধবাৰে ন্যস্ত কৰা হৈছে। একেদৰে লখিমী দত্তক বুধবাৰে ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতাল আৰু শুক্ৰবাৰে বৰপেটা অসামৰিক চিকিৎসালয়ৰত নৈশ নিৰীক্ষণৰ দায়িত্ব অৰ্পন কৰা হৈছে। চক্ৰ বিষয়া সকলক নিজ নিজ অঞ্চলত স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰৰ নিৰীক্ষণৰ দায়িত্ব অৰ্পন কৰা হৈছে। তদুপৰি তেওঁলোকক কোভিড বিধি তথা সান্ধ্য আইনৰ সঠিক কাৰ্যকৰী কৰণৰ দিশটোৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
No comments:
Post a Comment
Welcome Northeast News India