14 November, 2020
গোলাঘাট জিলাৰ বীৰাঙ্গনা সতী সাধনী কলাক্ষেত্ৰত শনিবাৰে পুৱা মুখ্য মন্ত্ৰীৰ গ্ৰাম্য অঞ্চলত সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ,, শুভাৰম্ভ কৰে কৃষি মন্ত্ৰী অতুল বৰাই। অনুষ্ঠান ত গ্ৰাম্যাঞ্চলৰ সুচল যাতায়ত আৰু স্বাৱলম্বনৰ এক নতুন দিশ ৰ আৰম্ভণি কৰি ১৩৫ খন গাড়ী মুকলি কৰাৰ লগতে। ৬ খন গাড়ী হিতাধিকাৰীক বিতৰণ কৰে। জিলা পৰিবহন বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানৰ
সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে এই আচঁনিৰ সহায়ত অসম ৰ গ্ৰাম্য অঞ্চলৰ বহু লোক আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ উপৰিও যাতায়তৰ সু-ব্যৱস্থাৰ সুবিধা লাভ কৰিব পাৰিব। উক্ত সভাত উপস্থিত থাকে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, ,, বিনোদ গোৱালা পৰিবহন বিষয়া মনোজ চৌধুৰী ; এমভি আই পৰাগ শইকীয়া ৰ লগতে বহু কেইজন গন্য মান্য ব্যক্তি। প্ৰকাশ শৰ্মা গোলাঘাট
No comments:
Post a Comment
Welcome Northeast News India