Wednesday, 29 July 2020
29 July, 2020 বানাক্ৰান্ত অঞ্চলত পশুধনে সন্মুখীন হোৱা খাদ্য, ৰোগ, আশ্ৰয়স্থলৰ নাটনি ,পশুধনৰ চোৰাং সৰবৰাহ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ, আদিবোৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ এই সমস্যাসমূহ সমাধানৰ বাবে, নতুনকৈ গঠিত পশু কল্যাণ ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত বিশেষ আলোচনাত যোৱা কালি মাননীয় কৃষি মন্ত্রী অতুল বৰা মিলিত হয় ৷ বৈঠকত পশুধনৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ ৰোধ আদিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াক কাৰ্যতঃ ৰূপায়ণৰ প্ৰসংগত আলোচনা কৰে ৷ চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰা গৰু আৰু অন্য পশুধনসমূহ প্ৰতিপালন আৰু বানত আক্ৰান্ত অঞ্চলসমূহৰ ঘৰচীয়া পশুধনৰ সুৰক্ষাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ বৈঠকত আছিল পৰিৱেশ, বন বিভাগৰ সচিবপ্ৰধান শ্ৰী অবিনাশ যোশী, আইন-শৃংখলাৰ আই জি পি দীপক কুমাৰ কেডিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰী, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডঃ বিবেকা শইকীয়াকে ধৰি বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়া৷
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...




No comments:
Post a Comment
Welcome Northeast News India