Saturday, 6 June 2020
6 Jun, 2020 গোলাঘাটৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস পালন । ৫ জুন দিনটো সমগ্ৰ বিশ্বই বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰে ৷অসমৰ লগতে গোলাঘাট জিলা খনৰো বিভিন্ন ঠাইত যোৱা কালি বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ জিলা বন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইৰ লগতে জিলা কাৰাগাৰতো বীক্ষৰোপন কৰা হয় আৰু বিভাগটোৱে গছপুলি বিতৰণ কৰে। এই কায্যসূচীত বন বিষয়া ভাস্কৰ ডেকা, জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীৰ লগতে জেল কতৃপক্ষ বন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ অসম যুৱ পৰিষদয়েও তৰফাট আহোমগাঁৱৰ ৰাঙলীআইদেউ ময়দামকে ধৰি কেইবা ঠাইতো বীক্ষৰোপন কৰে ৷এই দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ সতী সাধনী উদ্যান খনৰ তদাৰকৰ দায়িত্ব লোৱা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামীয়ে ৰাইজৰ সহযোগত ধনশিৰি নদীৰ পাৰৰ সতী সাধনী উদ্যানত বীক্ষ ৰোপণ কৰে ৷ আনহাতে গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগতো কায্যালয়ৰ চৌহদত বীক্ষৰোপন কৰাৰ লগতে কৃষকৰ মাজত গছপুলি বিতৰণ কৰে ৷ গোলাঘাট ধনশিৰিপাৰ স্কাউট গাইডৰ প্ৰশিক্ষক পাৰ্থজ্যোতি বৰাৰ উদ্যোগত ও ঠায়ে ঠায়ে বীক্ষ ৰোপন কৰা হয় ৷ ঃ প্ৰকাশ শৰ্মা ৰিপট গোলাঘাট
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...
No comments:
Post a Comment
Welcome Northeast News India