Saturday, 6 June 2020
6 Jun, 2020 গোলাঘাটৰ বিভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস পালন । ৫ জুন দিনটো সমগ্ৰ বিশ্বই বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰে ৷অসমৰ লগতে গোলাঘাট জিলা খনৰো বিভিন্ন ঠাইত যোৱা কালি বিশ্ব পৰিবেশ দিৱস পালন কৰে ৷ জিলা বন বিভাগৰ উদ্যোগত জিলাখনৰ বিভিন্ন ঠাইৰ লগতে জিলা কাৰাগাৰতো বীক্ষৰোপন কৰা হয় আৰু বিভাগটোৱে গছপুলি বিতৰণ কৰে। এই কায্যসূচীত বন বিষয়া ভাস্কৰ ডেকা, জিলা পৰিবহন বিষয়া মনোজ কুমাৰ চৌধুৰীৰ লগতে জেল কতৃপক্ষ বন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ অসম যুৱ পৰিষদয়েও তৰফাট আহোমগাঁৱৰ ৰাঙলীআইদেউ ময়দামকে ধৰি কেইবা ঠাইতো বীক্ষৰোপন কৰে ৷এই দিৱসৰ সৈতে সংগতি ৰাখি গোলাঘাটৰ সতী সাধনী উদ্যান খনৰ তদাৰকৰ দায়িত্ব লোৱা সমাজকৰ্মী জয়ন্ত কুমাৰ গোস্বামীয়ে ৰাইজৰ সহযোগত ধনশিৰি নদীৰ পাৰৰ সতী সাধনী উদ্যানত বীক্ষ ৰোপণ কৰে ৷ আনহাতে গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগতো কায্যালয়ৰ চৌহদত বীক্ষৰোপন কৰাৰ লগতে কৃষকৰ মাজত গছপুলি বিতৰণ কৰে ৷ গোলাঘাট ধনশিৰিপাৰ স্কাউট গাইডৰ প্ৰশিক্ষক পাৰ্থজ্যোতি বৰাৰ উদ্যোগত ও ঠায়ে ঠায়ে বীক্ষ ৰোপন কৰা হয় ৷ ঃ প্ৰকাশ শৰ্মা ৰিপট গোলাঘাট
Subscribe to:
Post Comments (Atom)
বিশ্বৰ মানৱ জাতিলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন।।
।। জয় মা আৰু প্ৰকৃতি ।। কাতি বিহুৰ শুভ ক্ষণত বিশ্বৰ মানৱ জাতিলৈ আন্তৰিক শুভেচ্ছা শুভ কামনা জ্ঞাপন জনাইছোঁ। এই শুভ ক্ষণৰ পৰাই মানৱ জাতিৰ সূ ...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...
No comments:
Post a Comment
Welcome Northeast News India