Saturday, 6 June 2020
6 Jun, 2020 ৰাজহুৱা উদ্যানৰ পুখুৰীৰ মাছৰ খকঁ মৰা গোলাঘাট পৌৰ কৰ্মচাৰীয়ে চাফাই গালে কেমেৰাৰ সন্মুখত ৷ দুনীতিৰ অন্য এক ঘাটি বুলি জনাজাত গোলাঘাট পৌৰসভা কৰ্মীয়ে শংকৰদেৱ উদ্যানৰ পুখুৰীত মাছ মাৰি ভাগবটোৱা কৰা ঘটনাই নতুন মোৰ লৈছে ৷ এই পুখুৰীটোত যোৱা ৩১ মে’ৰ দিনা একাংশ পৌৰ কৰ্মীয়ে মই মতালিৰে উদ্যান খনৰ গেটত তলামাৰি বাহিৰৰ মানুহ প্ৰৱেশ নিষিদ্ধ কৰি জাল মাৰি কেইবা কুইণ্টল মাছ মাৰি ভাগবটোৱা কৰাৰ বাতৰি ছচিয়েল মেডিয়াত ভাইৰে বাতৰিটো গুৰুত্ব সহকাৰে প্ৰচাৰ হ’ল ৷ মাছ খকুৱাৰ এই দুস্কায্য ঢ়াকিবলৈ শুক্ৰবাৰে পৌৰসভাৰ কেইজনমান কৰ্মচাৰীয়ে এক সংবাদমেলৰ আয়োজন কৰি দায়সৰা মন্তব্যৰে উক্ত দিনা উদ্যানখনত এনে দুস্কায্য ৰোধ কৰিবলৈ যোৱা কেইজনমান বিজেপিৰ নেতাকহে দোষাৰোপ কৰিবখুজি বিষয়টো বিতৰ্কৰ মাজলৈ নিয়াৰ চেষ্টা চলালে ৷ কিন্ত শুক্ৰবাৰে গোলাঘাট জিলা বিজেপিৰ মণ্ডল সমিতিয়ে বিষয়টো তদন্তৰ বাবে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰিলে ৷ ---এই কায্যসূচীৰ বিষয়ে বিজেপিৰ নগৰ মণ্ডলৰ সভাপতি বিজয় পাণ্দে আৰু বিজেপিৰ নেতা মিণ্টু বৰাই এনেদৰে মন্তব্য প্ৰকাশ কৰি কয়যে ইয়াৰ মাছ পৌৰকৰ্মচাৰীক ধৰিবলৈ কোনে অনুমতি দিলে ; উদ্যানৰ গই পুখুৰীত ৰাইজে মেলা কাছ বোৰ কত গল ?আৰু পূৰ্বতে গজন লোকে ইয়াত মেলিদিয়া বগা ৰাজহাহঁ ৰ জাক নোহোৱা হোৱাৰ ৰহস্য কি নে মাছৰ দৰে ধুনীয়া হাহঁৰ জাকটো কোনোৱে উদৰ পুৰাই খালে ? এই সকলো কথাৰে তদন্ত হব লাগে কিয়নো এইটো এটা ৰাজহুবা পুখুৰী -------- প্ৰকাশ শৰ্মা গোলাঘাট ৫ জুন ২০২০
Subscribe to:
Post Comments (Atom)
মানৱ জাতিৰ ধ্বংস সমাগত
মানৱ জাতিৰ ভৱিষ্যৎক লৈ মাধৱ গগৈৰ সতৰ্কবাণী বিশেষ সংবাদ মাধৱ গগৈ এ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা আৰু মানৱ সমাজৰ ভৱিষ্যৎক লৈ গভীৰ উদ্বেগ প্ৰকাশ ক...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
।।জয় গুৰু মা প্ৰকৃতি।। বিশ্বৰ সকলো মানৱ জাতিলৈ আহ্বান। যুদ্ধই একো সমস্যা সমাধান নহয়। দুয়ো পক্ষৰ অকল ক্ষতি হোৱাৰ বাহিৰে একো লা...
No comments:
Post a Comment
Welcome Northeast News India