Monday, 17 July 2023

*গোলাঘাটৰ বিশাল মেগা মাৰ্টত প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

*গোলাঘাটৰ বিশাল মেগা মাৰ্টত প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা*

গোলাঘাট ১৭ জুলাই, ২০২৩ঃ গোলাঘাটৰ বিশাল মেগা মাৰ্টত বিক্ৰীৰ ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী/পানীয় আদি বিক্ৰী হৈ থকা বুলি লাভ কৰা অভিযোগৰ ভিত্তিত গোলাঘাটৰ খাদ্য সুৰক্ষা বিষয়াই আৰক্ষীৰ সহযোগত যোৱা ১৪ জুলাইত ব্যৱসায় প্ৰতিষ্ঠানটো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দুবিধ সামগ্ৰীৰ বিক্ৰীৰ ম্যাদ ওকলা বুলি সামগ্ৰী দুবিধৰ ওপৰত লগাই থোৱা লেবেলত ধৰা পৰে। দুয়োবিধ সামগ্ৰী লেবৰেটৰী পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰীয়ে মানুহৰ স্বাস্থ্য আৰু জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। অতিৰিক্ত জিলা দণ্ডাধীশ চৈয়দ ৱাছবিৰ ছুভানিয়ে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত জাৰি কৰা নিষেধাজ্ঞা অনুসৰি বিশাল মেগা মাৰ্টত বিক্ৰীৰ বাবে প্ৰদৰ্শন কৰি ৰখা আৰু মজুত কৰি ৰখা যিকোনো খাদ্য/পানীয় যেনে বিস্কুট, আচাৰ, চকলেট, ফলৰ ৰস, চাউল, দাইল আৰু আন সকলো পেকেজড খাদ্য সামগ্ৰীৰ ম্যাদৰ পৰীক্ষা সম্পন্ন নোহোৱালৈকে আৰু এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই অনুপালন প্ৰতিবেদন (Compliance Report) দাখিল নকৰালৈকে এনে সামগ্ৰীৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে।

NORTHEAST NEWS INDIA

Saturday, 15 July 2023

*গোলাঘাট জিলাত বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা*

*গোলাঘাট জিলাত বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনৰ ব্যাপক তৎপৰতা*

গোলাঘাট, ১৫ জুলাই ২০২৩ : গোলাঘাট জিলাৰ ৩টা ৰাজহ চক্ৰৰ ৩৪ খন গাঁৱৰ ১৯ হাজাৰৰো অধিক লোক সাম্প্ৰতিক বানৰ কবলত পৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বোকাখাত ৰাজহ চক্ৰৰ ২৩ খন গাওঁ, দেৰগাঁও ৰাজহ চক্ৰৰ ৭ খন গাওঁ আৰু খুমটাই ৰাজহ চক্ৰৰ ৪ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। সাম্প্ৰতিক বানত জিলাখনৰ ১৩২ হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ছশৰো অধিক পশুধন বানৰ কবলত পৰিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শংকৰদেৱ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা এটা আশ্ৰয় শিবিৰত শতাধিক লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। 

গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট বিভাগসমূহে যুদ্ধকালীন ক্ষীপ্রতাৰে বান ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য সামগ্ৰী যোগান, পানী, অনাময় ব্যৱস্থা, স্বাস্থ্য শিবিৰ আদিৰ ব্যৱস্থা কৰাত তৎপৰ হৈ পৰিছে। জিলাখনৰ অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মনে আজি দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। তেওঁ ৰাজহ চক্ৰটোৰ অধীনৰ চিকাৰীঘাট মিলনপুৰৰ শংকৰদেৱ বহুমুখী মধ্য ইংৰাজী বিদ্যালয়ত স্থাপন কৰা আশ্ৰয় শিবিৰত উপস্থিত হৈ তাত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে। অতিৰিক্ত উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰটোত থকা বান ক্ষতিগ্ৰস্ত  লোকসকলক সাহায্য সামগ্ৰী প্ৰদান কৰাৰ লগতে তেওঁলোকৰ বাবে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, প্ৰয়োজন অনুসৰি প্ৰাথমিক চিকিৎসা, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি দিশসমূহৰ বুজ লয়। তেওঁ বান ক্ষতিগ্ৰস্ত লেমচাপৰি, নতুন চাপৰি আৰু চিৰিশটিকা আদি অঞ্চলো পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়। তেওঁৰ সৈতে দেৰগাঁও ৰাজহ চক্ৰ বিষয়া চিৰঞ্জীত দাসো উপস্থিত আছিল। আনহাতে, বোকাখাত ৰাজহ চক্ৰৰ অধীনৰ নিকৰি, শিলজুৰি, কাকজুৰি, ধনশিৰি হাঁহচৰা, বামুনগাঁও, বেজগাঁও আদিকে ধৰি ১৭ টা স্থানত স্থাপন কৰা সাহায্য কেন্দ্ৰত আজি জিলা প্ৰশাসনৰ বিষয়াসকলৰ উপস্থিতিত ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য সামগ্ৰী যোগান ধৰা হয়। জিলা প্ৰশাসনৰ ফালৰ পৰা বান ক্ষতিগ্ৰস্ত এলেকাসমূহত চাউল, দাইল, নিমখ, মিঠাতেল, পশুখাদ্য, মম, মষ্কুইট' কয়ল, ছেনিটেৰী নেপকিন আদি বিতৰণ কৰা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ আৰু প্রাধিকৰণৰ ক্ষেত্ৰ বিষয়াসকলেও আজি বান ক্ষতিগ্রস্ত বিভিন্ন ঠাই পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। 

ইফালে, গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত বোকাখাত মহকুমাৰ বিভিন্ন ঠাইত জিলাখনৰ স্বাস্থ্য বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটে সেৱা অব্যাহত ৰাখিছে। আজি বোকাখাত মহকুমাৰ বোকাখাত খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ যোগনীয়া অঞ্চলত ভ্ৰাম্যমাণ চিকিৎসা সাহায্য শিবিৰ অনুষ্ঠিত কৰা হয়। ভ্ৰাম্যমাণ চিকিৎসা গোটৰ লগতে উপ-স্বাস্থ্য কেন্দ্ৰৰ দলে অসুস্থ লোকসকলৰ চিকিৎসা অব্যাহত ৰাখিছে। লগতে দুগৰাকী গৰ্ভৱতী মহিলাক অস্থায়ী আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰা হৈছে। পশুপালন আৰু পশুচিকিৎসা বিভাগেও জিলাখনৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পশুধনৰ চিকিৎসাৰ বাবে ঠায়ে ঠায়ে শিবিৰ অনুষ্ঠিত কৰিছে। আনহাতে, জনস্বাস্থ্য কাৰিকৰী বিভাগে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বিশুদ্ধ খোৱাপানী যোগান আৰু আশ্ৰয় শিবিৰত অনাময় ব্যৱস্থাৰ বাবে ব্যাপক তৎপৰতাৰে কাম অব্যাহত ৰাখিছে। দেৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ বান ক্ষতিগ্ৰস্ত ধোদাং ভেকেলী অঞ্চলত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আজি পানী পৰিশোধনৰ বাবে ব্লিছিং আৰু অন্য ৰাসায়নিক সামগ্ৰী বিতৰণ কৰাৰ লগতে টিউবৱেল স্থাপন কৰি পানীৰ ব্যৱস্থা কৰা হৈছে। 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে গীত-নৃত্য-কবিতা আবৃত্তিৰ চাৰিখন বিনামূলীয়া কৰ্মশালাৰ শুভাৰম্ভ*

জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত ছাত্ৰ-ছাত্ৰীৰ বাবে গীত-নৃত্য-কবিতা আবৃত্তিৰ চাৰিখন বিনামূলীয়া কৰ্মশালাৰ শুভাৰম্ভ*

গোলাঘাট, ১৫ জুলাই ২০২৩: অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত গোলাঘাট জিলাতো চাৰিওটা বিধানসভা সমষ্টিত ১০ দিনীয়াকৈ বিনামূলীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। আজি গোলাঘাট সমষ্টিত এখন, বোকাখাত সমষ্টিত দুখন আৰু খুমটাই সমষ্টিত এখন কৰ্মশালা আৰম্ভ হৈছে। গোলাঘাটৰ কলেজ তিনিআলিৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম এডুকেশ্যন চেন্টাৰত শিশুৰ ওমলা চৰাৰ উদ্যোগত আজিৰে পৰা নাটকৰ কৰ্মশালা অনুষ্ঠিত হৈছে। আজি উদ্বোধনী অনুষ্ঠানত বিশিষ্ট শিল্পী মণীষা হাজৰিকা, বিশিষ্ট নিৱন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট শিল্পী দুৰ্গাধৰ নেওগৰ লগতে পৰ্যবেক্ষক হিচাপে অৰুণ মহন্ত, ইলু বৰুৱা আৰু প্ৰদীপ হাজৰিকা, শিশু ওমলা চৰাৰ সম্পাদক নিলুফাৰ ই মাহতাবি আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল। এই কৰ্মশালা দৈনিক পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ'ব। আনহাতে, খুমটাই সমষ্টিৰ মিছামৰাৰ মাধৱদেৱ পুথিভঁৰাল প্ৰাংগনত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আজিৰে পৰা নৃত্য আৰু পৰম্পৰাগত নৃত্য কৰ্মশালা অনুষ্ঠিত হৈছে। আজিৰ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী পৰাগ বৰা, বেটিয়নি গাঁও পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আৰু কৰ্মশালা পৰিচালনা সমিতিৰ সভাপতি অৰিন্দম শইকীয়া উপস্থিত আছিল। দৈনিক পুৱা ১০ বজাৰ পৰা এই কৰ্মশালা অনুষ্ঠিত হ'ব।

বোকাখাত সমষ্টিতো আজি দুখন কৰ্মশালা আৰম্ভ হৈছে। বোকাখাত মহকুমাৰ অন্তৰ্গত বংকোৱাল চিত্ৰকলা বিদ্যালয়ত শিপাভূমি নাট্যগোষ্ঠী গোলাঘাট, বংকোৱাল চিত্ৰকলা বিদ্যালয়ৰ সহযোগত সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত লোকনৃত্যৰ কৰ্মশালাৰ আজি শুভাৰম্ভ কৰা হয়। টাজাং কুটুম মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনকধন বৰিৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ইভান লইঙে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিপাভূমি নাট্যগোষ্ঠীৰ সদস্য পলাশ লইঙে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক, শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহ অধ্যাপক সোণমণি শৰ্মাই আজিৰ কৰ্মশালাখনি উদ্বোধন কৰে। সভাত অফলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত বৰি, বংকোৱাল গাঁৱৰ গাঁও প্ৰধান অজিত দাৱ, মহুৰামুখ প্ৰেছ ক্লাবৰ হৈ হেমন্ত লইং, বলোৰাম কামান আৰু বংকৱাল চিত্ৰকলা বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুকান্ত দাৱে বক্তব্য আগবঢ়ায়। কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশ ল'ব সত্ৰীয়া নৃত্যৰ বিশাৰদ নিৰু বাহেকে। দৈনিক ডেৰ বজাৰ পৰা ৩ বজালৈ এই কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে, শিপাভূমি নাট্য গোষ্ঠী, গোলাঘাট আৰু দেখহ শুনহ কুৰুৱাবাহীয়ে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি আন এখন গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ কৰে। কৰ্মশালাত বন্তি প্ৰজ্বলন কৰে ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল দেৱীয়ে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে বোকাখাত খণ্ড উন্নয়ন বিষয়া পাৰ্থজিত গগৈ, বিশিষ্ট সাংবাদিক বুবুল দত্ত, বিশিষ্ট নাট পৰিচালক বিজয়ানন্দ হাজৰিকা আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতকোত্তৰ সোণমণি শৰ্মা। এই কৰ্মশালাৰ সময় হ'ব পুৱা ১০.৩০ বজাৰ পৰা ২ বজালৈ।

উল্লেখযোগ্য যে কৰ্মশালাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাৰ অন্তত সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 14 July 2023

*গোলাঘাট জিলাতো চাৰিটা বিধানসভা সমষ্টিত কাইলৈৰ পৰা ১০ দিনীয়াকৈ "গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা" অনুষ্ঠিত*

*গোলাঘাট জিলাতো চাৰিটা বিধানসভা সমষ্টিত কাইলৈৰ পৰা ১০ দিনীয়াকৈ "গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা" অনুষ্ঠিত*

গোলাঘাট, ১৪ জুলাই, ২০২৩ঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ নিৰ্দেশক্ৰমে গোলাঘাট জিলাতো চাৰিটা বিধানসভা সমষ্টিত কাইলৈৰ পৰা ১০ দিনীয়াকৈ "গ্ৰীষ্মকালীন বন্ধ কৰ্মশালা" অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। আজি এই সন্দৰ্ভত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অতিৰিক্ত উপায়ুক্ত সুজাতা গগৈৰ সভাপতিত্বত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া কৃষ্ণাৰ্পিতা বৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। 

সেই অনুসৰি গোলাঘাট জিলাৰ গোলাঘাট, খুমটাই, বোকাখাত আৰু সৰুপথাৰ সমষ্টিত দুখনকৈ কৰ্মশালাৰ আয়োজন কৰা হৈছে। গোলাঘাটৰ কলেজ তিনিআলিৰ এভাৰগ্ৰীণ ড্ৰামা এণ্ড ফিল্ম এডুকেশ্যন চেন্টাৰত শিশুৰ ওমলা চৰাৰ উদ্যোগত নাটকৰ কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে কাচমাৰী হাইস্কুলত উই ফ'ৰ ইউৰ উদ্যোগত বিহু আৰু পৰম্পৰাগত লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব। আনহাতে, খুমটাই সমষ্টিত মিছামৰাৰ খনিকৰ মাধৱদেৱ প্ৰাংগনত কুঁহিপাত সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত নৃত্য আৰু পৰম্পৰাগত নৃত্য কৰ্মশালা অনুষ্ঠিত হ'ব। সমষ্টিটোৰ বনগাঁও শিৱ মন্দিৰত মুৰাৰি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত গায়ন বায়নৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। বোকাখাত সমষ্টিত বংকোৱাল চিত্ৰকলা বিদ্যালয়ত শিপাভূমি নাট্যগোষ্ঠীৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত লোক নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হ'ব। সমষ্টিটোৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেটা নাট্য গোষ্ঠীৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু কবিতা আবৃত্তি কৰ্মশালা অনুষ্ঠিত হ'ব। সৰুপথাৰ সমষ্টিৰ ৰামধেনু, সৰুপথাৰত আৰ্থসামাজিক পৰিৱেশ উন্নয়ন সন্থাৰ উদ্যোগত মুকা অভিনয় কৰ্মশালা আৰু বৰপথাৰ ৰাজহুৱা ভৱনত কাব্য কানন বৰপথাৰৰ উদ্যোগত কবিতা আবৃত্তিৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাৰ অন্তত সকলোকে প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।
NORTHEAST NEWS INDIA

*গোলাঘাটত ৪খন পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ**পানীৰ অপচয় নকৰি চৰকাৰী আঁচনিক নিজৰ সম্পদ বুলি ভাবিবলৈ আহ্বান বিত্তমন্ত্ৰীৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাটত ৪খন পানী যোগান আঁচনি উদ্বোধন মন্ত্ৰী অজন্তা নেওগৰ*

*পানীৰ অপচয় নকৰি চৰকাৰী আঁচনিক নিজৰ সম্পদ বুলি ভাবিবলৈ আহ্বান বিত্তমন্ত্ৰীৰ*

গোলাঘাট, ১৪ জুলাই ২০২৩: বিত্ত আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি জল জীৱন অভিযানৰ অধীনত গোলাঘাট পূব উন্নয়ন খণ্ড, পদুমণিৰ অন্তৰ্গত গোলাঘাট পঞ্চায়তত ৩ খন আৰু কলিয়াপানী পঞ্চায়তত এখন পানী যোগান আঁচনি উদ্বোধন কৰে। তেওঁ গোলাঘাট পঞ্চায়তৰ লেকেতাচুক, তৰফাৎ আহোম গাঁও আৰু সোণাৰী গাঁও আৰু কলিয়াপানী পঞ্চায়তৰ কপহুৱাটিং বাগান পানী যোগান আঁচনিকেইখনৰ শুভাৰম্ভ কৰে। এই আটাইকেইখন পানী যোগান আঁচনিৰ দ্বাৰা ৭০০ ৰো অধিক পৰিয়ালে নলযোগে পানী লাভ কৰিব। ১ কোটি ২০ লাখ টকা ব্যয়েৰে ৰূপায়ণ কৰা লেকেতাচুক পানী যোগান আঁচনিখন উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাইজে বিশুদ্ধ পানী লাভ কৰাটো সুনিশ্চিত কৰাৰ বাবে জল জীৱন অভিযান আঁচনিখন চৰকাৰে ৰূপায়ণ কৰিছে। এই অভিযানৰ অধীনত নিৰ্মাণ কৰা পানী যোগান আঁচনিসমূহৰ সফলতা তথা ই কিমান দীৰ্ঘস্থায়ী হয় সেয়া উপভোক্তা সমিতি আৰু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰিব। প্ৰতিটো পৰিয়ালেই এই আঁচনিখনক ৰাইজৰ আঁচনি বুলি ভাবিব লাগিব বুলি মত প্ৰকাশ কৰি তেওঁ পানীৰ অপচয় নকৰিবলৈ সকলোকে আহ্বান জনায়। তেওঁ লগতে পানী সমিতিসমূহক প্ৰতি ১৫ দিন বা এমাহৰ মূৰে মূৰে পানীৰ মান আৰু প্ৰতিটো পৰিয়ালে পানী পাইছে নে নাই, বিদ্যুৎ মাচুল গাঁও পঞ্চায়তসমূহে সময়মতে আদায় দি আছেনে নাই তাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এটা অঞ্চলে ৪ খনকৈ পানী যোগান আঁচনি লাভ কৰিছে, এই আঁচনিসমূহ যাতে ধ্বংস হৈ নাযায় সেয়া সুনিশ্চিত কৰাটো ৰাইজৰ দায়িত্ব। ৰাজহুৱা সম্পদ এটাক নিজৰ বুলি ভাবিলে নিশ্চিতভাৱে আঁচনিসমূহ দীৰ্ঘম্যাদী হ'ব বুলি তেওঁ মন্তব্য কৰে। 

উল্লেখযোগ্য যে লেকেতাচুক পানী যোগান আঁচনিখনৰ দ্বাৰা অঞ্চলটোৰ ১৫০ ঘৰ মানুহ উপকৃত হ'ব। ইয়াৰ পিছতেই তেওঁ ১ কোটি ৩৩ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা তৰফাৎ আহোম গাঁও পানী যোগান আঁচনিখন মুকলি কৰে। এই আঁচনিখনৰ দ্বাৰা আহোম চুক, মেম্বৰ চুক, গোহাঁই চুক আৰু সোণাৰী চুক অঞ্চলৰ ১৯৯ টা পৰিয়ালে পানী লাভ কৰিব। আনহাতে, ১ কোটি ২২ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা সোণাৰীগাঁও পানী যোগান আঁচনিখনৰ দ্বাৰা সোণাৰী চুক অঞ্চলৰ ১৬০ টা পৰিয়ালে পানী লাভ কৰিব। একেদৰে, ১ কোটি ২৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা কপহুৱাটিং বাগান পানী যোগান আচঁনিখনৰ দ্বাৰা ২০৫ টা পৰিয়ালে নলযোগে পানী লাভ কৰিব। আজিৰ অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিঅৰ ৰহমান, পদুমণি আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী অঞ্জুমণি বৰা সন্দিকৈ, গোলাঘাট পঞ্চায়তৰ সভাপতি, পানী সমিতিৰ বিষয়ববীয়াসকল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 11 July 2023

*ড্ৰেগন ফলৰ খেতি কৰি সাফল্য অৰ্জন*

*ড্ৰেগন ফলৰ খেতি কৰি সাফল্য অৰ্জন*

গোলাঘাট ১১ জুলাই,২০২৩ঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ গমাৰিগুৰি খণ্ড অভিযান পৰিচালনা গোটৰ অধীনৰ কাছমাৰী গাঁও পঞ্চায়তৰ মলয় আত্মসহায়ক গোটৰ এগৰাকী সদস্য মঞ্জু শইকীয়াই ড্ৰেগন ফলৰ খেতি কৰি সাফল্য অৰ্জন কৰিছে। মহিলাগৰাকীয়ে স্বামীৰ সৈতে লগ হৈ ২০২২ চনত ৩৮টা পকী খুটা ব্যৱহাৰ কৰি ১৫০ জোপা ড্ৰেগন ফলৰ পুলি ৰোপণ কৰিছিল। জিলা অভিযান পৰিচালনা গোট, গোলাঘাট আৰু জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালকৰ প্ৰয়াসত জিলা কৃষি বিষয়াৰ কাৰ্যালয়, গোলাঘাটৰ পৰা পুলিসমূহ যোগান ধৰা হৈছিল। ২০২৩ চনৰ মে' মাহত প্ৰথমবাৰৰ বাবে উৎপাদন আৰম্ভ হয়। উল্লেখযোগ্য যে মে' মাহৰ পৰা ডিচেম্বৰ মাহলৈকে ড্ৰেগন ফল চিঙাৰ উপযুক্ত সময়। প্ৰাৰম্ভিকভাৱে এই খেতিৰ বাবে ৩০ হাজাৰ টকা ব্যয় কৰা হৈছিল। ইয়াৰে ৭০ শতাংশ ধন পকী খুটা নিৰ্মাণৰ নামত ব্যয় হয়। তেওঁলোকে কেৱল গৰুৰ গোবৰ আৰু জৈৱিক সাৰ ব্যৱহাৰ কৰি এই খেতি কৰে। তেওঁলোকে এতিয়ালৈকে প্ৰায় ৬০ কিলোগ্ৰাম ফল চিঙিছে আৰু ওচৰৰ বিভিন্ন ঠাইত প্ৰতি কিলোগ্ৰামত প্ৰায় ৩০০ টকাকৈ বিক্ৰী কৰিছে। ৰোপণৰ প্ৰথম বছৰ এজোপা গছে ১৫ কিলোগ্ৰামপৰ্যন্ত ফল দিয়ে। সকলো ঠিকে থাকিলে এইবাৰ ফল চিঙাৰ বতৰত তেওঁলোকে ১৫০০ কিলোগ্ৰাম ফল উৎপাদন হ'ব বুলি আশা প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে ড্ৰেগন ফলৰ খেতি গ্ৰামাঞ্চলৰ লোকৰ বাবে জীৱিকাৰ এটা ভাল মাধ্যম হ'ব পাৰে।
NORTHEAST NEWS INDIA

Monday, 10 July 2023

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

গোলাঘাট, ১০ জুলাই, ২০২৩ঃ বিশেষ সূত্ৰৰ পম খেদি আজি গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে জিলাখনৰ গমাৰীগুৰি, দহমাইলখুঁটিৰ ২ নং বৰজানৰ এজন লোকৰ ঘৰত অভিযান চলায়। নিত্য বৰা নামৰ লোকজনৰ ঘৰত চলোৱা এই অভিযানকালত ৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়। জামুগুৰি থানাৰ আৰক্ষী আৰু মাটিখোলা গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ উপস্থিতিত যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ আৰু উত্তম নাজিৰে এই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ জব্দ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...