গোলাঘাট, ১০ জুলাই, ২০২৩ঃ বিশেষ সূত্ৰৰ পম খেদি আজি গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে জিলাখনৰ গমাৰীগুৰি, দহমাইলখুঁটিৰ ২ নং বৰজানৰ এজন লোকৰ ঘৰত অভিযান চলায়। নিত্য বৰা নামৰ লোকজনৰ ঘৰত চলোৱা এই অভিযানকালত ৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়। জামুগুৰি থানাৰ আৰক্ষী আৰু মাটিখোলা গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ উপস্থিতিত যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ আৰু উত্তম নাজিৰে এই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ জব্দ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।
Subscribe to:
Post Comments (Atom)
মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ
প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ গোলাঘাট, অসম...
-
জনসংযোগ, গোলাঘাট *সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান* *ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব...
-
গোলাঘাটৰ বিশিষ্ট শিল্পী, সুনিপুন তবলা বাদক হিমেন দাসৰ বিয়োগত আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ । এটা দুৰ্ঘটনাত পতিত হৈ আজি মৃত্যুক আঁকোৱালি লোৱা শি...
No comments:
Post a Comment
Welcome Northeast News India