Monday, 10 July 2023

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

গোলাঘাট, ১০ জুলাই, ২০২৩ঃ বিশেষ সূত্ৰৰ পম খেদি আজি গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে জিলাখনৰ গমাৰীগুৰি, দহমাইলখুঁটিৰ ২ নং বৰজানৰ এজন লোকৰ ঘৰত অভিযান চলায়। নিত্য বৰা নামৰ লোকজনৰ ঘৰত চলোৱা এই অভিযানকালত ৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়। জামুগুৰি থানাৰ আৰক্ষী আৰু মাটিখোলা গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ উপস্থিতিত যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ আৰু উত্তম নাজিৰে এই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ জব্দ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।

No comments:

Post a Comment

Welcome Northeast News India

নতুন নতুন আবিষ্কাৰ

নতুন নতুন আবিষ্কাৰ হোৱা মানেই হৈছে জীৱকোলৰ ধংস সমাগত। সেৱাৰে মাধৱ গগৈ অসম, ভাৰত।