Thursday, 1 December 2022

*গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান**৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং-৩৫৭/২০২২

*গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান*

*৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ*
গোলাঘাট, ১ ডিচেম্বৰ : গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিশেষকৈ নতুন ভোটদাতাসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা আৰু এই সম্পৰ্কীয় নীতি-নিৰ্দেশনা তথা সজাগতা সৃষ্টি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয় । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে সংবাদমেলখন সম্বোধন কৰি কয় যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম চলি আছে আৰু অহা ৮ ডিচেম্বৰলৈকে দাবী আৰু ওজৰ-আপত্তিসমূহ দাখিল কৰিব পাৰিব । তেওঁ যিসকলৰ ২০২৩ চনৰ পহিলা জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ'ব তেওঁলোকক ৮ ডিচেম্বৰৰ ভিতৰত প্র-পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে বি এল অ' সকলৰ ওচৰত প্র-পত্ৰসমূহ উপলব্ধ আৰু জিলাখনৰ বিভিন্ন মহাবিদ্যালয়লৈ ইতিমধ্যে প্র-পত্ৰসমূহ প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে ১ৰ পৰা ৩ডিচেম্বৰলৈ মহাবিদ্যালয়সমূহত আৰু ৩ আৰু ৪ ডিচেম্বৰত সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব । ২০২৩ চনৰ ১ জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । সংবাদমেলত অংশ লৈ নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁয়ে কয় যে www.nvsp.in অথবা
https://voters.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । আনহাতে বি এল অ'সকলে বি এল অ' এপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব বুলি তেওঁ কয় । আনহাতে নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়তো ইয়াৰ বাবে যোগাযোগ কৰিব পাৰিব । নাম অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম-৬, আধাৰ নম্বৰ সংযোগ কৰিবলৈ ফৰ্ম ৬-বি, ওজৰ-আপত্তি আৰু নাম কৰ্তন কৰিবলৈ ফৰ্ম-৭ আৰু ঠিকনা সলনি কৰা, শুধৰণি আদিৰ ক্ষেত্ৰত ফৰ্ম-৮ ব্যৱহাৰ কৰিব লাগিব । তেওঁ সকলোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ আহ্বান জনায় । ২০২৩ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হ'বলগীয়া যুৱক-যুৱতীসকলেও আগতীয়াকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব বুলি তেওঁ উল্লেখ কৰে । 

উল্লেখযোগ্য যে যোৱা ৯ নৱেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট বিধানসভা সমষ্টিৰ  মুঠ ভোটাৰৰ সংখ্যা ২,০৭,৭৮৫ জন (পুৰুষ ভোটাৰৰ সংখ্যা ১,০৩,৩৪৭ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৪,৪৩৮ গৰাকী) । ঠিক সেইদৰে, ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪২,১৪৮ জন, (পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৭১৩ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭১,৪৩৫ গৰাকী)। দুয়োটা সমষ্টি সামৰি গোলাঘাট নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ৩,৪৯,৯৩৩ জন । নতুন ভোটাৰৰ সংখ্যা এই সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত ৫,১৯৭ জন বৃদ্ধি পাইছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 30 November 2022

দেশৰ সকলো পিতৃ আৰু মাতৃ সকললৈ এটি বিশেষ আহ্বান।

দেশৰ সকলো পিতৃ আৰু মাতৃ সকললৈ এটি বিশেষ আহ্বান। আপোনালোকৰ সন্তানক সু মানুহ হিচাপে গঢ় দিয়ক। এখন সুন্দৰ সমাজ কেনেকৈ গঢ় দিয়ে,  সকলোকে কেনেকৈ সন্মান দিব লাগে, সকলোকে কেনেকৈ সমান চকুৰে চাব লাগে, শিক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। এই পৃথিবীত আমি সকলোৱে আহিছো এখন সুন্দৰ সমাজ গঠন কৰি এটা সুন্দৰ বাৰ্তা দি যাবলৈ পিছৰ প্ৰজন্মৰ কাৰণে। টকা পইচাই সকলো নহয়। আমি মানৱ জাতি সকলো জীৱকোলৰ মঙ্গল কামনা কৰিব লাগিব। আহঁক সময় থাকোতেই আমি মানৱ জাতি আমাৰ চিন্তা শক্তি, মানসিক ভাব ধাৰা সুন্দৰ কৰি এখন সুন্দৰ পৃথিবী নিমার্ণ কৰো।। 


সেৱাৰে
মাধৱ গগৈ। 

Thursday, 24 November 2022

বিত্তীয় ৰ বাবে আৱেদন আমন্ত্ৰণ কৰা হৈছে গাঁও পঞ্চায়ত সমবায় সমিতিলৈ সহায়,

বিত্তীয় ৰ বাবে আৱেদন আমন্ত্ৰণ কৰা হৈছে
গাঁও পঞ্চায়ত সমবায় সমিতিলৈ সহায়,
দুগ্ধ সমবায় সমিতি আৰু মহিলা সমবায়
সমাজ। অধিক জানিবলৈ, অনুগ্ৰহ কৰি সংলগ্ন টো পৰীক্ষা কৰক
বিজ্ঞাপন

Wednesday, 23 November 2022

স্বস্থ্য সেৱা অভিযান


স্বস্থ্য সেৱা অভিযান (3) - বিশেষ স্বাস্থ্য শিবিৰ হৈছে
সুবিধাৰ বাবে এনএইচএম অসমৰ এক প্ৰচেষ্টা
বিশেষকৈ মাতৃৰ বাবে সামগ্ৰিক স্বাস্থ্য সেৱা
আৰু শিশুৰ স্বাস্থ্য। জিলা অনুসৰি তালিকাৰ তলত পৰীক্ষা কৰক
নৱেম্বৰ মাহৰ বাবে স্বাস্থ্য শিবিৰ।

Sunday, 20 November 2022

প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে,অসমৰসকলো জিলাতে এক বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা

প্ৰসূতি মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে,অসমৰ
সকলো জিলাতে এক বিশেষ প্ৰসৱপূৰ্বক স্বাস্থ্য পৰীক্ষা [এএনচি]
অভিযান আৰম্ভ কৰিছে৷সকলো গৰ্ভৱতী মহিলাক আগবাঢ়ি আহি
সুৰক্ষিত গৰ্ভধাৰণ আৰু স্বাস্থ্যসন্মত প্ৰসৱৰ বাবে এএনচি
অভিযানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...