Wednesday, 29 July 2020
29 July, 2020 অসমৰ অন্যতম প্ৰচুৰ সম্ভাৱনাময় দুগ্ধ ক্ষেত্ৰ। এই দুগ্ধ ক্ষেত্ৰখনক এক দুগ্ধ উৎপাদকসকলৰ অধিক উপাৰ্জন আৰু গ্ৰাহকক নিভাঁজ দুগ্ধ বিতৰণ প্ৰসংগত যোৱা কালি জনতা ভৱনত এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰে মাননীয় কৃষি মন্ত্রী অতুল বৰাই। বৈঠকত "টাউন মিল্ক ছাপ্লাই স্কিম" (TMSS)ৰ অধীনস্থ খানাপাৰাস্থিত দুগ্ধ প্ৰক্ৰিয়াকৰণ ইউনিটটোৰ কাৰ্যপ্ৰণালীৰ বুজ লয়৷ APART আৰু অন্যান্য আঁচনিৰ অধীনত অসমত দুগ্ধ বিক্ৰী কেন্দ্ৰ স্থাপন, দুগ্ধৰ মূল্য শৃংখলা নিৰ্ধাৰণ আদি বিভিন্ন ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হয়৷ লগতে গ্ৰাহকে যাতে বিশুদ্ধ গাখীৰ লাভ কৰে সেয়া নিশ্চিত কৰিবলৈ গাখীৰৰ মান নিৰূপণৰ ব্যৱস্থাৱলীৰ ওপৰতো আলোচনা কৰে ৷ চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰত সীতাজখলা দুগ্ধ সমবায় সমিতিৰ প্ৰস্তাৱনা পৰ্যালোচনা কৰাৰ লগতে দুগ্ধ ব্যৱসায়ীসকলৰ অধিক লাভৰ বাবে WAMULৰ সৈতে সহযোগিতাৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিয়া হয়৷ বৈঠকত আছিল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰী, দুগ্ধ উন্নয়নৰ সঞ্চালক শ্ৰী উৎপল কুমাৰ শৰ্মা, "সীতাজখলা", APART, WAMULৰ প্ৰতিনিধি আৰু কেইবাগৰাকী বিভাগীয় বিষয়া ।
29 July, 2020 বানাক্ৰান্ত অঞ্চলত পশুধনে সন্মুখীন হোৱা খাদ্য, ৰোগ, আশ্ৰয়স্থলৰ নাটনি ,পশুধনৰ চোৰাং সৰবৰাহ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ, আদিবোৰ এক গুৰুত্বপূৰ্ণ বিষয়৷ এই সমস্যাসমূহ সমাধানৰ বাবে, নতুনকৈ গঠিত পশু কল্যাণ ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে জনতা ভৱনত বিশেষ আলোচনাত যোৱা কালি মাননীয় কৃষি মন্ত্রী অতুল বৰা মিলিত হয় ৷ বৈঠকত পশুধনৰ চোৰাং সৰবৰাহ প্ৰতিৰোধ, পশুধনৰ ওপৰত চলা অমানৱীয় অত্যাচাৰ ৰোধ আদিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ইয়াক কাৰ্যতঃ ৰূপায়ণৰ প্ৰসংগত আলোচনা কৰে ৷ চোৰাং সৰবৰাহকাৰীৰ পৰা জব্দ কৰা গৰু আৰু অন্য পশুধনসমূহ প্ৰতিপালন আৰু বানত আক্ৰান্ত অঞ্চলসমূহৰ ঘৰচীয়া পশুধনৰ সুৰক্ষাৰ বিভিন্ন ব্যৱস্থা গ্ৰহণৰ বাবে ব'ৰ্ডৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে ৷ বৈঠকত আছিল পৰিৱেশ, বন বিভাগৰ সচিবপ্ৰধান শ্ৰী অবিনাশ যোশী, আইন-শৃংখলাৰ আই জি পি দীপক কুমাৰ কেডিয়া, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ আয়ুক্ত তথা সচিব শ্ৰী শ্যাম জগন্নাথন, সচিব শ্ৰী ৰবিনছন মুছাহাৰী, পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ ডীন ডঃ বিবেকা শইকীয়াকে ধৰি বিভিন্ন বিভাগৰ কেইবাগৰাকী বিষয়া৷
29 July, 2020 মাননীয় স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শৰ্মা ৰ, সৈতে সকলো কাৰ্যবাহী অভিযন্তা তথা গড়কাপ্টানি বিভাগৰ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিং ব্যৱস্থাযোগে যোৱা কালি জনতা ভৱনত এখন বৈঠক অনুষ্ঠিত হয় যায়। মহামাৰী তথা ধাৰাবাহিক তলাবন্ধৰ পৰিপ্ৰেক্ষিতত কেবাটাও প্ৰকল্পৰ কাম আধৰুৱা হৈ আছে ৷ এই অসমাপ্ত প্ৰকল্পসমূহ পৰ্যালোচনা কৰাৰ লগতে সাম্প্ৰতিক নতুন পৰিস্থিতত কাম-কাজবোৰ গতিশীল কৰাৰ পোষকতা কৰে।
28 July, 2020 মাননীয় মুখ্যমন্ত্ৰী শ্ৰী যুত সৰ্বানন্দ সোণোৱালে। বিহপুৰীয়া সমষ্টিৰ পাছতে লখিমপুৰ জিলাৰ ন-আলি বালিঘাটত সতীৰ্থ মন্ত্ৰী শ্ৰী কেশৱ মহন্ত, শ্ৰী নৱ কুমাৰ দলে আৰু সাংসদ শ্ৰী প্ৰদান বৰুৱাৰ সৈতে উপস্থিত হৈ সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰ্যবেক্ষণ কৰে আৰু গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা ক্ষিপ্ৰতৰ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। এই প্ৰতিকূল সময়ত আমাৰ চৰকাৰে ৰাইজৰ মাজত থাকি ৰাইজৰ সুৰক্ষাৰ বাবে সকলোধৰণৰ পদক্ষেপ যুদ্ধকালীন তৎপৰতাৰে তদাৰক কৰিছে বুলি মত ব্যক্ত কৰে।
Subscribe to:
Posts (Atom)
धरती को पाप मय कर दिया
दूनिया के है तामाम लोग, अब आपलोगो का समय आ गया है, ईस धरती से जाने का, आप लोगो का पाप वर गया है, धरती को पाप मय कर दिया ...

-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি। সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...