২৬ অক্টোবৰ, গোলাঘাট:
*গোলাঘাট জিলা আয়ুক্তৰ সভাগৃহত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান) ৰূপায়ণৰ বাবে দ্বিতীয়খন সভা অনুষ্ঠিত*
আজি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্ত কাৰ্যলয়ৰ সভাগৃহত অতিৰিক্ত জিলা আয়ুক্ত চৈয়দ ৱাছবীৰ সুভানীৰ সভাপতিত্বত কুষ্ঠ ৰোগ সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰা হয়। এই সভাখনত মূলত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযানৰ অন্তৰ্গত চিকিৎসা বিভাগ দ্বাৰা লোৱা পদক্ষেপ সমূহৰ খতিয়ান দাঙি ধৰা হয়। ইয়াৰ অন্তৰ্গত ৩৬ খন গ্ৰাম সভা তথা তাত সমাৱেশ হোৱা জনসাধাৰণ আৰু বিভাগে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে পৰ্য্যলোচনা কৰা হয় ৷ উল্লেখযোগ্য যে ২০২৩-২৪ বৰ্ষত ১৫ জন ৰোগী পোৱা গৈছে। বৰ্তমান ১৯ জন কুষ্ঠ ৰোগী চিকিৎসা গ্ৰহণ কৰি আছে। ইয়াৰ অন্তৰ্গত চাহ বাগিচাত ১১ জন ৰোগী চিনাক্ত হৈছে বুলি বিভাগীয়া প্ৰতিনিধিয়ে জানিবলৈ দিয়ে।
আজিৰ এই সভাত গোলাঘাটৰ চিকিৎসা আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া সকলৰ লগতে অন্যান্য বিভাগৰ প্ৰতিনিধিও উপস্থিত থাকে।
*ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA