30 November, 2020
সময়ৰ নিৰ্মম সত্য উপলব্ধি কৰো আহক...
# উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে চল্লিশ বছৰ বয়সত । উচ্চ শিক্ষিত জনতকৈ কম শিক্ষিত জনেও বেছি উপাৰ্জন কৰে।
# ধুনীয়াজন আৰু আপচুজন প্ৰায় পঞ্চাশ বছৰ বয়সত একেই হৈ যায় ।
আপচু জনৰ দৰে ধুনীয়া জনৰো চকুৰ গুৰি ক'লা পৰে।
চুলি সৰে ছাল সোতোৰা সোতৰি হয়।
# উচ্চ পদ আৰু নিম্ন পদৰ পাৰ্থক্য নাইকীয়া হৈ যায় ষাঠি বছৰ বয়সত । পিয়ন জনেও অফিছাৰ জনলৈ ঘূৰি নোচোৱা হয়
অৱসৰৰ পাছত ।
# ডাঙৰ ঘৰ আৰু সৰু ঘৰৰ কোনো পাৰ্থক্য নাথাকে সত্তৰ বছৰ বয়সত । লগৰবোৰ, পৰিয়ালৰ মানুহবোৰ, আতৰি যায় । কম ঠাইতে ঘূৰা ফুৰা কৰিবলৈ সকলোকে বাধ্য কৰে কঁকালৰ বিষ আৰু আঠুৰ বিষে ।
# ধনী আৰু দুখীয়াৰ আশী বছৰ বয়সত কোনো প্ৰভেদ নাথাকে । খৰছ কৰিবলৈ বাট নাথাকে
ধনীজনে খৰছ কৰিব খুজিলেও ।
# শুই থকা আৰু জাগি থকা একেই কথা হৈ পৰে নব্বৈ বছৰ বয়সত। কৰিবলৈ একো নাথাকে জাগি থাকিলেও ।
# আমাৰ সকলোৰে একে গতিয়েই হ'বলৈ গৈ আছে আগলৈ সকলো সময়ৰ খেল ।
# আমি গৰ্ব কৰোঁ এতিয়া যিবোৰৰ কাৰণে , কোনো মূল্যই নাথাকিব
এসময়ত সেইবোৰৰ ।
# দুখন গাড়ী, দুটা বাংলা আৰু দুবিঘা মাটিও অশান্তিত থাকিবলৈ কম হয় । দুবেলা দুমুঠি আৰু দুযোৰ কাপোৰেই যথেষ্ট শান্তিত থাকিবলৈ।
No comments:
Post a Comment
Welcome Northeast News India