জনসংযোগ, গোলাঘাট,
গোলাঘাট, ০৫ ছেপ্টেম্বৰ ২০২৩: আজি ০৫ ছেপ্টেম্বৰত দিনৰ ১২.১৫ বজাত অসমৰ মাননীয় ৰাজ্যপাল শ্ৰীগুলাব চান্দ কাটাৰিয়া ডাঙৰীয়া গোলাঘাটস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত (অস্থায়ী চৌহদ গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়) উপস্থিত হয় । ইয়াৰ পিছত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰ্যবেক্ষণ কৰি মাননীয় ৰাজ্যপাল ডাঙৰীয়াই বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। মাননীয় ৰাজ্যপাল মহোদয়ে বন্তি প্ৰজ্বলনৰ দ্বাৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত
অসমৰ মাননীয় বিত্ত তথা মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ, মাননীয় কৃষি মন্ত্রী অতুল বৰা, সৰুপথাৰ সমষ্টিৰ মাননীয় বিধায়ক বিশ্বজিৎ ফুকন, জিলা আয়ুক্ত ডা: পি উদয় প্ৰবীণ, বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য জ্যোতি প্ৰসাদ শইকীয়া আৰু অন্যান্য উচ্চস্তৰীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ LOGO প্ৰস্তুত কৰা দাদুল চলিহাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজিৰ এই অনুষ্ঠানত উপাচাৰ্য মহোদয়ে ৰচনা কৰা "যি কথা কবলৈ মন যায়" নামৰ পুথিখনৰ উন্মোচন কৰা হয়। ৰাজ্যপাল মহাদয়ে সতী সাধনীৰ মহান ব্যক্তিত্বকো সোঁৱৰণ কৰে আৰু উল্লেখ কৰে যে ভৱিষ্যত প্ৰজন্মৰ বাবে তেওঁ প্ৰেৰণা হৈ ৰৱ। তেওঁ গুৰু শিষ্যৰ যি আন্তৰিক সম্পৰ্ক সেই বিষয়েও নিজৰ ব্ক্তব্য ৰাখে। চিৰ নমস্য শিক্ষা গুৰু সকলৰ বাবে কিদৰে ভাৰত বৰ্ষই উন্নতিৰ জখলাত আগবাঢ়ি চন্দ্ৰযান অভিযানৰ দৰে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় তাকো উল্লেখ কৰে। যুৱ প্ৰজন্মৰ প্ৰচুৰ সম্ভাবনা থকা ভাৰতৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ শিক্ষানুষ্ঠান আৰু শিক্ষকৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।
ধন্যবাদ
ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট।
NORTHEAST NEWS INDIA