Sunday, 13 August 2023

*গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত উচ্চস্তৰীয় প্ৰতিনিধি দলৰ নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন**নামনি অংশত অধিক প্ৰভাৱ নপৰাকৈ নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে পানী : নীপকো কৰ্তৃপক্ষ**উভয় জিলাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাত গুৰুত্ব আৰোপ দুয়োগৰাকী জিলা মুৰব্বীৰ*

*গোলাঘাটৰ জিলা আয়ুক্তৰ নেতৃত্বত উচ্চস্তৰীয় প্ৰতিনিধি দলৰ নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন*

*নামনি অংশত অধিক প্ৰভাৱ নপৰাকৈ নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে পানী : নীপকো কৰ্তৃপক্ষ*

*উভয় জিলাৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাত গুৰুত্ব আৰোপ দুয়োগৰাকী জিলা মুৰব্বীৰ*

গোলাঘাট, ১২ আগষ্ট ২০২৩: গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা প্ৰশাসন তথা অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দলে আজি নগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পটো পৰিদৰ্শন কৰি ওখাৰ জিলা উপায়ুক্ত অজিৎ কুমাৰ ৰঞ্জন, নীপকো কৰ্তৃপক্ষ আৰু নগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয়। এই পৰিদৰ্শনকালত ওখাৰ জিলা উপায়ুক্ত আৰু নীপকোৰ উপ-মহাপ্ৰৱন্ধক (ই এম) তথা ভাৰপ্ৰাপ্ত প্ৰকল্প মুৰব্বী এছ পেট্টন, উপ-মহাপ্ৰৱন্ধক (চি) ডালিম বৰ্মন আৰু আন বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে জলবিদ্যুৎ প্ৰকল্পটোৰ পানী পৰ্যায়ক্ৰমে আৰু নিয়ন্ত্ৰিতভাৱে এৰি থকা হৈছে যাতে নামনি অংশত ইয়াৰ অধিক প্ৰভাৱ নপৰে। গোলাঘাটৰ জিলা আয়ুক্ত আৰু প্ৰতিনিধি দলটোক নগালেণ্ড প্ৰশাসন আৰু নীপকো কৰ্তৃপক্ষৰ তৰফৰ পৰা আশ্বস্ত কৰা হয় যে গোলাঘাট জিলাবাসীৰ জীৱন আৰু সম্পত্তিৰ যাতে ক্ষয়-ক্ষতি নহয় তাৰ বাবে অতি সতৰ্ক হৈ সমগ্ৰ বিষয়টো নিৰীক্ষণ কৰি থকা হৈছে। ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ নিৰীক্ষণ আৰু পানী এৰি দিয়া প্ৰক্ৰিয়াটোৰ ওপৰত চোকা নজৰ ৰখাৰ বাবে উচ্চস্তৰীয় কাৰিকৰী বিশেষজ্ঞৰ দল নিয়োগ কৰা হৈছে বুলিও তেওঁলোকে জানিবলৈ দিয়ে। গোলাঘাটৰ জিলা আয়ুক্তগৰাকীয়ে এই পৰিদৰ্শনকালত নীপকো কৰ্তৃপক্ষই আগতীয়াকৈ গোলাঘাট জিলা প্ৰশাসনক অৱগত কৰা আৰু তথ্যসমূহ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আদান প্ৰদান কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দৈয়াং নদীৰ পানী নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব পৰাকৈ পানী এৰিলে গোলাঘাট জিলাবাসীয়ে কোনো ভয়াৱহ পৰিস্থিতিৰ মুখামুখি হোৱাৰ পৰা ৰক্ষা পৰিব। তেওঁ এইক্ষেত্ৰত নীপকো কৰ্তৃপক্ষই যোৱা তিনিদিনত লোৱা সতৰ্ক ভূমিকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যৎ সময়ত সম্পূৰ্ণ মানৱীয় দৃষ্টিভংগীৰে আগবাঢ়িবলৈ আহ্বান জনায়। জিলা আয়ুক্তকে ধৰি দলটোক পানী এৰি দিয়া সমগ্ৰ প্ৰক্ৰিয়াটো কাৰিকৰী বিশেষজ্ঞই বিতংভাৱে অৱগত কৰায়। তেওঁলোকে জানিবলৈ দিয়ে যে নগালেণ্ডত বৰষুণৰ পৰিমাণ কমিলে ৰিজাৰ্ভাৰৰ পানীও হ্ৰাস পাব আৰু জলস্তৰ ইএল ৩২১ মিটাৰলৈ নামিলেই ৰেডিয়েল গেটসমূহ বন্ধ কৰি দিয়া হ'ব। জিলা মুৰব্বী দুগৰাকীয়ে সীমান্ত অঞ্চলকে ধৰি উভয় জিলাৰ জনসাধাৰণৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইক্ষেত্ৰত দুয়োখন জিলাৰ জনসাধাৰণৰ মাজত সাংস্কৃতিক বিনিময় আৰু আনুসংগিক কেতবোৰ বিষয় লৈও দুয়ো আলোচনা কৰে।

উল্লেখযোগ্য যে ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত নীপকো কৰ্তৃপক্ষই যোৱা ১০ আগষ্টৰ পুৱা ১০.৩০ বজাৰ পৰা ৰিজাৰ্ভাৰটোৰ ৰেডিয়েল গেটসমূহ খুলি পৰ্যায়ক্ৰমে পানী এৰি আছে। আজি পুৱা ৬ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩২২.৮০ মিটাৰ। ৰিজাৰ্ভাৰটোৰ চাৰিখন ৰেডিয়েল গেটেৰে পানী এৰি থকা হৈছে যদিও নিয়ন্ত্ৰিতভাৱে এৰাৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সামগ্ৰিক বান পৰিস্থিতিৰ অধিক অৱনতি ঘটা নাই। নীপকো কৰ্তৃপক্ষ আৰু গোলাঘাট জিলা প্ৰশাসনে নিয়মীয়াকৈ তথ্যৰ আদান প্ৰদান কৰি আছে। জিলা আয়ুক্তগৰাকীয়ে গোলাঘাট জিলাবাসীক শংকিত নহৈ সতৰ্ক হৈ থাকিবলৈহে আহ্বান জনাইছে।  আজিৰ এই পৰিদৰ্শনকালত গোলাঘাটৰ অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিনছেংফা বৰুৱা, সীমান্ত দণ্ডাধীশ ভাৰ্গৱ কলিতা আৰু প্ৰিয়মজ্যোতি ফুকন, অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ প্ৰকল্প প্ৰবন্ধক মুক্তাৰাম ডেকা, প্ৰাধিকৰণৰ প্ৰকল্প বিষয়া ডঃ কৃপালজ্যোতি মজুমদাৰ, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, জলসম্পদ বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ৰাজেশ বৰুৱা আৰু কেন্দ্ৰীয় জল আয়োগৰ প্ৰতিনিধি ছবিৰ আহমেদ উপস্থিত আছিল। আনহাতে নগালেণ্ডৰ হৈ ওখা জিলাৰ আৰক্ষী অধীক্ষক অ'তুলা টি ইমচেন, নীপকোৰ উপ-মহাপ্ৰৱন্ধক (ই এম) আৰ চি মুৰী, উপ-মহাপ্ৰৱন্ধক (চি) এন অৰেন্থুং অডিউ, শীৰ্ষ বিষয়া কে জাছামু অভুং আৰু নিতুল দত্ত, নগালেণ্ডৰ জলসম্পদ বিভাগ, নগালেণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু ওখা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়ববীয়া উপস্থিত আছিল।

*জনসংযোগ, গোলাঘাট* 
NORTHEAST NEWS INDIA

Friday, 11 August 2023

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

গোলাঘাট, ১১ আগষ্ট, ২০২৩ঃ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা" শীৰ্ষক ব্লক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। পুলিবৰ গাঁও পঞ্চায়তৰ গোলাঘাট পূব শিক্ষাখণ্ডৰ অধীনৰ ৭ খন বিদ্যালয়ৰ মুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই "জলশালা" কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধ পানী সেৱন, অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পানীৰ পৰা হ'ব পৰা বেমাৰৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কৰ্মশালাত জল জীৱন অভিযানৰ অধীনত নলযোগে ঘৰতে লাভ কৰা পানীৰ যাতে জনসাধাৰণে অপব্যৱহাৰ নকৰে তাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব। কৰ্মশালাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলে জলদূত হিচাপে ঘৰে ঘৰে গৈ ৰাইজক সজাগ আৰু সচেতন কৰিব। আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অমৃতপ্ৰভা দাস, গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিউৰ ৰহমান, শিক্ষক-শিক্ষয়িত্ৰী, বিভাগীয় কৰ্মচাৰী আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
NORTHEAST NEWS INDIA

আহ্বান

এই পৃথিবীত সচাঁ কথা কোৱা মানুহ বহুতো কম আছে। সকলোৱে সচাঁ কথাটো যানে, যে সকলোৱে এদিন এই পৃথিবী ত্যাগ কৰিব লাগিব। জানি শুনিও পাপ কৰে, যি নেকি মহাপাপ। সেই পাপৰ ফল জীয়াই থাকোতেই ভোগ কৰি যাব লাগিব এই পৃথিবীৰ পৰা। আহঁক আমি সকলো মানৱ জাতি সত্য পথ অনুসৰণ কৰো। 
সেৱাৰে
মাধৱ গগৈ।

Thursday, 10 August 2023

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

‌জনসংযোগ গোলাঘাট

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

গোলাঘাট, ১০ আগষ্ট ২০২৩: গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা সৈনিক বোৰ্ড, এল ডি এম, শ্ৰমিক কল্যাণ, পশুপালন আৰু পশুচিকিৎসা, ৰেচম বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, বিক্ৰী কৰ, পৰিবহণ, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, আবকাৰী, পৰ্যটন আৰু মীন বিভাগ আদিৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগ আৰু সংস্থাৰ সংশ্লিষ্ট বিষয়াসকলক নিজ নিজ বিভাগৰ জিলা পৰ্যায়ত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সভাত তেওঁ প্ৰতিটো বিভাগৰ অধীনৰ আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, বোকাখাত মহকুমাৰ মহকুমাধিপতি ছিমি কৰণ আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ

গোলাঘাট,১০ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ মৰঙী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অহা ১১ আগষ্ট, শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ খাদী গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত আৰু গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ নিৱনুৱা যুৱক-যুৱতীসকলক এই সজাগতা শিবিৰত যোগদান কৰিবলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। 

NORTHEAST NEWS INDIA

নুমলীগড়ৰ নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহ কেন্দ্ৰটোৱে উলংঘা কৰা প্ৰত্যক্ষ কৰে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেন্দ্ৰটো তৎকালীনভাৱে বন্ধ কৰি দিছে

গোলাঘাট, ১০ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ নুমলীগড়ৰ নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু তাত থকা আৱাসীসকল অপহৰণ, ধনদাবী আদিৰ দৰে কেতবোৰ বে-আইনী কাৰ্য্যকলাপত লিপ্ত থকা বুলি লাভ কৰা অভিযোগৰ পিছতেই জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ নিৰ্দেশক্ৰমে আজি মহকুমাধিপতি (সদৰ) শ্ৰীমতী পাপৰি দাস, জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দুদু দত্ত আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা দলে আৰক্ষীৰ সহযোগত নিচামুক্তি কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে কেন্দ্ৰটোৰ কোনো বৈধ নথি পত্ৰ লাভ কৰিবলৈ সক্ষম নহয়। লগতে পৰিদৰ্শনকাৰী দলটোৱে নিচামুক্তি কেন্দ্ৰ এটাই পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহ কেন্দ্ৰটোৱে উলংঘা কৰা প্ৰত্যক্ষ কৰে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেন্দ্ৰটো তৎকালীনভাৱে বন্ধ কৰি দিছে।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...