Thursday, 10 August 2023

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

‌জনসংযোগ গোলাঘাট

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

গোলাঘাট, ১০ আগষ্ট ২০২৩: গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা সৈনিক বোৰ্ড, এল ডি এম, শ্ৰমিক কল্যাণ, পশুপালন আৰু পশুচিকিৎসা, ৰেচম বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, বিক্ৰী কৰ, পৰিবহণ, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, আবকাৰী, পৰ্যটন আৰু মীন বিভাগ আদিৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগ আৰু সংস্থাৰ সংশ্লিষ্ট বিষয়াসকলক নিজ নিজ বিভাগৰ জিলা পৰ্যায়ত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সভাত তেওঁ প্ৰতিটো বিভাগৰ অধীনৰ আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, বোকাখাত মহকুমাৰ মহকুমাধিপতি ছিমি কৰণ আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...