Friday, 11 August 2023

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

গোলাঘাট, ১১ আগষ্ট, ২০২৩ঃ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা" শীৰ্ষক ব্লক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। পুলিবৰ গাঁও পঞ্চায়তৰ গোলাঘাট পূব শিক্ষাখণ্ডৰ অধীনৰ ৭ খন বিদ্যালয়ৰ মুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই "জলশালা" কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধ পানী সেৱন, অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পানীৰ পৰা হ'ব পৰা বেমাৰৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কৰ্মশালাত জল জীৱন অভিযানৰ অধীনত নলযোগে ঘৰতে লাভ কৰা পানীৰ যাতে জনসাধাৰণে অপব্যৱহাৰ নকৰে তাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব। কৰ্মশালাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলে জলদূত হিচাপে ঘৰে ঘৰে গৈ ৰাইজক সজাগ আৰু সচেতন কৰিব। আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অমৃতপ্ৰভা দাস, গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিউৰ ৰহমান, শিক্ষক-শিক্ষয়িত্ৰী, বিভাগীয় কৰ্মচাৰী আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...