Friday, 11 August 2023

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

*গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা"*

গোলাঘাট, ১১ আগষ্ট, ২০২৩ঃ  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ উদ্যোগত পুলিবৰ ৰংগমঞ্চত আজিৰেপৰা দুদিনীয়াকৈ জলদূত কাৰ্যসূচী (দ্বিতীয় পৰ্যায়)ৰ অধীনত "জলশালা" শীৰ্ষক ব্লক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হৈছে। পুলিবৰ গাঁও পঞ্চায়তৰ গোলাঘাট পূব শিক্ষাখণ্ডৰ অধীনৰ ৭ খন বিদ্যালয়ৰ মুঠ ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই "জলশালা" কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰীসকলক বিশুদ্ধ পানী সেৱন, অনাময়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পানীৰ পৰা হ'ব পৰা বেমাৰৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই সকলো দিশ সামৰি প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। এই কৰ্মশালাত জল জীৱন অভিযানৰ অধীনত নলযোগে ঘৰতে লাভ কৰা পানীৰ যাতে জনসাধাৰণে অপব্যৱহাৰ নকৰে তাৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব। কৰ্মশালাত ভাগ লোৱা ছাত্ৰ-ছাত্ৰীসকলে জলদূত হিচাপে ঘৰে ঘৰে গৈ ৰাইজক সজাগ আৰু সচেতন কৰিব। আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত অমৃতপ্ৰভা দাস, গোলাঘাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মতিউৰ ৰহমান, শিক্ষক-শিক্ষয়িত্ৰী, বিভাগীয় কৰ্মচাৰী আৰু ভালেসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
NORTHEAST NEWS INDIA

আহ্বান

এই পৃথিবীত সচাঁ কথা কোৱা মানুহ বহুতো কম আছে। সকলোৱে সচাঁ কথাটো যানে, যে সকলোৱে এদিন এই পৃথিবী ত্যাগ কৰিব লাগিব। জানি শুনিও পাপ কৰে, যি নেকি মহাপাপ। সেই পাপৰ ফল জীয়াই থাকোতেই ভোগ কৰি যাব লাগিব এই পৃথিবীৰ পৰা। আহঁক আমি সকলো মানৱ জাতি সত্য পথ অনুসৰণ কৰো। 
সেৱাৰে
মাধৱ গগৈ।

Thursday, 10 August 2023

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

‌জনসংযোগ গোলাঘাট

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

গোলাঘাট, ১০ আগষ্ট ২০২৩: গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এই মাহৰ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত জিলা সৈনিক বোৰ্ড, এল ডি এম, শ্ৰমিক কল্যাণ, পশুপালন আৰু পশুচিকিৎসা, ৰেচম বিভাগ, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগ, বিক্ৰী কৰ, পৰিবহণ, নগৰ আৰু গাঁও পৰিকল্পনা বিভাগ, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, আবকাৰী, পৰ্যটন আৰু মীন বিভাগ আদিৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে প্ৰতিটো বিভাগ আৰু সংস্থাৰ সংশ্লিষ্ট বিষয়াসকলক নিজ নিজ বিভাগৰ জিলা পৰ্যায়ত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে আঁচনিসমূহ নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণ কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। সভাত তেওঁ প্ৰতিটো বিভাগৰ অধীনৰ আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ আঁচনিসমূহৰ বিষয়ে জনসজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰী, বোকাখাত মহকুমাৰ মহকুমাধিপতি ছিমি কৰণ আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ

গোলাঘাট,১০ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ মৰঙী উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অহা ১১ আগষ্ট, শুকুৰবাৰে পুৱা ১০ বজাৰ পৰা গুৱাহাটীৰ খাদী গ্ৰামোদ্যোগ আয়োগৰ উদ্যোগত আৰু গোলাঘাট জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্রৰ সহযোগত প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি আচঁনি ( PMEGP) সন্দৰ্ভত এটা সজাগতা শিবিৰ অনুষ্ঠিত হ'ব। গোলাঘাট জিলাৰ নিৱনুৱা যুৱক-যুৱতীসকলক এই সজাগতা শিবিৰত যোগদান কৰিবলৈ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে। 

NORTHEAST NEWS INDIA

নুমলীগড়ৰ নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহ কেন্দ্ৰটোৱে উলংঘা কৰা প্ৰত্যক্ষ কৰে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেন্দ্ৰটো তৎকালীনভাৱে বন্ধ কৰি দিছে

গোলাঘাট, ১০ আগষ্ট,২০২৩ঃ গোলাঘাট জিলাৰ নুমলীগড়ৰ নিউ ফেইথ ফাউণ্ডেশ্যন নামৰ এটা নিচামুক্তি কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু তাত থকা আৱাসীসকল অপহৰণ, ধনদাবী আদিৰ দৰে কেতবোৰ বে-আইনী কাৰ্য্যকলাপত লিপ্ত থকা বুলি লাভ কৰা অভিযোগৰ পিছতেই জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ নিৰ্দেশক্ৰমে আজি মহকুমাধিপতি (সদৰ) শ্ৰীমতী পাপৰি দাস, জিলা সমাজ কল্যাণ বিষয়া শ্ৰী দুদু দত্ত আৰু সমাজ কল্যাণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এটা দলে আৰক্ষীৰ সহযোগত নিচামুক্তি কেন্দ্ৰটো পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত দলটোৱে কেন্দ্ৰটোৰ কোনো বৈধ নথি পত্ৰ লাভ কৰিবলৈ সক্ষম নহয়। লগতে পৰিদৰ্শনকাৰী দলটোৱে নিচামুক্তি কেন্দ্ৰ এটাই পালন কৰিবলগীয়া নীতি-নিৰ্দেশনাসমূহ কেন্দ্ৰটোৱে উলংঘা কৰা প্ৰত্যক্ষ কৰে। এনে পৰিস্থিতিত জিলা প্ৰশাসনে কেন্দ্ৰটো তৎকালীনভাৱে বন্ধ কৰি দিছে।

NORTHEAST NEWS INDIA

*নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ১০.৩০ বজাত ৰিজাৰ্ভাৰটোৰ দুখন গেট খুলি পৰ্যায়ক্ৰমে কিছু পানী এৰি দিয়া হৈছে*

*নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ১০.৩০ বজাত ৰিজাৰ্ভাৰটোৰ দুখন গেট খুলি পৰ্যায়ক্ৰমে কিছু পানী এৰি দিয়া হৈছে*

গোলাঘাট,১০ আগষ্ট,২০২৩ঃ নাগালেণ্ডৰ ওখা জিলাৰ দৈয়াং নদীত থকা দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ১০.৩০ বজাত ৰিজাৰ্ভাৰটোৰ দুখন গেট খুলি পৰ্যায়ক্ৰমে কিছু পানী এৰি দিয়া হৈছে বুলি NEEPCO কৰ্তৃপক্ষই জানিবলৈ দিছে। আজি পুৱা ৯.৩০ বজাত ৰিজাৰ্ভাৰটোৰ জলস্তৰ আছিল ইএল ৩২১.৯০ মিটাৰ। এনে পৰিস্থিতিত ৰিজাৰ্ভাৰটো Full Reservoir Level (ইএল ৩২৪.০০ মিটাৰ) অৰ্থাৎ পানীৰে পূৰ্ণ হৈ যোৱাৰ আশংকা কৰি কিছু পানী এৰি দিয়া হৈছে বুলি NEEPCO ই জনাইছে। অত্যধিক পানীখিনি দৈয়াং পাৱাৰ হাউচৰ নামনি অংশৰে দৈয়াং নদীৰে বৈ যাব। ইয়াৰ পূৰ্বে যোৱা ৮ আগষ্টত NEEPCO কৰ্তৃপক্ষই জনাইছিল যে জলস্তৰ বৃদ্ধি পাই থাকিলে ইএল ৩২১মিটাৰ হোৱাৰ লগে লগেই অত্যধিক পানীখিনি উলিয়াই দিয়াৰ বাবে দৈয়াং ৰিজাৰ্ভাৰৰ ৰেডিয়েল গেটসমূহ খুলি দিয়া হ'ব। এই পানী গোলাঘাট জিলাত প্ৰৱেশ কৰোঁতে প্ৰায় ৮ ঘণ্টা সময়ৰ প্ৰয়োজন হ'ব বুলি জানিব পৰা গৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত দৈয়াং নদীত বৃদ্ধি পাব পৰা জলস্তৰৰ ফলত গোলাঘাট জিলাত যাতে কোনো জীৱন আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি নহয় তাৰ বাবে জিলা প্ৰশাসনে নৈপৰীয়া লোকসকলক শংকিত নহৈ সতৰ্ক হ'বলৈ আহ্বান জনাইছে। জিলা প্ৰশাসনে পৰৱৰ্তী জাননী নোপোৱালৈকে নৈপৰীয়া গাঁৱৰ লোকসকলক নদীৰ কাষৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে। লগতে এই সময়চোৱাত নদীত সাতোঁৰা, মাছ ধৰা, গা ধোৱা, নদীৰ কাষত খেলা-ধূলা কৰা আদিৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে। পৰিস্থিতিৰ মুখামুখি হোৱাৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু আছে আৰু জনসাধাৰণক আতংকিত নহৈ এই সময়ছোৱাত প্ৰশাসনক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এছ ডি আৰ এফ আৰু সংশ্লিষ্ট সকলো সম্পূৰ্ণৰূপে সষ্টম হৈ আছে। সাৱধান হওক, আতংকিত নহ'ব।

*সৰুপথাৰ ৰাজহ চক্ৰত দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পৰা গাঁওসমূহ*

বৰবালি, বাৰঘৰিয়া, ১ নং হেৰহেৰি, ২ নং হেৰহেৰি, দীঘলী পথাৰ, আমগুৰি, বছাপথাৰ, সৰুপাভাজন, মিৰি গাঁও, বিলগাঁও, বৰডুবি, অভংপথাৰ, ন বিল, ৰঙাগড়া, গেলাবিল, দীঘলগঞ্জা, ৰেংমা বাগান আদি।

*সৰুপথাৰ ৰাজহ চক্ৰত ধনশিৰি নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পৰা গাঁওসমূহ*

বিলপথাৰ, নাওজান, ১ নং চুঙাজান, ১ নং কৈৰি, ২ নং কৈৰি, ১ নং পানজান, ২ নং পানজান, নগাজুৰি, শিমলুচাপৰি, ১ নং পদুমনি, ২ নং পদুমনি, ১ নং পাৰঘাট, ১ নং দুবৰণি, শিঙিমাৰী, ধনশিৰি পাৰ, ১ নং তেঙানি, ২ নং তেঙানি আদি।

ইয়াৰ উপৰি ধনশিৰি মহকুমাৰ খেৰবাৰী, ১ নং মধুপুৰ, ২ নং মধুপুৰ, দ কুঁৱলী, দয়ালপুৰ , 
দিঘলী মাজ গাঁও
চুৰাতনী
নাহৰখনা
নাহৰখনা মিচিং গাঁও
ৰাজগড়
আৰু খটখটি গাঁও বন গাঁও। আদি ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে।

*গোলাঘাট ৰাজহ চক্ৰত দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পৰা গাঁওসমূহ*

১ নং জামুগুৰি, কালুজান, মলানহানিটুপ, কুঁৱৰী পথাৰ, গোৱালটুপ, ঘগুৰা পথাৰ, নোগোৰা, আইটনী মিৰি গাঁও, কাছমাৰী অঞ্চল আদি।

ইয়াৰ উপৰি ৰাজহ চক্ৰটোৰ অধীনৰ গমাৰিগুৰি উন্নয়ন খণ্ডৰ ৩ নং সোণালী পথাৰ, গৰৈ বিল, ৪ নং সোণালী পথাৰ, পদুম পথাৰ, সৰু পানী, ধৰমপুৰ, দুবৰণি, বিয়াকৰোৱা (হাতজপনি), তেলিশাল টোপ, গিলানপুৰ, চাংখাতি, দৈয়াং পাৰ, গোলকপুৰ,চিতল মাৰি, মদাৰগুৰি, দৈমুগুৰি, হিৰিম্বাপুৰ, আমগুৰি, মুচৰভাঙা, ৰূপজ্যোতি গাওঁ, চেগুন টোপ, ২ নং চৰাইমাৰি আদি বন গাঁও দৈয়াং নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ আশঙ্কা আছে। 

*গোলাঘাট ৰাজহ চক্ৰত ধনশিৰি নদীৰ বাঢ়নি পানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব পৰা গাঁওসমূহ*

গজালিটুপ, দ চমুৱা, হাঁহচৰা, ধনশিৰিপাৰ, ভোলাগুৰি, ন পমুৱা, কাঠকটিয়া, বেঙেনাখোৱা গ্ৰান্ট আদি।

*খুমটাই ৰাজহ চক্ৰত ধনশিৰি নদীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাওঁসমূহ*

১ নং শ শাওতলি, ২ নং শাওতলি , বগৰিয়নি, ১ নং বুটলিখোৱা, ২ নং বুটলিখোৱা, লেটেকু চাপৰি, বুটলিখোৱা টুপ, হেলচিজান, চুঙ্গিহোলা, চৌকনা বিল , সোঁনাৰিগাওঁ, কমাৰগাঁও আদি।

*বোকাখাত ৰাজহ চক্ৰত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাঁওসমূহ*

পাৰঘাট, ধোদাং, নুমলীগড়, নুমলীগড় ব্লক, কাৰোনিহুলা, ৰিৰি, নিকৰি, এলেংমাৰি, হাঁহচৰা আদি।

*মৰঙি ৰাজহ চক্ৰত ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা থকা গাঁওসমূহ*

মইনাপাৰা, বেবেজিয়া, ৩ নং  কৈৱৰ্ত, আবৰঘাট, মৰঙি বাগান, লেটেকু চাপৰি আদি।

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 9 August 2023

*গোলাঘাটত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন**প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কোনো প্ৰকৃত ভুক্তভোগী যাতে ক্ষতিপূৰণৰ পৰা বঞ্চিত নহয় তাৰ বাবে চক্ৰ বিষয়াসকলক সতৰ্ক হ'বলৈ আহ্বান জিলা আয়ুক্তৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাটত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বৈঠক সম্পন্ন*

*প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কোনো প্ৰকৃত ভুক্তভোগী যাতে ক্ষতিপূৰণৰ পৰা বঞ্চিত নহয় তাৰ বাবে চক্ৰ বিষয়াসকলক সতৰ্ক হ'বলৈ আহ্বান জিলা আয়ুক্তৰ*

গোলাঘাট, ৯ আগষ্ট ২০২৩ : গোলাঘাটৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাখনত চলিত বৰ্ষত ধুমুহা, শিল-বৰষুণ, বজ্ৰপাত আৰু অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে ক্ষতিপূৰণ দিয়া সন্দৰ্ভত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেইবাটাও প্ৰস্তাৱ আলোচনা তথা গৃহীত কৰা হয়। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত চলিত বৰ্ষৰ প্ৰাকৃতিক দুৰ্যোগত হোৱা ক্ষয়-ক্ষতি আৰু ক্ষতিপূৰণ আদায় দিয়া সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে। সভাত প্ৰাকৃতিক দুৰ্যোগত প্ৰাণ হেৰুওৱা এগৰাকী ব্যক্তিৰ বাবে এককালীন সাহায্য, ধুমুহা, শিল-বৰষুণ আৰু বজ্ৰপাতৰ ঘটনাত ক্ষতিগ্ৰস্ত ২৫০০ৰো অধিক গৃহ আৰু অন্য আন্তঃগাঁথনি তথা ৰাজহুৱা অনুষ্ঠান আৰু অগ্নিকাণ্ডৰ ঘটনাত ক্ষতিগ্ৰস্ত ১৮ টা গৃহ আৰু অন্য আন্তঃগাঁথনিৰ বাবে ক্ষতিপুৰণ দিয়া সন্দৰ্ভত প্ৰস্তাৱ উত্থাপন কৰা হয়।

সভাত কৃষি, লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), বিদ্যুৎ বিভাগ, পশুপালন আৰু পশুচিকিৎসা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আৰু জলসম্পদ বিভাগে প্ৰাকৃতিক দুৰ্যোগত পশুধন, খেতিপথাৰ, দলং, বাট-পথ আদিৰ ক্ষয়-ক্ষতিৰ জোৰা মৰাৰ বাবে কেইবাটাও প্ৰস্তাৱ দাখিল কৰে।  

জিলা আয়ুক্তগৰাকীয়ে বান পৰিস্থিতিৰ সময়ছোৱাত চক্ৰ বিষয়া পৰ্যায়ৰ কৰ্মবাহিনীক অধিক সতৰ্ক হোৱাৰ লগতে প্ৰতি মাহৰ ১৫ তাৰিখে সভা অনুষ্ঠিত কৰি ক্ষয়-ক্ষতিৰ প্ৰস্তাৱসমূহ আলোচনা কৰিবলৈ নিৰ্দেশ দিয়ে। প্ৰাকৃতিক দুৰ্যোগত ক্ষয়-ক্ষতিৰ সন্মূখীন হোৱা কোনো প্ৰকৃত ভুক্তভোগী যাতে বঞ্চিত নহয় তাৰ প্ৰতি সতৰ্ক হ'বলৈ তেওঁ চক্ৰ বিষয়া পৰ্যায়ৰ কৰ্মবাহিনীক আহ্বান জনায়। এইক্ষেত্ৰত যাতে ক্ষয়-ক্ষতিৰ তালিকাত ভুৱা নাম সন্নিৱিষ্ট নহয় তাৰ বাবে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলে তৎকালীনভাৱে সাহায্য সামগ্ৰী লাভ কৰাটো সুনিশ্চিত কৰিবলৈ তেওঁ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। সভাত অতিৰিক্ত জিলা আয়ুক্ত দামোদৰ বৰ্মন, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিন্সেংফা বৰুৱা, সাংসদ আৰু বিধায়কসকলৰ প্ৰতিনিধি, অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া অৰুণ ভিগ্নেশ, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল । 

 *জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...