Wednesday, 2 August 2023

*ধুমুহা আৰু বৰষুণৰ ফলত বিভিন্ন ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিগাকে ধৰি ব্যাপক ক্ষয়-ক্ষতি*

*ধুমুহা আৰু বৰষুণৰ ফলত বিভিন্ন ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিগাকে ধৰি ব্যাপক ক্ষয়-ক্ষতি*

গোলাঘাট ২ আগস্ট,২০২৩ঃ আজি বিয়লিৰ ভাগত গোলাঘাট নগৰকে ধৰি গোলাঘাট জিলাৰ মাজেৰে পাৰ হৈ যোৱা এজাক ধুমুহা আৰু বৰষুণৰ ফলত বিভিন্ন ঠাইত বিদ্যুতৰ খুঁটা আৰু গছ বাগৰি পৰাৰ লগতে বিদ্যুতৰ তাঁৰ চিগাকে ধৰি ব্যাপক ক্ষয়-ক্ষতিৰ পৰিপ্ৰেক্ষিতত গোলাঘাট নগৰ আৰু জিলাখনৰ বহু ঠাইত বিদ্যুৎ সংযোগ ব্যাহত হৈছে। এই ঠাইসমূহৰ ভিতৰত গোলাঘাট নগৰ, ঊষা গৰঙা, মেৰাপানী, কমাৰবন্ধা, উৰিয়ামঘাট, সৰুপথাৰ, টেঙানী, বোকাখাত আৰু কমাৰগাঁৱৰ কেতবোৰ অঞ্চল অন্যতম। এ পি ডি চি এলৰ মুখ্য কাৰ্যবাহী বিষয়া নিপন অধিকাৰীয়ে জানিবলৈ দিছে যে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা বা জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যুৎ কৰ্তন কৰিবলগীয়া হোৱা স্থানসমূহত পুনৰ বিদ্যুৎ নিয়মীয়া কৰাৰ বাবে কিছু সময়ৰ প্ৰয়োজন হ'ব। বিদ্যুৎ বিভাগৰ লোকে ইয়াৰ বাবে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। জনসাধাৰণক এইক্ষেত্ৰত বিদ্যুৎ বিভাগক সহযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। 

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত পঞ্চদশ বিত্ত আয়োগৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাট জিলাত পঞ্চদশ বিত্ত আয়োগৰ কাম অক্টোবৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ জিলা আয়ুক্তৰ*

*চাহ বাগিচাৰ হিতাধিকাৰীসকলক লৈ বাগিচা অঞ্চলত এম জি এনৰেগাৰ অধীনত আঁচনি ৰূপায়নৰ পৰামৰ্শ*

গোলাঘাট, ২ আগষ্ট ২০২৩: গোলাঘাট জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সভাপতিত্ব কৰি জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰবীণে বিভাগটোৰ অধীনত জিলাখনত ৰূপায়িত বিভিন্ন আঁচনিৰ কাম-কাজৰ বুজ লয়। তেওঁ পঞ্চদশ বিত্ত আয়োগৰ অধীনত গোলাঘাট জিলাত ৰূপায়ন হৈ থকা আঁচনিসমূহৰ অগ্ৰগতিৰ বুজ লৈ অহা অক্টোবৰ মাহৰ ভিতৰত এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰাৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। বিশেষকৈ ২০২০-২১ আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিসমূহৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে। জিলা আয়ুক্তগৰাকীয়ে গোলাঘাট জিলাত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত গৃহ আবণ্টন আৰু নিৰ্মাণ আদিৰ বিতংভাৱে বুজ লয়। সভাত জিলাখনৰ এম জি এনৰেগাৰ বৰ্তমান স্থিতি সন্দৰ্ভতো জিলা আয়ুক্তগৰাকীয়ে পৰ্যালোচনা কৰে। তেওঁ চাহ বাগিচা অঞ্চলত এম জি এনৰেগাৰ অধীনত বিভিন্ন আঁচনি গ্ৰহণ কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে আঁচনিসমূহৰ ৰূপায়নৰ ক্ষেত্ৰত চাহ বাগিচা অঞ্চলসমূহৰ এম জি এনৰেগাৰ হিতাধিকাৰীসকলক জড়িত কৰোৱাবলৈ তেওঁ নিৰ্দেশ দিয়ে। আজিৰ পৰ্যালোচনা বৈঠকত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, উপ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত শৰ্মা, উন্নয়ন খণ্ড বিষয়াসকল, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়াসকল আৰু সংশ্লিষ্ট বিষয়া-কৰ্মচাৰী উপস্থিত আছিল। 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*জাপানীজ এংকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ ওপৰত আলোচনা সভা অনুষ্ঠিত*

প্ৰেছ বিজ্ঞপ্তি: ২ আগষ্ট, ২০২৩
স্বাস্থ্য বিভাগ, গোলাঘাট

*জাপানীজ এংকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াৰ ওপৰত আলোচনা সভা অনুষ্ঠিত*

*গোলাঘাটত সংবাদকৰ্মী  সকলৰ লগত স্বাস্থ্য বিভাগৰ বাহক জনিত ৰোগৰ বিষয়ে মত - বিনিময়। ৰাইজক স্বাস্থ্য বিভাগৰ বাৰ্তা সমূহ মানি চলিবলৈ আহ্বান।* 

আজি ইংৰাজী ২ আগষ্ট, 2023 তাৰিখে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ত সংবাকৰ্মী সকলৰ লগত এখনি আলোচনা সভা অনুষ্ঠিত হয়। উক্ত সভাত গোলাঘাট জিলাত বৰ্তমানৰ জাপানীজ এনকেফেলাইটিছ,  ডেংগু আৰু মেলেৰিয়াৰ স্থিতিৰ ওপৰত বিতং ভাবে আলোচনা হয়।

আজি পৰ্যন্ত জিলাখনত JE=23, ডেংগু=16 আৰু মেলেৰিয়াত 1 জন লোক আক্ৰান্ত হৈ আছে। JE ৰ 23 জনৰ ভিতৰত 11 পুৰুষ, 12 গৰাকী মহিলা, 9 জন শিশু আৰু 14 জন প্ৰাপ্তবয়স্ক আছে। ডেংগুৰ 16 জনৰে বহুসংখ্যক লোক কাৰ্বিআংলং, নাগালেণ্ড বাংগালোৰ আৰু চেন্নাইৰ পৰা প্ৰবজন হৈ আহিছে। ডেংগুত আক্ৰান্ত লোকৰ 9 জন পুৰুষ, 7 গৰাকী মহিলা আছে। ইয়াৰে 3 জন শিশু আৰু 13 জন প্ৰাপ্তবয়স্ক লোক আছে। 

ইতিমধ্যে স্বাস্থ্য বিভাগে গাওঁ আৰু চাহ বাগান অঞ্চলত স্বাস্থ্যকৰ্মী সকলে সজাগতা সভা অনুষ্ঠিত কৰি ৰাইজক বাহক জনিত ৰোগৰ সন্দৰ্ভত সজাগ আৰু সতৰ্ক কৰাৰ কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে। ঘৰে ঘৰে গৈ জ্বৰৰ ৰোগী বিচৰা, আঠুৱা ঔষধিকৰণ কৰা, মহৰ বংশবৃদ্ধিৰ উৎস নষ্ট কৰা, নলা- নৰ্দমাত লাৰভিছাইড স্প্রে আৰু লাৰভিভোৰাছ মাছ (গাপ্পী) এৰা হৈছে। ৰোগী চিনাক্ত হোৱা অঞ্চলত ফগিঙৰ ব্যৱস্থাও স্বাস্থ্য বিভাগে চলিত ৰাখিছে। উল্লেখ্য যে এই পৰ্যন্ত গোলাঘাট জিলাত জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু মেলেৰিয়াত আক্ৰান্ত হৈ কোনো লোক মৃত্যু মুখত পৰা নাই।

আজিৰ আলোচনা সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক 
ড: অনুৰাধা বৰুৱা, মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বাহক জনিত ৰোগ) ড: ৰঞ্জিত ভূঞা, মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ( বিদ্যালয় স্বাস্থ্য) ড: ৰঞ্জিত হাজৰিকা, জিলা মেলেৰিয়া বিষয়া ড০ নৱনিতা দাস, জিলা বাহক জনিত ৰোগ কনচালটেন্ত বিঞ্জী ৰহমান, জিলা এপিডেমিওলʼজিষ্ট ড° প্ৰণৱ গগৈ, ডিএমই পূৰ্বালি হাজৰিকাকে আদি কৰি অন্য বিষয়া উপস্থিত থাকে।

NORTHEAST NEWS INDIA

Sunday, 30 July 2023

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি, সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ।*

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি,  সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ।*

নগাঁও ৩০ জুলাই,২০২৩ঃ আজি বিয়লি অনুষ্ঠিত হোৱা শিঙিয়া পোটনী সোনাৰী গাঁও যুৱ বৃন্দৰ ব্যৱস্থাপনাত অঞ্চলৰ ৰাইজৰ সহযোগত শিঙিয়া পোটনী আঞ্চলিকৰ অন্তৰ্গত ১০ দিনীয়া ছাত্ৰ ছাত্ৰীৰ কৰ্মশালাৰ বঁটা বিজয়ী আৰু মুকলি সভাত বিশিষ্ট লেখক কবি সমাজ সেৱক ড° কেশৱ বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।

NORTHEAST NEWS INDIA

Friday, 28 July 2023

*দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪ সংখ্যক স্মৃতি দিৱস দেশভক্তি দিৱস হিচাপে পালন*

*দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪ সংখ্যক স্মৃতি দিৱস দেশভক্তি দিৱস হিচাপে পালন*

গোলাঘাট ২৮ জুলাই,২০২৩ঃ গোলাঘাট জিলাতো আজি দেশভক্ত তৰুণৰাম ফুকনৰ ৮৪ সংখ্যক স্মৃতি দিৱস দেশভক্তি দিৱস হিচাপে পালন কৰা হয়। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত কাৰ্যসূচীৰ অংশৰূপে দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত পুষ্পাৰ্ঘ নিবেদন কৰি মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত অর্পা বাগলাৰীয়ে স্বাধীনতা সংগ্ৰামীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলী তৰ্পণ কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্তদ্বয় ক্ৰমে দামোদৰ বৰ্মন আৰু চৈয়দ ৱাছবিৰ চুভানি, মহকুমাধিপতি (সদৰ) পাপৰি দাস, সহকাৰী আয়ুক্ত অন্বেষা ঠাকুৰ আৰু কৃষ্ণাৰ্পিতা বৰুৱা, জিলা তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, জিলা আয়ুক্তৰ কাৰ্যালয় আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যালয়ৰ সমূহ কৰ্মচাৰী উপস্থিত আছিল। উল্লেখযোগ্য যে অসম চৰকাৰে দেশৰ স্বাধীনতা সংগ্ৰামত দেশভক্ত তৰুণৰাম ফুকনৰ অৱদানৰ প্ৰতি সন্মান জনাই ২০২১ চনৰ পৰা তেখেতৰ স্মৃতি দিৱস অৰ্থাৎ ২৮ জুলাইৰ দিনটো দেশভক্তি দিৱস হিচাপে পালন কৰি আহিছে। 

NORTHEAST NEWS INDIA

Thursday, 27 July 2023

*যানবাহন আইন সন্দৰ্ভত জনসাধাৰনক সজাগ*

*যানবাহন আইন সন্দৰ্ভত জনসাধাৰনক সজাগ*

গোলাঘাট ২৭ জুলাই,২০২৩ঃ যানবাহন আইন সন্দৰ্ভত জনসাধাৰনক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যানবাহন আইন সম্পৰ্কে এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত বৰপথাৰ থানাৰ পৰা নগৰখনৰ মাজেৰে এটা সজাগতা সমদল উলিওৱা হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰা, সুৰাপান কৰি গাড়ী নচলোৱা আদি যানবাহন আইনসমূহ মানি চলাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনোৱা হয়। অনুষ্ঠানত ধনশিৰিৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু জিলা পৰিবহণ বিভাগৰ বলৱৎকাৰী গোট তথা বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ লোকসকল উপস্থিত আছিল। এই অভিযানত দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা ৩৮ টা গোচৰত জৰিমনা বিহাৰ লগতে যানবাহন আইন উলংঘা কৰা কেইবাটাও ঘটনাত জৰিমনা বিহা হয়। লগতে হেলমেট পৰিধান কৰা আৰোহীসকলক চকলেট দি উদগনি যোগোৱা হয়।

NORTHEAST NEWS INDIA

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি অংশগ্ৰহণ সূৰ্যোদয়ৰ উদ্যোগত আয়োজন কৰা ফুটবল খেলত।*

*মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি  অংশগ্ৰহণ সূৰ্যোদয়ৰ উদ্যোগত  আয়োজন কৰা ফুটবল খেলত।*
নগাঁও ২৭ জুলাই,২০২৩ঃ নগাঁও জিলাৰ বৰবাৰীত অনুষ্ঠিত সূৰ্যোদয়ৰ উদ্যোগত  আয়োজন কৰা ফুটবল খেলৰ মুখ্য অতিথি হিচাপে মা আৰু প্ৰকৃতি ৰ কেন্দ্রীয় সমিতিৰ উপ সভাপতি ড° কেশৱ বৰাই অংশগ্ৰহণ কৰে। তেওঁ বক্তব্যত সকলোকে ভাতৃত্ববোধৰ মাজেৰে আগবাঢ়ি যাবলৈ আহ্বান জনাই। 

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...