গোলাঘাট ২৭ জুলাই,২০২৩ঃ যানবাহন আইন সন্দৰ্ভত জনসাধাৰনক সজাগ কৰাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ বৰপথাৰ আৰক্ষী থানাৰ উদ্যোগত আৰু বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত যানবাহন আইন সম্পৰ্কে এটা সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত বৰপথাৰ থানাৰ পৰা নগৰখনৰ মাজেৰে এটা সজাগতা সমদল উলিওৱা হয়। ইয়াৰ দ্বাৰা দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰা, গাড়ী চলাওতে চিট বেল্ট ব্যৱহাৰ কৰা, সুৰাপান কৰি গাড়ী নচলোৱা আদি যানবাহন আইনসমূহ মানি চলাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনোৱা হয়। অনুষ্ঠানত ধনশিৰিৰ মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা আৰু জিলা পৰিবহণ বিভাগৰ বলৱৎকাৰী গোট তথা বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াকে ধৰি আৰক্ষীৰ লোকসকল উপস্থিত আছিল। এই অভিযানত দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা ৩৮ টা গোচৰত জৰিমনা বিহাৰ লগতে যানবাহন আইন উলংঘা কৰা কেইবাটাও ঘটনাত জৰিমনা বিহা হয়। লগতে হেলমেট পৰিধান কৰা আৰোহীসকলক চকলেট দি উদগনি যোগোৱা হয়।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India