Monday, 10 July 2023

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

*৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ*

গোলাঘাট, ১০ জুলাই, ২০২৩ঃ বিশেষ সূত্ৰৰ পম খেদি আজি গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে জিলাখনৰ গমাৰীগুৰি, দহমাইলখুঁটিৰ ২ নং বৰজানৰ এজন লোকৰ ঘৰত অভিযান চলায়। নিত্য বৰা নামৰ লোকজনৰ ঘৰত চলোৱা এই অভিযানকালত ৩৩টা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়। জামুগুৰি থানাৰ আৰক্ষী আৰু মাটিখোলা গাঁও পঞ্চায়তৰ উপ-সভাপতিৰ উপস্থিতিত যোগান পৰিদৰ্শক বিনায়ম কৃষ্ণ আৰু উত্তম নাজিৰে এই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ জব্দ কৰে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।

*গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা*

‌জনসংযোগ গোলাঘাট

*গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা*

গোলাঘাট, ১০ জুলাই ২০২৩: গোলাঘাট জিলাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন বিশেষকৈ ট্ৰাকসমূহ ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা অবাঞ্চিত যান-যঁত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নটা এনিমেল ক'ৰিডৰত হ'ব পৰা অপ্ৰয়োজনীয় জনসমাগম, জীৱ-জন্তুৰ সম্ভাব্য ক্ষয়-ক্ষতি, বাৰিষাৰ বতৰত জীৱ-জন্তুৰ সুৰক্ষা সুনিশ্চিত কৰা, বন্যপ্ৰাণীসমূহে ওখ স্থানলৈ যোৱাত যাতে বাধাৰ সৃষ্টি নহয় আৰু সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি হালধিবাৰীৰ পৰা অগৰাতলীলৈকে সুৰক্ষিত এনিমেল ক'ৰিডৰ পানবাৰী আৰু হালধিবাৰীকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এলেকাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত গধুৰ যানবাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গোলাঘাটৰ জিলা দণ্ডাধীশ ডাঃ পি উদয় প্ৰবীণে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত এই নিষেধাজ্ঞা আৰোপ কৰিছে। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত কাৰিকৰী বিজুতিৰ বাহিৰে অন্য কাৰণত কোনো ধৰণৰ গধুৰ যানবাহন পাৰ্কিং কৰিব নোৱাৰিব । সুৰক্ষিত এনিমেল ক'ৰিডৰসমূহত জনসমাগমৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। জিলাখনৰ এনিমেল ক'ৰিডৰ এলেকাসমূহত নিশা অতি উজ্জ্বল লাইটৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। এনিমেল ক'ৰিডৰ অথবা ইয়াৰ দাঁতিকাষৰীয়া এলেকাসমূহত মিউজিক ছিষ্টেমত উচ্চ স্বৰত শব্দ অথবা সংগীত বজোৱা আৰু উচ্চ স্বৰত হৰ্ণ বজোৱাত  নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৎকালীন ভাৱে বলৱৎ হোৱাকৈ এইসমূহ নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই নিৰ্দেশসমূহ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন**আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ খৰতকীয়া ৰূপায়নত গুৰুত্ব আৰোপ উপায়ুক্তৰ*

‌জনসংযোগ গোলাঘাট

*গোলাঘাটত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন*

*আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ খৰতকীয়া ৰূপায়নত গুৰুত্ব আৰোপ উপায়ুক্তৰ*

গোলাঘাট, ১০ জুলাই ২০২৩ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন বৈঠক অনুষ্ঠিত হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), ভূমি সংৰক্ষণ, জলসম্পদ, জনস্বাস্থ্য কাৰিকৰী আৰু জলসিঞ্চন বিভাগ, এ পি ডি চি এল, নাবাৰ্ডৰ অধীনৰ বিভিন্ন আঁচনি, কৃষি বিভাগৰ অভিযান্ত্ৰিক শাখা আৰু নগৰীয়া পানী আৰু পয়ঃপ্ৰণালী বোৰ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত উপায়ুক্তগৰাকীয়ে নাবাৰ্ডৰ অধীনত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । তেওঁ প্ৰতিটো বিভাগ আৰু সংশ্লিষ্ট বিষয়াসকলক নিৰ্ধাৰিত সময়ৰ ভিতৰত আঁচনি ৰূপায়নকে ধৰি কাম-কাজসমূহ সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে যাতে জনসাধাৰণে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় । উপায়ুক্তগৰাকীয়ে লোকনিৰ্মাণ (পথ) আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লগতে প্ৰতিটো বিভাগকে পাৰস্পৰিক সমন্বয় আৰু সহযোগিতাৰে কাম কৰিবলৈ আহ্বান জনায় যাতে দুয়োটা বিভাগৰ আঁচনি ৰূপায়নৰ সময়ত জনসাধাৰণ সমস্যাৰ সন্মুখীন নহয়। এ পি ডি চি এলৰ কাম-কাজৰ পৰ্যালোচনাকালত উপায়ুক্তগৰাকীক অৱগত কৰোৱা হয় যে নতুনকৈ ১০ টা উপ-কেন্দ্ৰ স্থাপনৰ কাম অব্যাহত আছে। ইয়াৰ ফলত বিদ্যুৎ যোগান ব্যৱস্থা আৰু অধিক উন্নত হ'ব। লোকনিৰ্মাণ (ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক নুমলীগড়ৰ পৰা কাজিৰঙালৈকে পথচোৱাত মুকলি হৈ থকা পথৰ দাঁতিৰ ডাঙৰ গাঁতসমূহত বেৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে পথৰ খলা-বমাসমূহৰ মেৰামতি তথা উপযুক্ত ৰিফ্লেক্টৰৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে যাতে সম্ভাব্য দুৰ্ঘটনা ৰোধ কৰিব পৰা যায়। উপায়ুক্তগৰাকীয়ে গোলাঘাট চিকিৎসা মহাবিদ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয়, লাভলীনা ষ্টেডিয়াম আৰু নৰাগাঁৱৰ ষ্টেডিয়ামকে ধৰি আন্তঃগাঁথনিমূলক আৰু খহনীয়া প্ৰতিৰোধী প্ৰকল্প আদিৰ ৰূপায়ন খৰতকীয়া কৰিবলৈ লোকনিৰ্মাণ বিভাগ আৰু জলসম্পদ বিভাগৰ লগতে সংশ্লিষ্ট প্ৰতিটো বিভাগক নিৰ্দেশ দিয়ে। সভাত তেওঁ প্ৰতিটো বিভাগৰ নিৰ্মাণৰত আঁচনিসমূহৰ বিষয়ে বিতংভাৱে বুজ লয়। তেওঁ বিশেষকৈ শিক্ষা বিভাগৰ আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ ক্ষিপ্ৰ ৰূপায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, সুজাতা গগৈ, ৱাছবিৰ সুভানী আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট* 
NORTHEAST NEWS INDIA

Saturday, 8 July 2023

*পদুমপথাৰত কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত*

*পদুমপথাৰত কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত* 

৮ জুলাই,২০২৩ গোলাঘাট:

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি পদুমপথাৰত এখন কৃষি বিভাগৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। পদুম পথাৰ এগ্ৰ কৃষি উৎপাদক কোম্পানীৰ বাকৰিত অনুষ্ঠিত হোৱা সভা খন অধ্যক্ষতা কৰে গোলাঘাট জিলা উপায়ুক্ত ড: পি উদয় প্ৰবীনে। জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা পৰ্যালোচনা সভাখনত প্ৰধানমন্ত্ৰী কৃষান সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, ধান ক্ৰয়, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান, অসম মিলেট মিছন আদি আঁচনী সন্দৰ্ভত আলোচনা কৰে। কৃষকসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত বিভাগীয় সকলো কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে উপায়ুক্ত জনে।

উল্লেখযোগ্য যে, আজিৰ এই সভাখনত গোলাঘাট জিলাৰ বহু কেইটা কৃষক উৎপাদক কোম্পানিৰ অধ্যক্ষ সকল উপস্থিত থাকে। জিলা খনৰ কৃষি উৎপাদক কোম্পানী সমূহৰ বিভিন্ন কৃষি কৰ্মৰ সন্দৰ্ভত আজিৰ পৰ্যালোচনা সভা খনত বিশদ ভাৱে আলোচনা কৰা হয়।

আজিৰ সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত (কৃষি) দামোদৰ বৰ্মন, ৱাসবিৰ সুভানি, অনেষা ঠাকুৰ, ভাৰতীয় জনতা পাৰ্টীৰ সম্পাদক  পোনা বৰা আৰু গোলাঘাট জিলাৰ কৃষি উন্নয়ন বিষয়া সকল উপস্থিত থাকে।উল্লেখ্য যে  পদুপ পথাৰ এগ্র কৃষি উৎপাদক কোম্পানীৰ তৰফৰ পৰা আজিৰ সভাত উপস্থিত সকলোকে একোটাকৈ জৈৱিক টোপোলা উপহাৰ স্বৰূপে প্ৰদান কৰে। তদুপৰি পদুম পথাৰ অঞ্চলৰ বহু কেইজন খেটিয়কৰ  কৃষি ভূমি পৰিদৰ্শন কৰে। 

__________

*জিলা সংবাদ বিশেষজ্ঞ, কৃষি বিভাগ, গোলাঘাট* 
NORTHEAST NEWS INDIA

*সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান**ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব যোগান বিভাগে*

জনসংযোগ, গোলাঘাট

*সুলভ মূল্যৰ এজেণ্টসকলক প্ৰবঞ্চকৰ পৰা সতৰ্ক হ'বলৈ আহ্বান*

*ভুৱা ফোন কলেৰে ধন দাবী কৰা প্ৰবঞ্চকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব যোগান বিভাগে*

গোলাঘাট, ৮ জুলাই ২০২৩: গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক যিকোনো ভুৱা ফোন কলৰ পৰা সাৱধান হ'বলৈ বিভাগৰ তৰফৰ আহ্বান জনোৱা হৈছে। এই সম্পৰ্কীয় এটা বাৰ্তাত কোৱা হৈছে যে যোৱা কেইটামান দিনত জিলাখনৰ সুলভ মূল্যৰ দোকানৰ কেইবাগৰাকীও এজেণ্টে মহাৰাষ্ট্ৰৰ এটা বিশেষ ফোন নম্বৰ (08766949027)ৰ পৰা ফোন কল লাভ কৰিছে। এনে ফোন কলত সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলক ভয়-ভাবুকিৰে তেওঁলোকৰ পৰা মোটা অংকৰ ধন দাবী কৰা হয়। তেওঁলোকে ধন দিবলৈ অস্বীকাৰ কৰিলে গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাত এজেণ্টজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকি দিয়া হয়। এজেণ্টৰ সবিশেষ তথ্য তেওঁলোকৰ হাতত থাকে আৰু তাৰেই সুযোগ লৈ এনে ভুৱা নম্বৰৰ পৰা এজেণ্টসকলক ধন দাবী কৰা হয়। এই ভুৱা নম্বৰৰ বিৰুদ্ধে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাই গোচৰ ৰুজু কৰিব বুলি অৱগত কৰিছে। লগতে এনে নম্বৰৰ পৰা ফোন আহিলে উত্তৰ নিদিবলৈ বা ভয়-ভাবুকিত শংকিত নহ'বলৈ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ প্ৰতি আহ্বান জনোৱা হৈছে। বিভাগে দিয়া তথ্য মতে গোলাঘাট জিলাৰ কমাৰবন্ধাৰ গোলাঘাট সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকীও এজেণ্টে ইতিমধ্যে এনে প্ৰবঞ্চকৰ পৰা ফোন কল লাভ কৰিছে। যিকোনো অচিনাকী তথা অসমৰ বাহিৰৰ সন্দেহজনক নম্বৰৰ পৰা ফোন আহিলে সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনোৱা হৈছে। 
                                   
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Friday, 7 July 2023

*গোলাঘাটৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়ন অব্যাহতঃ ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জিলা প্ৰশাসনৰ*

জনসংযোগ, গোলাঘাট

*গোলাঘাটৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়ন অব্যাহতঃ ৩১ জুলাইৰ ভিতৰত নাম পঞ্জীয়ন কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জিলা প্ৰশাসনৰ*

*আধাৰৰ নামত মাচুল বিচাৰিলে আৰক্ষী অথবা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষত অৱগত কৰকঃ উপায়ুক্ত*

গোলাঘাট, ৭ জুলাই : গোলাঘাট জিলাৰ ১৪টা কেন্দ্ৰত আধাৰ পঞ্জীয়নৰ কাম অব্যাহত আছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক ওচৰৰ কেন্দ্ৰত গৈ আধাৰৰ বাবে পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ সহায় হোৱাকৈ জিলাখনৰ ১৪ খন বিদ্যালয়ত আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে। গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে কয় যে এই পঞ্জীয়ন সম্পূৰ্ণ বিনামূলীয়া। উপায়ুক্তগৰাকীয়ে স্পষ্ট কৰি দিছে যে আধাৰৰ নাম পঞ্জীয়নৰ নামত কোনো কেন্দ্ৰত ৰাইজৰ পৰা কোনোধৰণৰ মাচুল আদায় কৰিব নোৱাৰিব । কোনো কেন্দ্ৰত এনে কাৰ্য কৰাটো প্ৰমাণিত হ'লে আইনমতে দণ্ডনীয় হ'ব। আধাৰৰ নামত মাচুল দাবী কৰিলে তেনে লোকৰ বিৰুদ্ধে ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অথবা গোলাঘাট জিলা প্ৰশাসনৰ নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৭৪২৮৩২৮২ ত যোগাযোগ কৰিবলৈ উপায়ুক্তগৰাকীয়ে আহ্বান জনাইছে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ ১৪ খন বিদ্যালয়ত আধাৰ পঞ্জীয়নৰ কাম অব্যাহত আছে। কেন্দ্ৰসমূহ হ'ল মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ন-ভঙা হাইস্কুল, মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাদুলিপাৰাৰ বনগাঁও চ'লা হাইস্কুল, কাকদোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়, উৰিয়ামঘাটৰ ৰেংমা সীমান্ত হাইস্কুল, সৰুপথাৰ হিন্দী এম ই স্কুল, থুৰাজানৰ অসমী হাইস্কুল, দৈগ্ৰোঙৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী হাইস্কুল, টেঙানীৰ বৰহোলা নৱজ্যোতি এম ই স্কুল আৰু চুঙাজান এম ই স্কুল। প্ৰতিটো কেন্দ্ৰত পুৱা ৯ বজাৰ পৰা আধাৰ পঞ্জীয়ন কৰা হয়। আধাৰ পঞ্জীয়নৰ অন্তিম তাৰিখ ৩১ জুলাই।
                                                                     
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 6 July 2023

*অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান*

*অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান*

 গোলাঘাট ৬ জুলাই, ২০২৩ঃ গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ সকলো হোটেল, ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীক বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এক গোহাৰিত বিভাগে প্ৰকাশ কৰিছে যে হোটেল, ৰেষ্টুৰেণ্টত বাণিজ্যিক উদ্দেশ্যৰে ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাটো ৰন্ধন গেছ (যোগান আৰু বিতৰণৰ নিয়ামক) আদেশ, ২০০০ৰ অধীনত নিষিদ্ধ আৰু বেআইনী কাৰ্যকলাপ হিচাপে গণ্য কৰা হয়। হোটেল, ৰেষ্টুৰেণ্টসমূহত ১৯ কিলোগ্ৰাম ওজনৰ নীলা ৰঙৰ বাণিজ্যিক ৰন্ধন গেছ ব্যৱহাৰ কৰিবলৈ বিভাগে আহ্বান জনাইছে। কোনো হোটেল বা ৰেষ্টুৰেণ্টত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ প্ৰমাণ পালে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে স্থানীয় লোক আৰু সংবাদ মাধ্যমৰ অভিযোগৰ ভিত্তিত যোৱা ৪ জুলাইত গোলাঘাটৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ যোগান পৰিদৰ্শকৰ এটা দলে গোলাঘাট নগৰৰ কেইবাখনো ৰেষ্টুৰেণ্ট আৰু হোটেলত ঘৰুৱা ৰন্ধন গেছৰ ব্যৱহাৰৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানকালত গোলাঘাট নগৰৰ এখন হোটেলৰ পৰা ছটা ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰা হয়।
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...