Sunday, 2 July 2023

গোলাঘাটত কৃষি সজুলি বিতৰণ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ*

*গোলাঘাটত কৃষি সজুলি বিতৰণ বিত্ত মন্ত্ৰী অজন্তা নেওগৰ*
গোলাঘাট,২ জুলাই ২০২৩: 

"প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰত বৰ্ষত কৃষি আৰু আনুসংগিক ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। একেদৰে অসম চৰকাৰে কৃষি অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে বিভিন্ন মাধ্যমেৰে  জনসাধাৰণক সজাগ কৰিছে। কৃষি ক্ষেত্ৰত নতুন প্ৰজন্মক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা প্ৰয়োজন।"এই মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ মন্ত্ৰী অজন্তা নেওগে।

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত কৃষক ৰাইজৰ বাবে বিভিন্ন সামগ্ৰী বিতৰণৰ এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি  অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা গোলাঘাট সমষ্টিৰ বিধায়ীকা অজন্তা নেওগে নিজা বক্তব্যত কৃষি ক্ষেত্ৰত গোলাঘাট অসমৰ ভিতৰত যাতে এখন জাকত জিলিকা জিলা হৈ পৰে তাৰ বাবে বিশেষ প্ৰচেষ্টা ল'বলৈ উপস্থিত কৃষক ৰাইজক আহ্বান জনাই৷ তদুপৰি কৃষি ক্ষেত্ৰত  নতুন প্ৰযুক্তি সমূহৰ ব্যৱহাৰ সন্দৰ্ভত উন্নয়ন খণ্ড সমূহত বিশেষজ্ঞ ৰ জৰিয়তে প্ৰশিক্ষণ দিয়াৰ বাবেও কৃষি বিষয়া সকলক আহ্বান জনায়।

পুৱা ১০.৩০বজাৰ পৰা আৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই ৷ সহকাৰী ৰসায়নবিদ ৰঞ্জন বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত প্ৰায় শতাধিক কৃষক উপস্থিত থাকে। তদুপৰি আজিৰ সভাখনত সহকাৰী কৃষি সঞ্চালক অনুপম গগৈ, কৃষ্ণ ৰঞ্জন শইকীয়াকে ধৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, উত্তৰ পূব হিমালয় খণ্ডৰ বাবে উদ্যান শস্য অভিযান, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযান  আঁচনিৰ অধীনত অনুষ্ঠানটিত জিলাখনৰ কৃষকৰ বাবে বিভিন্ন কৃষি সা-সঁজুলি বিতৰণ কৰে।আজিৰ এই কাৰ্যসূচীত  ৰাজসাহায্য যুক্ত দুখন পাৱাৰ টিলাৰ, চাৰিখন ট্ৰাই চাইকেল, দুটা শক্তি চালিত নিয়নী যন্ত্ৰ, চাৰিটা খেৰকটা যন্ত্ৰ, পাঁচটা শস্য চপোৱা যন্ত্ৰ, এটা সৌৰ শক্তি চালিত শুকুৱা মেচিন হিতাধিকাৰি সকলৰ মাজত বিতৰণ কৰে।তদুপৰি  আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ৮টা মচলা আৰু পিঠা খুন্দা যন্ত বিতৰণ কৰা হয়৷

NORTHEAST NEWS INDIA

Saturday, 1 July 2023

*গোলাঘাটত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" শুভাৰম্ভ*

*গোলাঘাটত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" শুভাৰম্ভ*

বোকাখাট,১ জুলাই ২০২৩: 

"প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে কৃষক সকলে সুবিধা লাভ কৰি উপকৃত হব পাৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই ধ্বজাবাহী আঁচনীৰ জৰিয়তে প্ৰায় ২৬৩ কোটি টকা অসমৰ কৃষক সকলে লাভ কৰিছে। গোলাঘাট জিলাত সৰ্বমুঠ ১৬,১৮৪ জন কৃষকে প্ৰায় ১৬ কোটি ৫৩ হাজাৰ টকা বীমা কৰা কৃষকসকলে লাভ কৰিছে।" এই মন্তব্য প্ৰদান কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। আজি বোকাখাতত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অন্তৰ্গত শস্য বীমা সপ্তাহৰ  শুভাৰম্ভ  কাৰ্যসুচীত অংশগ্ৰহন কৰি ৰাইজক উদ্দেশি নিজ ভাষণত কৃষিমন্ত্ৰী অতুল বৰাই  প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ সু-ফল যাতে কৃষকে লাভ কৰিব পাৰে, তাৰবাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ কৃষি বিষয়া আৰু বীমা কোম্পানীৰ বিষয়া সকলক আহ্বান জনায়।

তদুপৰি  অসম চৰকাৰৰ সহযোগত গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজি এই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ "শস্য বীমা সপ্তাহৰ" প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰী অতুল বৰাদেৱে।এই উপলক্ষে বোকাখাতস্থিত পুৱতি  সাহিত্য সভাৰ প্রেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ উপস্থিতিত  মুঠ  ১২ জন হিতাধিকাৰীক প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ধন ৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

এই উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাখনত অংশগ্ৰহন কৰি কৃষি মন্ত্ৰী অতুল বৰাই ৰাইজক উদেশ্য কৰি তেওঁৰ নিজা বক্তব্যত কৃষি যান্ত্ৰিকৰন, বাণিজ্যিক মূল্য থকা খেতি, ক্ষুদ্ৰ জলসিঞ্চন,  কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধ্বজাবাহী আঁচনি, পুষ্টিকৰ খাদ্য হিচাপে মিলেট খেতি,  প্ৰকৃতিক খেতি, জৈৱিক কৃষি, মাকৈ খেতিৰ জৰিয়তে আয়, অসমত দ্বৈত খেতি, কৃষকৰ আয় দুগুণ , পৰম্পৰাগত কৃষি আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই।

আজিৰ অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ শৰ্মাই। জিলা নডেল বিষয়া ৰঞ্জন বৰুৱাই প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য আগবঢ়াই। প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক নডেল বিষয়া দেৱজিৎ নেওগে ফচল বীমা যোজনাৰ গুৰুত্ব ,কৃষকসকল সজাগ হোৱাৰ লগতে আঁচনী খনৰ বৈশিষ্ট্যসমূহ,হিতাধিকাৰী লাভান্বিত হোৱা দিশ সমূহৰ সন্দৰ্ভত উপস্থিত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে।

উল্লেখযোগ্য যে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত উৎপাদনৰ ক্ষতিৰ আধাৰত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কৃষক সকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিৰ বাবে এক হেক্টৰ খেতি মাটি লৈ কৃষকে এশ টকাৰ বীমা মূল্য দিব লাগিব।  গোলাঘাট জিলাৰ কৃষি বিষয়া ৰঞ্জিত শৰ্মাই জানিবলৈ দিয়ে যে এই প্ৰচাৰ অভিযানত গোলাঘাট জিলাখনৰ সকলো গাঁও পঞ্চায়তত  এশ শতাংশ ৰূপায়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

উল্লেখযোগ্য যে আজিৰ এই অনুষ্ঠানত বোকাখাটৰ মহকুমাধিপতি ড: নেহা যাদৱ,প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ ৰাজ্যিক পৰামৰ্শদাতা দেৱজিৎ নেওঁগ, জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মা, যোজনাৰ জিলা নডেল বিষয়া ৰঞ্জন বৰুৱা, মহকুমা কৃষি বিষয়া সূৰুয শইকীয়া আৰু বহুকেইটা বীমা কোম্পানীৰ বিষয়ববিয়া উপস্থিত থকাৰ লগতে প্ৰায় পাঁচ শতাধিক কৃষক ৰাইজ উপস্থিত থাকে। 

NORTHEAST NEWS INDIA

Monday, 26 June 2023

*"অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা সম্পন্ন*

*"অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক সজাগতা সভা সম্পন্ন* 

গোলাঘাট,২৬ জুন ২০২৩:

আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি  ৰাখি আজি গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত নাহৰজান চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্রীৰ বাবে মিলেট' শীর্ষক এখন সজাগতা সভাৰ আয়োজন কৰা হয়।

নাহৰজান চাহ জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বুবুল চবৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা সজাগতা সভাখনত প্ৰায় ১০০ গৰাকী শিক্ষার্থীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী, সমাজ কল্যাণ বিভাগৰ মুখ্য সেৱিকা, অংগনাদী কৰ্মী সকলেও উক্ত সভাত অংশগ্ৰহণ কৰে। সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ ন'ডেল অফিচাৰ শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে ছাত্র-ছাত্ৰীক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

আজিৰ এই মিলেটৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে  খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে।তেওঁ  মিলেটৰ গুণাগুণ, পানীৰ প্ৰয়োজন, পুষ্টি, বহনশীল ভবিষ্যত, জলবায়ু অনুকূল কৃষি হিচাপে মিলেট আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। 

উল্লেখযোগ্য আজিৰ এই সজাগতা সভা খনত প্ৰায় শতাধিক লোকে অংশগ্ৰহন কৰে।সজাগতা সভাৰ শেষত সমাজ কল্যাণ বিভাগ আৰু শিক্ষা বিভাগক গোলাঘাট  জিলা কৃষি বিভাগৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য যে আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া, মিলেট বানিজ্যিক কাৰ্য্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা উপস্থিত ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হয়।

NORTHEAST NEWS INDIA

Saturday, 24 June 2023

*২৫ জুনত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

*২৫ জুনত বোকাখাতৰ বিভিন্ন ঠাইত বিদ্যুৎ কৰ্তন*

গোলাঘাট, ২৪ জুন : এ পি ডি চি এলৰ ১৩২কে.ভি. গড়মুৰ গ্ৰীড  উপকেন্দ্ৰ, যোৰহাটে ইয়াৰ পুৰণিপেনেল তথা কেবলসমূহ বদলি কৰি নতুন স্বয়ংক্ৰিয় ব্যৱস্থাযুক্ত পেনেল তথা কেবল সংস্থাপিত কৰাৰ এক আঁচনি হাতত লৈছে। উক্ত প্ৰচেষ্টাৰ অংশস্বৰূপে ২৫ জুন পুৱা ৯ বজাৰ পৰা বিয়লি  ৩ বজালৈ ১৩২ কে.ভি. যোৰহাট-যোৰহাট (পশ্চিম) বিদ্যুৎ পৰিবাহী লাইনৰ বিদ্যুৎ পৰিবহন ব্যৱস্থা বন্ধ ৰখা হ'ব। এপিডিচিএলৰ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ সহকাৰী মহাপ্ৰবন্ধকে জাৰি কৰা এখন জাননীত এই বিষয়ে কোৱা হৈছে । বিদ্যুৎ কৰ্তনৰ ফলত উল্লিখিত সময়চোৱাত বোকাখাত, কহঁৰা, ৰজাবাৰী, বিহৰা, নুমলীগড়, তেলগৰম, কমাৰগাঁও, বাদুলীপাৰ, খুমটাই তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহ প্ৰভাৱিত হ'ব পাৰে। এই সময়চোৱাত বিভাগক সহযোগ কৰিবলৈ জাননীখনত ৰাইজৰ প্ৰতি আহ্বান জনোৱা হৈছে । 

NORTHEAST NEWS INDIA

Wednesday, 21 June 2023

*মিলেট খেতি সন্দৰ্ভত আঠখেলীয়াত সজাগতা সভা*

*মিলেট খেতি সন্দৰ্ভত আঠখেলীয়াত সজাগতা সভা*

২১ জুন, ২০২৩ঃ গোলাঘাট: 

গোলাঘাট জিলা কৃষি বিভাগৰ অসম মিলেট মিছনৰ উদ্যোগত আজি আঠখেলীয়াত  এখন সজাগতা সভা অনুষ্ঠিত হয়। আন্তজাৰ্তিক মিলেট বৰ্ষ ২০২৩
ৰ লগত সংগতি ৰাখি আঠখেলীয়া গাঁও পঞ্চায়ত কাৰ্যলয়ৰ সভাকক্ষত আজি অসমত মিলেটৰ বাবে কৃষক শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়।

মিলেট খেতি সন্দৰ্ভত অনুস্থিত হোৱা সজাগতা সভাত সভাপতিত্ব কৰে আঠখেলীয়া গাঁও পঞ্চায়তৰ সভাপতি গুণীন বৰাই । সভাখনত গোলাঘাট জিলা কৃষি বিভাগৰ তৰফৰ পৰা অসম মিলেট মিচনৰ জিলা ন'ডেল বিষয়া শান্তনু দত্তই আদৰণী ভাষণ প্ৰদান কৰে।সভাত তেওঁ মিলেটৰ প্ৰকাৰ , মিলেট খেতিৰ গুৰুত্ব আৰু মিলেটৰ গুণাগুণ তথা উপকাৰিতা সম্পর্কে উপস্থিত কৃষক ৰাইজক অৱগত কৰাৰ জৰিয়তে সজাগতা অনাৰ চেষ্টা কৰা হয়।

সভাখনত সমল ব্যক্তি হিচাবে  ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই ৰ কৃষ্ণাক্ষী বৰাই। তেওঁ নিজা ভাষনত অসম মিলেট মিছনৰ উদ্দেশ্য, মিলেটৰ গুণাগন, ব্যৱসায়িক  লাভালাভ আদিৰ সন্দৰ্ভত কৃষক সকলৰ আগত বক্তব্য আগবঢ়াই। ইয়াৰ পাছত মিলেট খেতি সন্দৰ্ভত ফৰকাটিং কৃষি উন্নয়ন বিষয়া সপ্তৰ্ষী চেতিয়াই  কৃষক ৰাইজৰ লগত মিলেট খেতিৰ ভবিষ্যত সন্দৰ্ভত কৃষক ৰাইজৰ লগত মত বিনিময় কৰে।

আজিৰ এই সজাগতা সভাখনত প্ৰায় অৰ্ধশতাধিকতকৈ অধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। জানিব পৰা মতে, অসম মিলেট মিছনৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ গুনিন ৰয়ে সজাগতা সভাৰ কাৰিকৰী দিশত সহায় সহযোগিতা ও দিহা পৰামৰ্শ আগবঢ়াই আহিছে। তদুপৰি, আজিৰ সভাখনত গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ জিলা সংবাদ বিশেষজ্ঞ ভাৰ্গব শইকীয়া , জিলা মিলেট বানিজ্যিক কাৰ্যবাহী উত্তম দুৱৰা আৰু জিলা মিলেট সম্প্ৰসাৰণ কাৰ্যবাহী বিদিশা ভট্টচাৰ্য্য উপস্থিত থাকে। উল্লেখযোগ্য যে আজিৰ সজাগতা সভাখনত মিলেট খেতি বিষয়ক বহুকেইখন পত্ৰিকা কৃষক ৰাইজৰ মাজত বিতৰণ কৰা হয়।

 NORTHEAST NEWS INDIA

বসুধৈৱ কুতুম্বকমৰ বাবে যোগ

গোলাঘাট ২১ জুন, ২০২৩ঃ "বসুধৈৱ কুতুম্বকমৰ বাবে যোগ"- এই মূল বিষয়বস্তুৰে আজি গোলাঘাটতো নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে গোলাঘাট নগৰৰ ইণ্ড'ৰ ক্ৰিকেট ষ্টেডিয়ামত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্য যোগ প্ৰশিক্ষক দীপক গগৈৰ নেতৃত্বত পাঁচজনীয়া প্ৰশিক্ষকৰ এটা দলে সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায়। যোগাভ্যাসত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক শ্ৰীপুষ্কিন জৈন, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত ভূঞা, কেইবাগৰাকীও প্ৰশাসনিক বিষয়া, বিভিন্ন বিভাগৰ জিলা মুৰব্বী আৰু বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হ'ল "বসুধৈৱ কুতুম্বকম"ৰ বাবে যোগ। অৰ্থাৎ এক বিশ্ব-এক পৰিয়ালৰ ধাৰণাৰে সকলোৰে কল্যাণ।

NORTHEAST NEWS INDIA

Sunday, 18 June 2023

সতৰ্ক বাণী

সতৰ্ক বাণী
 গোলাঘাট জিলা প্ৰশাসনৰ দ্বাৰা ৰাইজৰ জ্ঞাতাৰ্থে জনোৱা যায় যে বিগত দিনবোৰত নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষ্মপুত্ৰ নদীৰ লগতে ধনশ্ৰী, দৈয়াং, কাকডোংঙা, গেলাবিল ইত্যাদি উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পাইছে। গতিকে গোলাঘাট, মৰঙী, খুমটাই, দেৰগাঁও, সৰুপথাৰ আৰু বোকাখাট ৰাজহ চক্ৰৰ অন্তৰ্গত নৈপৰীয়া ৰাইজক বানপানীৰ পৰা হব পৰা সম্ভাব্য বিপদ প্ৰতিহত কৰিবৰ বাবে সজাগ হৈ থাকিবলৈ জনোৱা হ’ল আৰু তলৰ নিৰ্দেশনাসমূহ পালন কৰিবলৈ জনোৱা হ’ল  :- 
১) বাঢ়নী পানীত গা-ধোৱা আৰু মাছ মাৰিবলৈ যোৱাৰ পৰা বিৰত থাকক।
২) সৰু লৰা ছোৱালীক নদী, জান-জুৰি, খাল, ডোং আদিৰ ওচৰত নাযাবলৈ/নেখেলিবলৈ বাধ্য কৰাওক।
৩) নদী, জান-জুৰি, খাল, ডোং আদিৰ পানীত নাওঁ চলোৱাৰ পৰা বিৰত থাকক ।
৪)  বাঢ়নী পানীত খোজ কাঢ়িবলৈ নাযাব।
৫) বাঢ়নী পানীত গাড়ী-মটৰ আদি চলাবলৈ নাযাব ।
৬) ৰাতিৰ ভাগত বাঢ়নী পানীয়েদি নাযাব ।
৭) বৈদ্যুতিক খুটা, ট্ৰেন্সফৰ্মাৰ, ওলমি থকা বৈদ্যুতিক তাঁৰ আদিৰ পৰা দূৰত থাকক । পানীৰ সংস্পৰ্শত থকা বৈদ্যুতিক আহিলা পৰীক্ষা নকৰাকৈ ব্যৱহাৰ নকৰিব ।
৮)বৈদ্যুতিক আহিলা বা ট্ৰেন্সফৰ্মাৰ পানীত ডুবি থকা দেখিলে শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাওঁক ।
৯) বানপানীৰ সময়ত ওখ ঠাই/ঘৰৰ ভিতৰলৈ সাপ সোমাই আহিব পাৰে । গতিকে সৰ্প দংশনৰ পৰা সাৱধানে থাকিব ।
১০)বানপানীৰ উটি অহা বা পানীত ওপঙি থকা খাদ্যবস্ত্ত নাখাব ।

উপায়ুক্ত,
গোলাঘাট

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...