Saturday, 25 March 2023
Wednesday, 22 March 2023
*গোলাঘাট জি পি এছ এছৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল*
জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং ৩৯৮/২০২৩
*গোলাঘাট জি পি এছ এছৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল*
গোলাঘাট, ২২মাৰ্চ : গোলাঘাট জিলা প্ৰশাসনে গাঁও পঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতি, মেচাৰ্চ গোলাঘাট জি পি এছ এছৰ ছাব-হ'লছেল আৰু খুচুৰা উভয় অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল কৰিছে আৰু অহা মে' মাহৰ পৰা পুনৰ অনুজ্ঞাপত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰিছে । জিলা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তই জাৰি কৰা নিৰ্দেশনাটোত কোৱা হৈছে যে তদন্তকাৰী বিষয়া আৰু বিভাগৰ পৰিদৰ্শক বিনায়ম কৃষ্ণই দিয়া প্ৰতিবেদন আৰু পৰামৰ্শাৱলী তথা সমবায় সমিতিখনৰ নৱনিৰ্বাচিত অধ্যক্ষ আৰু সচিবে দাখিল কৰা আবেদন, শপতনামা, নৱনিৰ্বাচিত সঞ্চালকমণ্ডলী আৰু এই গোচৰৰ সৈতে জড়িত বিভিন্ন দিশ পৰ্যবেক্ষণৰ অন্তত এই নিৰ্দেশ জাৰি কৰা হৈছে । নৱনিৰ্বাচিত সঞ্চালকমণ্ডলীয়ে দায়িত্বভাৰ লোৱাৰ লগতে সমিতিখনত এগৰাকী চৰকাৰী সচিব নিযুক্তি দিয়াৰ পিছতেই গোলাঘাট জিলাৰ উপায়ুক্তই পূৰ্বৰ অনুজ্ঞাপত্ৰ প্ৰত্যাহাৰৰ নিৰ্দেশ বাতিল কৰে । সচিবগৰাকীক ছাব-হ'লছেল আৰু খুচুৰা উভয় শাখাতে পাৰ্মিট বুক, মজুতকৰণ আৰু বিক্ৰীৰ পঞ্জীয়ন বহী প্ৰস্তুত কৰি মে' মাহৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ চাউল মজুতকৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে । মে' মাহৰ পৰা পৰৱৰ্তী তিনি মাহৰ বাবে সমিতিখনক পৰীক্ষামূলকভাবে কাম-কাজ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে । এই সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰী আইন ১৯৫৫ ৰ কোনো দফা উলংঘা কৰিলে সমবায় সমিতিখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ।
*জনসংযোগ, গোলাঘাট*
*গোলাঘাটত পোষণ “পখোৱাৰা”ৰ শুভাৰম্ভ*
জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং ৩৯৭/২০২৩
গোলাঘাট, ২২মাৰ্চ : গোলাঘাটৰ অলংকাৰ বিবাহ ভৱনত আজি গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ সৌজন্যত আয়োজিত এক অনুষ্ঠানত জিলা পৰ্যায়ৰ পোষণ “পখোৱাৰা” উদযাপনৰ শুভাৰম্ভ কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট নগৰৰ মাজেৰে এটা সজাগতা সমদলো উলিওৱা হয় । এই বিশেষ অভিযানৰ জৰিয়তে পৰিপুষ্টিগত সুস্থতাৰ বাবে শ্ৰীঅন্ন (মিলেট)ৰ প্ৰসাৰ আৰু জনপ্ৰিয়কৰণ, ৰাজ্যজুৰি সুস্থ শিশু প্ৰতিযোগিতাৰ আয়োজন আৰু সক্ষম অংগনৱাড়ী কেন্দ্ৰৰ জনপ্ৰিয়কৰণ ইত্যাদিৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে । এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰীয়া দেউৰীয়ে আদৰণি ভাষণ দিয়ে । অনুষ্ঠানত অংশ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ মৃদুস্মিতা বৰঠাকুৰে পাৱাৰপইন্ট প্ৰেজেণ্টেচনৰ জৰিয়তে মিলেটৰ বিভিন্ন পৰিপুষ্টিজনিত উপকাৰিতাৰ বিষয়ে বাখ্যা কৰি মিলেটক দৈনিক আহাৰৰ এক অৱিচ্ছেদ্য অংগলৈ ৰূপান্তৰিত কৰাৰ বাবে উপযুক্ত সজাগতা সৃষ্টিৰ বাবে আহ্বান জনায় । তেওঁ মিলেটৰ পৰা প্ৰস্তুত কৰিব পৰা খাদ্যসামগ্ৰীৰ বিষয়েও বিতং বৰ্ণনা আগবঢ়ায় । সভাত অসম মিলেট মিছনৰ অধীনত অসম চৰকাৰে বাছনি কৰা গোলাঘাট জিলাৰ ২৫ গৰাকী প্ৰগতিশীল কৃষকৰ অন্যতম সিদ্ধাৰ্থ শৰ্মাই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে । তেওঁ নিজৰ ভাষণত মিলেটৰ উপকাৰিতা আৰু এছিয়া মহাদেশত ইয়াৰ ব্যাপক উপলব্ধতাৰ বিষয়ে বক্তব্য আগবঢ়ায় । ছুপাৰভাইজৰ বাণী বৰাই আঁত ধৰা অনুষ্ঠানটোত পোষণ অভিযানৰ জিলা সমন্বয়ক প্ৰিয়মজিত দুৱৰাই শলাগৰ শৰাই আগবঢ়ায় । অনুষ্ঠানত শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, ব্লক পৰ্যায়ৰ পোষণৰ বিষয়া কৰ্মচাৰী, ছুপাৰভাইজৰসকল, প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা আৰু জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী, অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকল উপস্থিত আছিল ।
*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA
সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
।।জয় মা আৰু প্ৰকৃতি।।
সমগ্র বিশ্বৰ মানৱ জাতিলৈ আহ্বান।
সেই বিশ্বৰ মানৱ, সমগ্র জীৱকোল তেতিয়াহে সুখ শান্তিৰে জীৱন নিৰ্বাহ কৰিৱ পাৰিব, যেতিয়া মা আৰু প্ৰকৃতি সুস্থ হৈ থাকিৱ।
বিশ্বৰ সকলো মানৱ জাতিৰ নিজৰ নিজৰ আৰাধ্য দেৱতা, তেতিয়াহে আপোনালোকৰ ওপৰত সন্তুষ্ট হব, কৃপা দৃষ্টি ৰাখিব।যেতিয়া বিশ্বৰ সকলো মানৱ জাতিয়ে মা আৰু প্ৰকৃতিক শ্ৰদ্ধা ভক্তি কৰিব। মা আৰু প্ৰকৃতি ৰ অনিষ্ট হোৱা কাম কৰা বন্ধ কৰিব।
সমগ্র বিশ্বৰ মানৱ জাতিলৈ বিশেষ আহ্বান আহক সময় থাকোতে মা আৰু প্ৰকৃতি ৰ চৰনত সেৱা লওঁক , নিজকে ধন্য কৰাওঁক। এই পৃথিবীত সুষ্ঠৰে জীবন যাপন কৰক।।
ধন্যবাদেৰে।।
সেৱাৰে
মা আৰু প্ৰকৃতি
মাধৱ গগৈ
প্ৰতিষ্ঠাপক।
Tuesday, 21 March 2023
*গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ*
*গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ*
২১ মাৰ্চ ২০২৩ গোলাঘাটঃ
গোলাঘাট পৌৰ সভাই নতুন মূল্যাংকনৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে লোৱা প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছে আৰু বৰ্তমানৰ নিৰিখতে পৌৰকৰ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । বিষয়টো আলোচনাৰ বাবে অহা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে ৰাইজৰ প্ৰতিনিধিৰ সৈতে এখন নাগৰিক সভা অনুষ্ঠিত কৰা হ'ব বুলি পৌৰ সভাৰ সভানেত্ৰী দুলুমনি বৰবৰাই এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।
NORTHEAST NEWS INDIA
*অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অহা ২৬ মাৰ্চত হ'বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা গোলাঘাটৰ কেন্দ্ৰসমূহত সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত*
*অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অহা ২৬ মাৰ্চত হ'বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা গোলাঘাটৰ কেন্দ্ৰসমূহত সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত*
২১ মাৰ্চ ২০২৩ গোলাঘাটঃ অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অহা ২৬ মাৰ্চত হ'বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা গোলাঘাটৰ কেন্দ্ৰসমূহত সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত আজি গোলাঘাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । বৈঠকত অংশ লৈ অসম লোকসেৱা আয়োগৰ সদস্য ডঃ পদ্মা শৰ্মাই এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ প্ৰস্তুতি সন্দৰ্ভত সবিশেষ বুজ লয় । তেওঁ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন অথবা কোনো ইলেকট্ৰনিক সামগ্ৰী আদি কোনো পৰীক্ষাৰ্থীয়ে যাতে নিব নোৱাৰে আৰু কোনো লোকে অকৰ্তৃত্বশীলভাৱে যাতে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক হ'বলৈ আৰক্ষীৰ লগতে ইয়াৰ দায়িত্বত থকাসকলৰ প্ৰতি আহ্বান জনায় । বৈঠকত গোলাঘাট জিলাত এই পৰীক্ষাৰ নডেল বিষয়া অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকা, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী অঞ্জন পণ্ডিত, সংশ্লিষ্ট বিষয়াসকল আৰু পৰীক্ষা কেন্দ্ৰৰ ছুপাৰভাইজাৰ সকল উপস্থিত আছিল ।
উল্লেখযোগ্য যে গোলাঘাট জিলাৰ চাৰিটা কেন্দ্ৰ দেৱৰাজ ৰয় কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব । জিলাখনৰ মুঠ ২১০৩ গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুয়োবেলা পৰীক্ষা অনুষ্ঠিত হ'ব । ইতিমধ্যে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হ'ল ০৩৭৭৪২৮৩২৮২ ।
NORTHEAST NEWS INDIA
Wednesday, 15 March 2023
*অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা : গোলাঘাটৰ ৪টা কেন্দ্ৰত পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত সভা*
জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯৫/২০২৩
*অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা : গোলাঘাটৰ ৪টা কেন্দ্ৰত পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত সভা*
গোলাঘাট, ১৫ মাৰ্চ : অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অহা ২৬ মাৰ্চত হ'বলগীয়া প্ৰাৰম্ভিক পৰীক্ষা গোলাঘাটৰ কেন্দ্ৰসমূহত সুচাৰুৰূপে সম্পন্ন কৰা সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । গোলাঘাট জিলাত এই পৰীক্ষাৰ নডেল বিষয়া অতিৰিক্ত উপায়ুক্ত কুলদীপ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত আৰক্ষী আৰু সংশ্লিষ্ট কেন্দ্ৰসমূহত নিয়োজিত বিষয়াসকলৰ দায়িত্ব সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কোনো পৰীক্ষাৰ্থীয়ে যাতে পৰীক্ষাত অসৎ উপায় অৱলম্বন নকৰে আৰু আইন শৃংখলা পৰিস্থিতি যাতে অটুট থাকে তাৰ বাবে সকলোকে নিজৰ দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ কয় যে প্ৰৱেশ পত্ৰ, কলম আৰু যিকোনো এখন ফটো পৰিচয় পত্ৰৰ বাহিৰে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত মোবাইল ফোন অথবা কোনো ইলেকট্ৰনিক সামগ্ৰী, লিখা কাগজ আদি কোনো পৰীক্ষাৰ্থীয়ে নিব নোৱাৰিব । কোনো লোকে অকৰ্তৃত্বশীলভাৱে যাতে পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত দুই তৰপীয়া তালাচীৰ ব্যৱস্থা কৰা হ'ব । প্ৰতিটো কেন্দ্ৰতে একোজন দণ্ডাধীশ নিয়োগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । উল্লেখযোগ্য যে গোলাঘাট জিলাৰ চাৰিটা কেন্দ্ৰ দেৱৰাজ ৰয় কলেজ, কমাৰ্চ কলেজ, এইচ পি বি গাৰ্লছ কলেজ আৰু চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই পৰীক্ষা অনুষ্ঠিত হ'ব । জিলাখনৰ মুঠ ২১০৩ গৰাকী প্ৰাৰ্থী এই পৰীক্ষাত অৱতীৰ্ণ হ'ব । পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু বিয়লি ২ বজাৰ পৰা ৪ বজালৈ দুয়োবেলা পৰীক্ষা অনুষ্ঠিত হ'ব । ইতিমধ্যে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে । গোলাঘাটৰ চক্ৰ বিষয়া পাপৰি দাসক এই নিয়ন্ত্ৰণ কক্ষৰ দায়িত্ব অৰ্পন কৰা হৈছে । নিয়ন্ত্ৰণ কক্ষৰ নম্বৰটো হ'ল ০৩৭৭৪২৮৩২৮২ ।
পৰীক্ষাৰ সময়ছোৱাত পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হোৱা ভীৰ নিয়ন্ত্ৰণ কৰি শান্তি শৃংখলা ৰক্ষাৰ হেতু গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে তিনিজন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্ত্ৰ, বাৰুদ অথবা কোনো সন্দেহজনক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যানবাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰা অথবা অকৰ্তৃত্বশীল বাহনৰ অবৈধ পাৰ্কিং আদি নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পিকাৰ/ উচ্চ শব্দ সৃষ্টিকাৰি সামগ্ৰী, বাদ্য আদি বজাব নোৱাৰিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
Subscribe to:
Comments (Atom)
-
*মা আৰু প্ৰকৃতি* অসমৰ প্ৰতিটো অঞ্চলত একোখনকৈ শাখা গঠন কৰিবলৈ ৰাইজলৈ আহ্বান। আমাৰ এই মহান অনুষ্ঠানভাগ গঠন কৰিবলৈ, যোগাযোগ কৰিবলৈ অনুৰোধ জনাল...
-
PNB RSETI Golaghat is looking for interested candidates under Gomariguri Development Block for imparting 10 Days Training on Pisciculture (I...