Friday, 10 March 2023

गोलाघाट के मनीष कुमार गुप्ता राष्ट्रीय मानवाधिकार एवं अपराध नियंत्रण ब्यूरो के प्रदेश महासचिव बने

गोलाघाट के मनीष कुमार गुप्ता राष्ट्रीय मानवाधिकार एवं अपराध नियंत्रण ब्यूरो के 
                 प्रदेश महासचिव बने
 गोलाघाट, 10 मार्च । राष्ट्रीय मानवाधिकार एवं अपराध नियंत्रण ब्यूरो सम्पूर्ण भारत में मानवाधिकारों की रक्षा के लिए कार्यरत हैं और लोगों को उनके अधिकारों की लड़ाई लड़ने में सहयोग करता आ रहा है । संस्था के माध्यम से हजारों शासकीय कर्मचारियों , महिलाओं , बच्चे एवं पीड़ित परिवारों को न्याय मिल चुका है । इस बीच गोलाघाट निवासी मनीष कुमार गुप्ता को उनके समाज के प्रति समर्पण, योग्यता एवं अनुभव कौशल को देखते हुए ब्यूरो के असम प्रदेश अध्यक्ष सन्तोष कुमार कानू की अनुशंसा एवं राष्ट्रीय सदस्यता अधिकारी संदीप कुमार के समर्थन पर राष्ट्रीय अध्यक्ष रणधीर कुमार ने मनीष कुमार गुप्ता को असम प्रदेश महासचिव यूथ विंग का दायित्व सौंपा है । बताते चलें कि मनीष कुमार गुप्ता लंबे समय से विभिन्न संस्थाओं से जुड़कर महत्वपूर्ण योगदान देते आ रहे हैं। और आज अपने अभिवादन के दौरान कहा कि संस्था ने जो जिम्मेदारी मेरे कंधों पर दी है, उसे मैं पूरी निष्ठा , तन्मयता एवं लगन के साथ निर्वाहन करूंगा । श्री गुप्ता के उक्त उपलब्धि पर ब्यूरो के स्थानीय कार्यकर्ताओं में खुशी का माहौल व्याप्त है और गोलाघाट ब्यूरो के जिला महासचिव सरोज कुमार गुप्ता ने असमिया फुलाम गमछे से उनका अभिनंदन किया और मिठाई खिलाकर खुशी जाहिर की । इस मौके पर ब्यूरो के प्रदेश युवा अध्यक्ष सन्तोष कुमार कानू, जिला उपाध्यक्ष अम्बरीश शर्मा,जिला महासचिव सरोज कुमार गुप्ता ,  मीडिया प्रभारी  बृजमनी पांडेय, संजीव प्रजापति एवं सदस्य क्रमशः राजीव रविदास, विकास साह, अभिलाष हाजरिका, आनन्द गुप्ता, राहुल कुमार गुप्ता, विवेक गुप्ता, विशाल रजक एवं अनित्य सरकार उपस्थित थै।

Sanjib Kumar Prajapati Report
NORTHEAST NEWS INDIA

Thursday, 9 March 2023

In celebration of International Women's Day

In celebration of International Women's Day

09 March 2023 Golaghat:
In celebration of International Women's Day a Marathon and felicitation program was organised by the District Hub for Empowerment of Women,with the support of Women and Child Development Department and East ICDS project,Golaghat in collaboration with National Human Rights and Crime control bureau Golaghat in the presence of DSWO,CDPO East Golaghat, Supervisors of East Golaghat ICDS project, POSHAN officials, AWWs and AWHs ,adolescent girls,as well as the officials and members of NHRCCB and other participants.Three women,Mrs. Minakhi Konwar Bora (selected to compete in the javelin throw and discus throw events at the 2023 Asia Pacific Masters Games to be held in South Korea), Miss Manshi Paul (a national and international kick boxer), and Mrs. Bhugeswari Changmai (who encourages the next generation to produce organic tea) were honoured in the program.

Regards,
DHEW, GOLAGHAT
NORTHEAST NEWS INDIA

ননৈৰ শ্ৰী শ্ৰী ফুলবাৰী সত্ৰত ৩ দিনিয়াকৈ আয়োজন চলা ফাকুৱা মহোৎসৱ

০৯ মাৰ্চ ২০২৩ঃ
ননৈৰ শ্ৰী শ্ৰী ফুলবাৰী সত্ৰত ৩ দিনিয়াকৈ আয়োজন  চলা ফাকুৱা মহোৎসৱত যোৱাকালি ৮ মাৰ্চ তাৰিখে  নিশা ভাওনা উপলক্ষে ড° কেশৱ বৰাকো ৰাইজে বিপুল আদৰণি জনায়। লগতে মা আৰু প্ৰকৃতি সামাজিক অনুষ্ঠানৰ যি মহৎত ধাৰা , সকলো মানৱ জাতিক মা আৰু প্ৰকৃতি ৰ পৰিয়ালৰ সদস্য হবলৈ আহ্বান জনাই।

NORTHEAST NEWS INDIA

Wednesday, 8 March 2023

*আগৰণুৱা -২ ৰ বাবে লেখা আহ্বান*

 *আগৰণুৱা -২ ৰ বাবে লেখা আহ্বান*



*গোলাঘাট : ৮ মাৰ্চ ২০২৩*

স্বেচ্ছাসেৱী সংগঠন "পায়নিয়াৰ ফাউণ্ডেচন"ৰ উদ্যোগত প্ৰকাশ পাবলগা স্মৰণিকা "আগৰণুৱা-২" ( pioneer-2) বাবে অসমৰ বিভিন্ন প্ৰান্তৰ লেখকৰ পৰা লিখনি আহ্বান কৰা হৈছে ৷ এই উদ্দেশ্যে সংগঠনটোৱে গ্ৰহণকৰা এক সিদ্ধান্ত মৰ্মে বিকাশ শৰ্মাক মুখ্য সম্পাদক, জাগৃতি শইকীয়া আৰু  জয়ন্ত গগৈক সহ সম্পাদক হিচাপে লৈ  স্মৰণিকা খন প্ৰকাশৰ যো জা চলোৱা হৈছে ৷ ইচ্ছূক লেখক লেখিকাই সাহিত্য ; সংস্কৃতি ; কৃষি ; স্বাস্থ্য ; নাৰিবাদী ; শিশু উপযোগী ; আদি বিষয়ক লিখা প্ৰৱন্ধক / নিবন্ধ ;  আদি প্ৰেৰণ কৰিব পাৰিব ৷ নৱপ্ৰজন্মক উৎসাহৰ বাবে ছাত্ৰছাত্ৰীৰ গল্প ; প্ৰৱন্ধ ; সাধু আদি শিশু উপযোগী লেখনি প্ৰকাশ কৰা হ’ব ৷ মৌলিক লিখনিক অগ্ৰাধিকাৰ দিয়াৰ লগতে কোনো লেখকৰ লেখাৰ আলমলৈ লিখিলে বা অনুবাদ কৰিলে উল্লেখ কৰিব লাগিব ৷ উপযুক্ত বিবেচিত হোৱা লিখনি প্ৰকাশৰ লগতে লেখা প্ৰেৰণ কৰা সকলক তথা ৰাইজক  উন্মোচনৰ দিন বিভিন্ন মাধ্যমেৰে জ্ঞাত কৰা হ’ব ৷লিখনি সমূহ অসমীয়াত শুদ্ধকৈ ডি টি পি কৰি লেখকৰ এখন পাচপোৰ্ট ফটো সহ  9435053726,9101331065 অথবা 7002556589 নম্বৰত হোৱাটচপ যোগে  অহা ২০ মাৰ্চৰ ভিতৰত নিজৰ নাম ঠিকনা ফোননং সহ প্ৰেৰণ কৰিব পাৰিব ৷ বুলি সংগঠনটোৰ সভাপতি প্ৰকাশ শৰ্মাই জানিবলৈ দি কয় যে ইতিপূৰ্বে ২০১৭ চনৰ ২৮ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈ গোলাঘাটৰ সমম্বয় খেলপথাৰত ৯ দিনীয়াকৈ অনুষ্ঠিত হৈ যোৱা কৃষি বাণিজ্য মেলাত দৈনিক অসমৰ সম্পাদক প্ৰয়াত ৰাধিকা মোহণ ভাগৱতীৰ নামত উৎসৰ্গা কৰি   “আগৰণুৱা ” Pioneer) নামেৰে প্ৰথমখন স্মৰণিকা প্ৰকাশ কৰি ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰা হৈছিল ৷ এইবাৰো সংগঠটোৱে পূৰ্বৰ দৰে ৰাইজৰ সমাদৰ লাভকৰা এখন স্মৰণিকা পঢ়ুৱৈ সমাজলৈ আগবঢ়াবলৈ প্ৰচেষ্টা চলাইছে ::: প্ৰকাশ শৰ্মা গোলাঘাট

NORTHEAST NEWS INDIA

নোগোৰাৰ শ্ৰী শ্ৰী দিহিংসত্ৰত দৌলোৎসৱ পালন

নোগোৰাৰ শ্ৰী শ্ৰী দিহিংসত্ৰত দৌলোৎসৱ পালন 

জিলাৰ বাতৰি দিওতা : গোলাঘাট :৮ মাৰ্চ ২০২৩

 আজি অসমৰ অন্যপ্ৰান্তৰ লগতে গোলাঘাটৰ দিহিং সত্ৰটো দৌল উৎসৱ উপলক্ষে উখল মাখল পৰিবেশ সৃষ্টি হয়। গোলাঘাটৰ নোগোৰাৰ দিহিং সত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা দৌল উৎসৱত আজি গোঁসাই ফুৰোৱা হয় ৷ প্ৰত্যেকবছৰৰ দৰে এইবাৰো দিহিং সত্ৰত উখল মাখল পৰিবেশেৰ গোঁসাই ফুৰোৱা উৎসৱ পালন কৰি থাপনাৰ গোসাঁইক সভক্তিৰে দোলাত লৈ পথ পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে । গাঁৱৰ শ শ লোকে ভক্তিভৰা পৰিবেশেৰে গোঁসাই ফুৰোৱা কাৰ্য্যত অংশগ্ৰহণ কৰিলে । পৰম্পৰাগত নিয়ম অনুসৰি উদযাপন কৰা দৌল উৎসৱত পুৰুষ ; মহিলা ; শিশু সকল আহ্লাদিত হৈছে  ।
::: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA

Tuesday, 7 March 2023

নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ সফল সামৰণি:

নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ সফল সামৰণি: 

০৭ মাৰ্চ,২০২৩ঃ প্ৰকৃতিক ভালপোৱা আৰু সকলো লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি । সমাজৰ কু সংস্কাৰ আতৰাই সু সংস্কাৰলৈ পৰিবৰ্তন কৰি এখন সুন্দৰ সেউজীয়া সমাজ লাভ কৰা মা আৰু প্ৰকৃতিৰ দ্বাৰা বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে অসমৰ প্ৰাথমিক শাখাৰ পৰা জিলা শাখালৈকে একগোট কৰি নগাঁৱৰ ডাকৰঘাটৰ বাপুজী এল পি স্কুলত দিনজোৰা কাৰ্যসূচীৰে মঙ্গলবাৰে কেন্দ্ৰীয় অধিবেশন খনি প্ৰতিষ্ঠাপক সভাপতি মাধৱ গগৈ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । পুৱা বেলা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড° কেশৱ চন্দ্ৰ বৰাই । বন্তি প্ৰজ্বলন কৰে ডাকৰঘাটৰ সমাজ সেৱক মণিৰাম হাজৰিকাই ।বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু কবিতা গীতমাত অনুষ্ঠানত বিশ গৰাকীৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। উক্ত মুকলি সভাতে ডাকৰঘাট আঞ্চলিক সমিতি ; নগাঁও জিলা সমিতি গঠন কৰা উপৰিও মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় সমিতিখন নৱ নিৰ্বাচিত সভাপতি তথা প্ৰতিষ্ঠাপক মাধৱ গগৈ,সম্পাদক প্ৰধান ৠতুপন গগৈ,উপ-সভাপতি ড° কেশৱ চন্দ্ৰ বৰা,সহকাৰী সম্পাদক জ্যোতি প্ৰসাদ মেধি নেতৃত্বত একত্ৰিশ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সকলো দায়িত্বপ্ৰাপ্ত ব্যক্তিয়ে শপত গ্ৰহণ কৰে। পৰবৰ্তী অহা জুন মাহত মৰিগাঁও আৰু হোজাই মহকুমা সমিতি গঠন কৰা সিদ্ধান্ত গ্ৰহন কৰা হ্য়। সকলোকে মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠানটোত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই সভাৰ কাম সমাপ্ত কৰে। :: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA

Sunday, 5 March 2023

*গোলাঘাট কৃষি বিভাগৰ উদ্যোগত বৰাহী গাওঁত কৃষি মেলা*

*গোলাঘাট কৃষি বিভাগৰ উদ্যোগত বৰাহী গাওঁত কৃষি মেলা*

▫️মিলেটৰ দ্বাৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্রী প্ৰদৰ্শন

৫ মাৰ্চ,২০২৩ গোলাঘাট:

গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আৰু অক্টোপাচ নামৰ বেচৰকাৰী অনুষ্ঠানৰ সহযোগত আজি বৰাহী গাওঁত এখন কৃষক মেলা অনুষ্ঠিত হয়। কৃষক মেলা খনত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে আঠগাওঁ গাওঁ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ভবেন চুতীয়াই। মুকলি সভা খনত আদৰণী ভাষণ প্ৰদান কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। তেওঁ নিজা ভাষনত মাটিৰ গুণাগুণ, মাটিৰ স্বাস্থ্য পৰীক্ষা, সাৰ প্ৰয়োগ, মাটি স্বাস্থ্য কাৰ্ড ৰ লাভালাভ আদিৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। 

আজিৰ কৃষি মেলাত মুখ্য অতিথি হিচাপে কৃষি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া পংকজনাভ দাসে অংশগ্ৰহন কৰি নিজা বক্তব্যত কৃষকক উদ্দেশ্যি কয় যে অসমৰ কৃষকে কৰা বিভিন্ন কৃষি উৎপাদন ৰপ্তানি কৰি ৪০০০ কোটি লাভ কৰিছে। কভিদৰ সময়ত ২০০ কোটি টকাৰ শস্য ৰপ্তানি কৰিছিল অসমে। বিশ্বৰ বিভিন্ন দেশলৈ অসমৰ ৰঙালাও, কাজী নেমু আদি ৰপ্তানি কৰিছে ৰাজ্য খনে। তেওঁ অসমৰ মাটিত জৈৱিক কৃষিৰ গুৰুত্ব, কৃষক উৎপাদক কোম্পানীৰ অসমৰ অৰ্থনীতিত গুৰুত্ব সন্দৰ্ভত  কৃষক সকলৰ উদ্দেশি গুৰুতত্বপূৰ্ন বক্তব্য আগবঢ়াই। আজিৰ সভাখনত এপাৰ্তৰ জেষ্ঠ কৃষি পৰামৰ্শদাতা দেৱজিৎ নেওঁগ উপস্থিত থাকি ৰাজ্য চৰকাৰৰ ফলপ্ৰসূ কৃষি আঁচনি পি এম্ কৃষান সন্মান নিধি, পি এম ফচল বীমা আঁচনি সন্দৰ্ভত কৃষক সকলৰ আগত ভাষণ প্ৰদান কৰে।

 ইয়াৰ পাছত কৃষি মেলা খনৰ লগত সংগতি ৰাখি বহু কেইখন কৃষি কৰ্মশালা অনুষ্ঠিত হয়। ফৰকাটিং কৃষি চক্ৰ বিষয়া সপ্তৰীষা চেতিয়াই কৃষক সকলক উদ্দেশ্য কৰি মাটিৰ গুণাগুণ, মাটিৰ পুষ্টি, মাটিত সাৰ প্ৰয়োগ, মাটিৰ উৰ্ব্বৰতা আদি সন্দৰ্ভত বক্তব্য আগবঢ়াই। অক্টোপাচ সংগঠনৰ মুখ্য কাৰ্য্যবাহী বিষয়া উমেশ বনীয়েও খেতিয়ক সকলৰ উদ্দেশ্য ভাষণ আগবঢ়াই। কৃষি মেলা খনত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱাই আঁত ধৰা কৃষি মেলা খনত প্ৰায়  শতাধিক কৃষক ৰাইজে অংশগ্ৰহন কৰে। আজিৰ কৃষি মেলা খনত আঠখেলিয়া এগ্ৰ কৃষি উৎপাদক কোম্পানীৰ তৰফৰ পৰা মিলেটৰ দ্বাৰা মূল্য সংযোজিত কৰি প্ৰস্তুত কৰা বিভিন্ন পিঠা পনা, কেক, বিস্কুট ইত্যাদি প্ৰদৰ্শন আৰু বিক্ৰী কৰে।উল্লেখযোগ্য যে আজিৰ কৃষিমেলা খনত গোলাঘাট জিলা কৃষি বিভাগৰ হৈ জেষ্ঠ কৃষি বিষয়া জয়া গোস্বামী উপস্থিত থাকে।

আজিৰ এই কৃষক মেলাখনত প্ৰগতিশীল কৃষকৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। সেইদৰে  মহিলা আত্মসহায়ক গোট, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আদিয়েও অংশগ্ৰহন কৰে। উল্লেখযোগ্য যে আজিৰ কৃষক মেলা খনত PM Kissan ৰ সহায়ক কক্ষ ৰ লগতে IPPB একাউণ্ট খোলাৰ ব্যবস্থা কৰা হৈছে। 
এই সহায়ক কক্ষত বহুতো কৃষকৰ সমাগম পৰিলক্ষিত হয়।

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...