Wednesday, 8 March 2023

নোগোৰাৰ শ্ৰী শ্ৰী দিহিংসত্ৰত দৌলোৎসৱ পালন

নোগোৰাৰ শ্ৰী শ্ৰী দিহিংসত্ৰত দৌলোৎসৱ পালন 

জিলাৰ বাতৰি দিওতা : গোলাঘাট :৮ মাৰ্চ ২০২৩

 আজি অসমৰ অন্যপ্ৰান্তৰ লগতে গোলাঘাটৰ দিহিং সত্ৰটো দৌল উৎসৱ উপলক্ষে উখল মাখল পৰিবেশ সৃষ্টি হয়। গোলাঘাটৰ নোগোৰাৰ দিহিং সত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা দৌল উৎসৱত আজি গোঁসাই ফুৰোৱা হয় ৷ প্ৰত্যেকবছৰৰ দৰে এইবাৰো দিহিং সত্ৰত উখল মাখল পৰিবেশেৰ গোঁসাই ফুৰোৱা উৎসৱ পালন কৰি থাপনাৰ গোসাঁইক সভক্তিৰে দোলাত লৈ পথ পৰিক্ৰমা কৰা দেখিবলৈ পোৱা গৈছে । গাঁৱৰ শ শ লোকে ভক্তিভৰা পৰিবেশেৰে গোঁসাই ফুৰোৱা কাৰ্য্যত অংশগ্ৰহণ কৰিলে । পৰম্পৰাগত নিয়ম অনুসৰি উদযাপন কৰা দৌল উৎসৱত পুৰুষ ; মহিলা ; শিশু সকল আহ্লাদিত হৈছে  ।
::: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ মাধৱ গগৈ

প্ৰেছ বিজ্ঞপ্তি তাৰিখ: ২৫ জুলাই, ২০২৬ মানৱ জাতিলৈ প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে ‘মা আৰু প্ৰকৃতি – পৃথিৱীৰ মানৱ ধৰ্ম’ৰ  মাধৱ গগৈ গোলাঘাট, অসম...