Tuesday, 7 March 2023

নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ সফল সামৰণি:

নগাঁৱত মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় অধিবেশনৰ সফল সামৰণি: 

০৭ মাৰ্চ,২০২৩ঃ প্ৰকৃতিক ভালপোৱা আৰু সকলো লোকৰ মাজত ভাতৃত্ববোধৰ এনাজৰী সুদৃঢ় কৰা মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি । সমাজৰ কু সংস্কাৰ আতৰাই সু সংস্কাৰলৈ পৰিবৰ্তন কৰি এখন সুন্দৰ সেউজীয়া সমাজ লাভ কৰা মা আৰু প্ৰকৃতিৰ দ্বাৰা বিশাল ধাৰা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যেৰে অসমৰ প্ৰাথমিক শাখাৰ পৰা জিলা শাখালৈকে একগোট কৰি নগাঁৱৰ ডাকৰঘাটৰ বাপুজী এল পি স্কুলত দিনজোৰা কাৰ্যসূচীৰে মঙ্গলবাৰে কেন্দ্ৰীয় অধিবেশন খনি প্ৰতিষ্ঠাপক সভাপতি মাধৱ গগৈ সভাপতিত্বত অনুষ্ঠিত হৈ যায় । পুৱা বেলা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ড° কেশৱ চন্দ্ৰ বৰাই । বন্তি প্ৰজ্বলন কৰে ডাকৰঘাটৰ সমাজ সেৱক মণিৰাম হাজৰিকাই ।বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আৰু কবিতা গীতমাত অনুষ্ঠানত বিশ গৰাকীৰ শিল্পীয়ে অংশগ্ৰহণ কৰে। উক্ত মুকলি সভাতে ডাকৰঘাট আঞ্চলিক সমিতি ; নগাঁও জিলা সমিতি গঠন কৰা উপৰিও মা আৰু প্ৰকৃতিৰ কেন্দ্ৰীয় সমিতিখন নৱ নিৰ্বাচিত সভাপতি তথা প্ৰতিষ্ঠাপক মাধৱ গগৈ,সম্পাদক প্ৰধান ৠতুপন গগৈ,উপ-সভাপতি ড° কেশৱ চন্দ্ৰ বৰা,সহকাৰী সম্পাদক জ্যোতি প্ৰসাদ মেধি নেতৃত্বত একত্ৰিশ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। কেন্দ্ৰীয় সমিতিৰ সকলো দায়িত্বপ্ৰাপ্ত ব্যক্তিয়ে শপত গ্ৰহণ কৰে। পৰবৰ্তী অহা জুন মাহত মৰিগাঁও আৰু হোজাই মহকুমা সমিতি গঠন কৰা সিদ্ধান্ত গ্ৰহন কৰা হ্য়। সকলোকে মানৱ সেৱাৰ শ্ৰেষ্ঠ সামাজিক অনুষ্ঠানটোত সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাই সভাৰ কাম সমাপ্ত কৰে। :: প্ৰকাশ শৰ্মা গোলাঘাট
NORTHEAST NEWS INDIA

No comments:

Post a Comment

Welcome Northeast News India

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...