Friday, 3 March 2023

Golaghat celebrated International Women's Day

Golaghat celebrated International Women's Day
03 March 2023 Golaghat : RSETI Golaghat celebrated International Women's Day during the week long programme with a Yoga Session followed by Flower Bouquet Making competition amongst the 35 Trainees attending training on"Commercial Floriculture".Circle Officer Golaghat Ms.Papori Das later attended the programme and distributed prizes to the first 3 Winners. 

NORTHEAST NEWS INDIA

গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান সম্পন্ন

গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান সম্পন্ন
০৩ মাৰ্চ ২০২৩ গোলাঘাটঃ
সৃষ্টিকৰ্তাৰ অমুল্য দান আমাৰ কাণ দুখন ৷ এই কান দুখনৰ বিসংগতি হলে আমি বহু যান্ত্ৰনা আৰু বেদনা ভোগ কৰো ৷ ভাৰতৰ ৬ দশমিক ৩ শতাংশ লোক প্ৰতি বছৰে কাণৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় ৷ ৫০ শতাংশ শ্ৰৱণ শক্তিহীনতা প্ৰতিৰোধ মূলক ৷ ৮০ শতাংশ শ্ৰৱণ শক্তিহীনতা উপযুক্ত পদ্ধতিৰে ঘূৰাই আনিব পাৰি ৷
আজি তিনি মাৰ্চৰ দিনটোত বিস্ব শ্ৰৱন দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গোলাঘাট জিলাতো “ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু ণিয়ন্ত্ৰণ কায্যসূচীৰ সৌজন্যত  “ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান উদযাপন কৰা হয় ৷ এই কায্যসূচী অনুযায়ী পুৱা ১০ বজাত গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা সজাগতা সমদলটো উদ্দোধন কৰে অতিৰিক্ত উপায়ুক্ত কুলদিপ হাজৰিকাই ইয়াৰ পিছতে সমদলটোৱে গোলাঘাট চহৰখন পৰিক্ৰমা কৰি সজাগতামূলক প্ৰচাৰপত্ৰ বিতৰণ কৰে ৷ এই দিৱসৰ লগত সংগতিৰাখি শ্ৰৱন শক্তি পৰীক্ষা শিবিৰ ; জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত গাওঁসভা অনুষ্ঠিত কৰা হয় ৷ সমল ব্যক্তি ডা° পাৰ্থ গোহাইঁৰ পৰিচালনাত পালন কৰা  আজিৰ কায্যসূচীত ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° উত্তম দত্ত ; উপ অধীক্ষক ডা° বিপুল কুমাৰ দাস ; জেষ্ঠ চিকিৎসক ডা° উৎপল বৰা ; ডা° ভাস্কৰজ্যোতি খেৰিয়া ;ডা° ৰাজশ বা ; চাবিনা য়াছমিন ; ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক ; জিলাপৰিষদৰ সদস্য সকল ; HWC ৰ বিষয়া কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়াই ৷৷

NORTHEAST NEWS INDIA

Wednesday, 1 March 2023

*বকলাইত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

*বকলাইত  তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

১ মাৰ্চ ২০২৩ গোলাঘাটঃ
 গোলাঘাট জিলাৰ বকলাইত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। আজিৰ এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। 

গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে  কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্য সমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰতক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ , তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে। গোলাঘাট জিলা কৃষি বিভাগৰ  সংবাদ বিশেষজ্ঞ
ভাৰ্গৱ শইকীয়াও আজিৰ এই কৰ্মশালা খনত অংশগ্ৰহন কৰে।

NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯২/২০২৩

*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা*

গোলাঘাট, ১ মাৰ্চ : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষাৰ সময়ছোৱাত যিকোনো বে-আইনী তথা অপ্ৰীতিকৰ ঘটনা ৰোধ কৰা তথা পৰীক্ষা কেন্দ্ৰৰ বাহিৰত হোৱা ভীৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । অতিৰিক্ত উপায়ুক্ত তথা অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ছাত্ৰ-ছাত্ৰী আৰু কৰ্তৃত্বশীল ব্যক্তিৰ বাহিৰে তিনিজন বা ততোধিক ব্যক্তিৰ সমাগম নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ চৌহদৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে কোনো ব্যক্তি প্ৰৱেশ কৰিব নোৱাৰিব । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্ত্ৰ, বাৰুদ অথবা কোনো সন্দেহজনক সামগ্ৰী নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যানবাহনৰ চলাচলত বাধাৰ সৃষ্টি কৰা অথবা অকৰ্তৃত্বশীল বাহনৰ অবৈধ পাৰ্কিং আদি নিষিদ্ধ কৰা হৈছে । পৰীক্ষা কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত লাউডস্পিকাৰ/ উচ্চ শব্দ প্ৰাবল্য সৃষ্টিকাৰী সামগ্ৰী, বাদ্য আদি বজাব নোৱাৰিব । পৰৱৰ্তী নিৰ্দেশ নোলোৱালৈকে এই নিৰ্দেশ বাহাল থাকিব । এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 28 February 2023

Shri Manabendra Dev Ray, APS took over charge as the Director, I&PR Assam,

28 February 2023:
Shri Manabendra Dev Ray, APS took over charge as the Director, I&PR Assam, from the outgoing Director Shri Bishnu Kamal Bora, ACS today. The officers and staffs of the Directorate of Information and Public Relations, Assam organized a farewell function for the outgoing Director on his superannuation today at the DIPR HQ, in Guwahati on 28th February, 2023.

NORTHEAST NEWS INDIA

राष्ट्रीय मानव अधिकार और अपराध नियंत्रण ब्यूरो गोलाघाट जिला संस्था द्वार राष्ट्रीय विज्ञान दिवस मनाया गया

राष्ट्रीय मानव अधिकार और अपराध नियंत्रण ब्यूरो गोलाघाट जिला संस्था द्वार राष्ट्रीय विज्ञान                    दिवस मनाया गया

गोलाघाट, 28, फरवरी । राष्ट्रीय मानव अधिकार और अपराध नियंत्रण ब्यूरो गोलाघाट जिला संस्था द्वारा आज राष्ट्रीय विज्ञान दिवस मनाया गया। आज के इस कार्यक्रम की शुरुवात विशेष अतिथि एवम संस्था के प्रदेश अध्यक्ष श्री संतोष कुमार कानू जी ने संस्था का परिचय एवम राष्ट्रीय विज्ञान दिवस के बारे में जानकारी देकर उपस्थित सदस्य एवम छात्रों को प्रोत्साहित किया।
इस कार्यक्रम में गोलाघाट टाउन हिंदी हाई स्कूल के ५ और गोलाघाट रिलायंस जूनियर कॉलेज के ५ छात्र एवम छात्राओं को ए पी जे अब्दुल कलाम सम्मान पत्र से सम्मानित किया गया और मिठाई के पैकेट भी प्रदान किए गए।
उपस्थित छात्रों ने इस सम्मान को बहुत ही हर्ष के साथ ग्रणन कर आने वाले दिनों में और भी अच्छे परिणाम लाने का संकल्प लिया। राष्ट्रीय मानव अधिकार एवं अपराध नियंत्रण ब्यूरो द्वारा किए गए आज के इस कार्यक्रम की स्कूल तथा कॉलेज के प्रधानाचार्य ने सराहना की। कार्यक्रम को सफल बनाने में प्रदेश अध्यक्ष संतोष कुमार कानू  ,प्रदेश अधिवक्ता कमलजीत कौर ,जिला अध्यक्षा रशिता जैशवाल,जिला अध्यक्ष मनीष कुमार गुप्ता,जिला उपाध्यक्ष अंबारिश शर्मा,जिला सचिव गायत्री बरुआ,ब्लॉक अध्यक्षा रीना जलान,जिला मीडिया प्रभारी सोनेश्वर बारहोई, बृजमणि पांडे, मोयुराखी कोलिता,जिला पेट्रोन पवित्र बरुआ, सक्रिय सदस्य उषा जैन,सरला बजाज और विकाश शाह उपस्थित थे।

गोलाघाट से संजीव कुमार
NORTHEAST NEWS INDIA

Monday, 27 February 2023

নগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অহা ৭ ৰ্মাচ ২০২৩ অনুষ্ঠিত হব মা আৰু প্ৰকৃতি কেন্দ্ৰীয় অধিবেশন।

নগাঁৱত দিনজোৰা কাৰ্যসূচীৰে অহা ৭ ৰ্মাচ ২০২৩ অনুষ্ঠিত হব মা আৰু প্ৰকৃতি কেন্দ্ৰীয় অধিবেশন। 

নগাঁও 27 ফেব্রুৱাৰী ২০২৩ঃ  সামাজিক অনুষ্ঠান মা আৰু প্ৰকৃতি ( MOTHER AND NATURE) নগাঁৱত কেন্দ্ৰীয় অধিবেশনৰ উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে ৭ মাৰ্চ ২০২৩ মঙ্গল বাৰে অনুষ্ঠিত হব ডাকৰঘাট বাপুজী এল পি স্কুল বিদ্যালয়ৰ প্ৰাংঙ্গনত। মা আৰু প্ৰকৃতি  কেন্দ্রীয়  উপসভাপতি ড° কেশৱ বৰা  প্ৰকাশ কৰা মতে পূৱা ৯ বজাত পতাকা উত্তোলন। উত্তোলক : প্ৰতিষ্ঠাপক সভাপতি: শ্ৰীযুত মাধৱ গগৈ। পূৱা ১০ বজাত বন্তি প্ৰজ্বলন। প্ৰজলক: ড° কেশৱ বৰা সভাপতি মা আৰু প্ৰকৃতিৰ নগাঁও জিলাৰ সমিতি। পূৱা ১১ বজাত: লঘু আহাৰ বিতৰণ। পূৱা ১১ -৩০ বজাত: প্ৰতিযোগিতা আৰু সামাজিক সাংস্কৃতিক অনুষ্ঠান। দুপৰীয়া ১২ বজাত: প্ৰতিনিধি নাম ভৰ্তিকৰণ। দিনৰ ১ বজাত: আহাৰ আপ্যায়ন। বিয়লি ২ বজাত: মুকলি সভাত সভাপতিত্ব কৰিব - শ্ৰীযুত মাধৱ গগৈ । সভা আত ধৰিব ড° কেশৱ বৰা। এটি বৰগীত পৰিবেশন, পৰিবেশনৰ  অন্তত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ ভাষণ-- মা আৰু প্ৰকৃতিৰ সমাজ গঠনত ভূমিকা। কেন্দ্ৰীয় কমিটিৰ বিষয় ববীয়া সকলৰ চিনাকি আৰু আদৰণি অনুষ্ঠান । বিশিষ্ট অতিথি সকলৰ ভাষণ।  নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া সকলৰ নাম ঘোষণা আৰু চিনাকি পৰ্ব। সমজুৱা একেষাৰ। জাতীয় সংগীতৰে সভাৰ কাৰ্য্যসূচী সামৰণি। 

NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...