গোলাঘাটত ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান সম্পন্ন
০৩ মাৰ্চ ২০২৩ গোলাঘাটঃ
সৃষ্টিকৰ্তাৰ অমুল্য দান আমাৰ কাণ দুখন ৷ এই কান দুখনৰ বিসংগতি হলে আমি বহু যান্ত্ৰনা আৰু বেদনা ভোগ কৰো ৷ ভাৰতৰ ৬ দশমিক ৩ শতাংশ লোক প্ৰতি বছৰে কাণৰ বিভিন্ন ৰোগত আক্ৰান্ত হয় ৷ ৫০ শতাংশ শ্ৰৱণ শক্তিহীনতা প্ৰতিৰোধ মূলক ৷ ৮০ শতাংশ শ্ৰৱণ শক্তিহীনতা উপযুক্ত পদ্ধতিৰে ঘূৰাই আনিব পাৰি ৷
আজি তিনি মাৰ্চৰ দিনটোত বিস্ব শ্ৰৱন দিৱসৰ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে গোলাঘাট জিলাতো “ৰাষ্ট্ৰীয় বধিৰতা প্ৰতিৰোধ আৰু ণিয়ন্ত্ৰণ কায্যসূচীৰ সৌজন্যত “ৰাষ্ট্ৰীয় শ্ৰৱণ সজাগতা অভিযান উদযাপন কৰা হয় ৷ এই কায্যসূচী অনুযায়ী পুৱা ১০ বজাত গোলাঘাটৰ ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা ওলোৱা সজাগতা সমদলটো উদ্দোধন কৰে অতিৰিক্ত উপায়ুক্ত কুলদিপ হাজৰিকাই ইয়াৰ পিছতে সমদলটোৱে গোলাঘাট চহৰখন পৰিক্ৰমা কৰি সজাগতামূলক প্ৰচাৰপত্ৰ বিতৰণ কৰে ৷ এই দিৱসৰ লগত সংগতিৰাখি শ্ৰৱন শক্তি পৰীক্ষা শিবিৰ ; জিলাখনৰ প্ৰতিটো গাঁও পঞ্চায়তত গাওঁসভা অনুষ্ঠিত কৰা হয় ৷ সমল ব্যক্তি ডা° পাৰ্থ গোহাইঁৰ পৰিচালনাত পালন কৰা আজিৰ কায্যসূচীত ছহিদ কুশলকোঁৱৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডা° উত্তম দত্ত ; উপ অধীক্ষক ডা° বিপুল কুমাৰ দাস ; জেষ্ঠ চিকিৎসক ডা° উৎপল বৰা ; ডা° ভাস্কৰজ্যোতি খেৰিয়া ;ডা° ৰাজশ বা ; চাবিনা য়াছমিন ; ডি আৰ ডি এৰ প্ৰকল্প সঞ্চালক ; জিলাপৰিষদৰ সদস্য সকল ; HWC ৰ বিষয়া কৰ্মচাৰী সকলে সহযোগিতা আগবঢ়াই ৷৷
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India