*বকলাইত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*
১ মাৰ্চ ২০২৩ গোলাঘাটঃ
গোলাঘাট জিলাৰ বকলাইত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। আজিৰ এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে।
গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্য সমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰতক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ , তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে। গোলাঘাট জিলা কৃষি বিভাগৰ সংবাদ বিশেষজ্ঞ
ভাৰ্গৱ শইকীয়াও আজিৰ এই কৰ্মশালা খনত অংশগ্ৰহন কৰে।
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India