Thursday, 23 February 2023

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

*কলিয়াপানী গাঁও পঞ্চায়তত তৈল খেজুৰ খেতি সম্পৰ্কত প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত*

২৩ ফেব্ৰুৱাৰী,২০২৩ গোলাঘাট:

গোলাঘাট জিলাৰ কলিয়াপানী গাঁও পঞ্চায়তত আজি তৈল খেজুৰ খেতি সম্পৰ্কত এখন কৃষক প্ৰশিক্ষন কৰ্মশালা অনুষ্ঠিত হয়। আজিৰ এই প্ৰশিক্ষন কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে কৃষক সকলক তৈল পাম কৃষিৰ সুবিধা,আয়ৰ নতুন আহিলা,কেন্দ্ৰীয় ও ৰাজ্য চৰকাৰৰ এই খেতি সন্দৰ্ভত সুবিধা আদি বিষয়ত প্ৰশিক্ষক প্ৰাপ্তি গগৈয়ে কৃষক ৰাইজৰ উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। 

গোলাঘাট কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া ভাস্কৰ ফুকনে ভাৰত বৰ্ষত তৈল খেজুৰৰ গুৰুত্ব, খেতি কৰা সন্দৰ্ভত চৰকাৰে  কৃষকক প্ৰদান কৰা বিশেষ সুবিধা সাহায্য সমূহ, তৈল খেজুৰৰ উৎপাদন তথা উদ্যোগত প্ৰতক্ষ পৰোক্ষ নিয়োগ, কাৰিকৰী পৰামৰ্শ , তৈল খেজুৰ খেতিৰ সৈতে অন্য ফচল খেতি সন্দৰ্ভত কৃষক সকলৰ সৈতে মত বিনিম়য় কৰে। গোলাঘাট জিলা কৃষি বিভাগৰ হৈ কাৰ্য্যসূচী বিষয়া ড: অমৰজীত শইকীয়া আৰু সংবাদ বিশেষজ্ঞ
ভাৰ্গৱ শইকীয়াও আজিৰ এই কৰ্মশালা খনত অংশগ্ৰহন কৰে। 

উল্লেখযোগ্য যে আজিৰ এই প্ৰশিক্ষন কাৰ্যসূচীত কলিয়াপানী গাঁও পঞ্চায়তৰ সভাপতি ধৰ্মেশ্বৰ দাস, ভাৰতীয় জনতা পাৰ্টীৰ আঠগাওঁ মণ্ডলৰ সাধাৰণ সম্পাদক হেমেন গগৈ উপস্থিত থাকে। আজিৰ এই তৈল খেজুৰ খেতিৰ প্ৰশিক্ষন কাৰ্যসূচীত প্ৰায়  শতাধিক প্ৰগতিশীল কৃষক উপস্থিত থাকে।
NORTHEAST NEWS INDIA

*গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'*

প্ৰেছ বাৰ্তা:

*গোলাঘাট জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা 'কৃষক মেলা'*

* প্ৰদৰ্শনীস্থলীত বাঢ়িছে ৰাইজৰ ভিৰ*


২৩ ফেব্ৰুৱাৰী, গোলাঘাট:

আজিৰে পৰা গোলাঘাট জিলাত দুদিনীয়াকৈ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু  কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ (ATMA) ৰ সহযোগত আয়োজন কৰা হৈছে কৃষক মেলা-২০২৩৷ গোলাঘাট জিলা পুথিভঁৰালৰ সমীপত অনুষ্ঠিত হোৱা এই কৃষি মেলাখনৰ মুখ্যদ্বাৰৰ ফিটা কাটি শুভ উদ্বোধন কৰে শ্বহীদ জিণ্টো গগৈৰ পিতৃ তথা অৱসৰপ্ৰাপ্ত বায়ু সেনা বিষয়া ঠগিৰাম গগৈয়ে। গোলাঘাট জিলাৰ উপায়ুক্ত ড: উদয় প্ৰবীণ কৃষক মেলাত উপস্থিত প্ৰদৰ্শনী সমূহ পৰিদৰ্শন কৰে লগতে কৃষক সকলৰ সৈতে মত বিনিময় কৰে। আজিৰ এই কৃষি মেলাত বন্তি প্ৰজ্বলন কৰে জিলা নিৰ্বাচনী বিষয় সুলক্ষনা বৰপাত্ৰ গোহাঁই য়ে। 

উল্লেখ যে  পুৱা কৃষক সকলৰ পঞ্জীয়নৰ অন্তত অতিথি সকলক সম্বৰ্ধনা জনাই জিলা কৃষি বিভাগে। ইয়াৰ পাছত গোলাঘাট জিলাত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ দ্বাৰা ৰূপায়ন কৰা কাৰ্য সন্দৰ্ভত আলোকপাত কৰে তপন মহন্তই। কৃষক মেলা খনৰ লগত সংগতি ৰাখি উদ্যান শস্য  বিভাগৰ এখন ক্ৰেতা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হয়।উক্ত সমাৰোহ খন অধ্যক্ষতা কৰে জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই। কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী বিজ্ঞানী ড: ভৱেশ ডেকাই উদ্ধোধন কৰা  সমাৰোহ খনত প্ৰায়  শতাধিক কৃষকে অংশগ্ৰহন কৰে। ইয়াৰ পাছত কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। এই অনুষ্ঠানত খুমটাই কৃষি বিজ্ঞান কেন্দ্ৰ আৰু বুঢ়ালিকচন কুঁহিয়াৰ গবেষণা কেন্দ্ৰৰ বিজ্ঞানী সকলে খেতিয়ক সকলৰ সৈতে মত বিনিময় কৰে।

আজিৰ এই কৃষকমেলাখনত জিলাখনৰ বহু কেইজন প্ৰগতিশীল কৃষকৰ নিজৰ উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোলাঘাট জিলাৰ আত্মাৰ অন্তৰ্গত বিভিন্ন উন্নয়ন খণ্ডৰ হৈও কৃষি ফচল আৰু উৎপাদন সামগ্ৰীৰ প্ৰদৰ্শনী বিপনী স্থাপন কৰা হৈছে। সেইদৰে গোলাঘাট জিলাৰ পশু চিকিৎসা বিভাগ, ৰেচম বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, খুমটাই, বুঢ়ালিকচন কুঁহিয়াৰ গবেষনা কেন্দ্ৰ আদিয়েও প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। আনকি কেইবাটাও মহিলা আত্মসহায়ক গোট, নাৰ্চাৰী তথা কৃষি প্ৰযুক্তিৰো প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে।এই মেলাত গোলাঘাট জিলাৰ বহুকেইখন  এফ পি চি সমূহে জৈৱিক ভাবে উৎপাদিত কৃষি সামগ্ৰীৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। ঊল্লেখযোগ্য যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তৰফৰ পৰা কৃষক মেলাত উপস্থিত থকা কৃষক সকলক  ভ্ৰম্যমান পৰীক্ষা ভেনৰ দ্বাৰা  স্বাস্থ্য পৰীক্ষা কৰা হয়। আজিৰ কৃষক মেলাত প্ৰায় পাঁচ শতাধিক ৰাইজৰ জন সমাগম হয়।

উল্লেখযোগ্য যে কাইলৈ পুৱা কৃষি বিভাগৰ এখন ক্ৰেটা বিক্ৰেতা সমাৰোহ অনুষ্ঠিত হব। ইয়াৰ পাছত বিয়লি ২ বজাৰ পৰা মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হব। কৃষক মেলাৰ উদযাপন সমিতিৰ সম্পাদক তথা আত্মা, গোলাঘাটৰ মহকুমা কৃষি বিষয়া ৰঞ্জন বৰুৱা আৰু উদযাপন সমিতিৰ সভাপতি তথা জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই ৰাইজৰ উপস্থিতি কামনা কৰিছে।
NORTHEAST NEWS INDIA

*নগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত ড্ৰাই ডে' ঘোষণা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৯১/২০২৩

*নগালেণ্ড বিধানসভাৰ নিৰ্বাচনৰ বাবে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাসমূহত  ড্ৰাই ডে' ঘোষণা*

গোলাঘাট, ২৩ ফেব্ৰুৱাৰী : নাগালেণ্ডৰ সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী তথা সংলগ্ন এলেকাসমূহত ২৫ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজাৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ বিয়লি ৪ বজালৈকে অৰ্থাৎ ভোটগ্ৰহণৰ অন্ত নপৰালৈকে আৰু লগতে ২ মাৰ্চ ভোটগণনাৰ দিনা ভোটগণনা প্ৰক্ৰিয়া শেষ নোহোৱালৈকে সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰা হৈছে । জিলা উপায়ুক্তই জাৰি কৰা এই সম্পৰ্কীয় নিৰ্দেশনাত কোৱা হৈছে যে উল্লিখিত দিনকেইটাত জিলাখনৰ সৰুপথাৰ আৰু ফৰকাটিং আবকাৰী চক্ৰৰ অধীনৰ অঞ্চলসমূহত সুৰাৰ বিপনীসমূহ বন্ধ থাকিব । এই নিৰ্দেশ উলংঘা কৰিলে অসম আবকাৰী আইন আৰু বিধি ২০১৬ আৰু জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১৩৫ (চি) ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।  

 *জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Wednesday, 22 February 2023

*গোলাঘাট জিলাৰ বিভিন্ন গাঁওত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী*

*গোলাঘাট জিলাৰ বিভিন্ন গাঁওত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সন্দৰ্ভত সজাগতা কাৰ্যসূচী*

২২ ফেব্ৰুৱাৰী ২০২৩,গোলাঘাট :

গোলাঘাট কৃষি কাৰ্যালয়ৰ উদ্যোগত বোকাখাট সমষ্টিৰ বনগাঁও কৃষিচক্ৰৰ অন্তৰ্গত দুসুটিমুখ গাঁও পঞ্চায়ত আৰু গুলোং টেমেৰা গাঁও পঞ্চায়তৰ বহু কেইখন গাওঁত আজি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ সজাগতা সৃষ্টি কৰা হয় লগতে কৃষকসকলক আঁচনিত পঞ্জীয়নৰ প্ৰ-পত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে গোলাঘাট জিলাৰ বনগাঁও কৃষি চক্ৰৰ অন্তৰ্গত কৃষক পৰিয়ালক যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত সকাহ দিয়াৰ উদ্দেশ্যে এই সজাগতা কাৰ্যসূচী আয়োজন কৰা হৈছে। 

আজি গোলাঘাট জিলাৰ অন্তৰ্গত দুচুতিমুখ আৰু গুলুঙ তেমেৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বহু কেইখন গাওঁত  মাইকিংৰ জৰিয়তে কৃষক ৰাইজক কুঁহিয়াৰ আৰু বৰো ধানৰ খেতিৰ বীমা কৰাবৰ বাবে আহ্বান জনোৱা হয়। আজিৰ এই সজাগতা কাৰ্যসূচীত সংবাদ বিশেষজ্ঞ  ভাৰ্গব শইকীয়া আৰু  স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়ক হেমন্ত মেধিৰ লগতে বীমা কোম্পানীৰ প্ৰতিনিধিসকল উপস্থিত থাকি কৃষকসকলৰ সৈতে প্ৰধান মন্ত্ৰী ফচল বীমা যোজনা সম্পৰ্কে বিষদভাৱে আলোচনা কৰে লগতে তেওঁলোকক প্ৰ পত্ৰ প্ৰদান কৰে। 

ঊল্লেখযোগ্য যে গোলাঘাট জিলাৰ কৃষক সকলে ফচল বীমাৰ সৰ্ম্পূণ লাভ গ্ৰহণ কৰিব পাৰিব।বৰ্তমান প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত কুঁহিয়াৰ আৰু বৰো ধানৰ বীমাৰ অন্তিম তাৰিখ ২৫ ফেব্ৰুৱাৰী। ইচ্ছুক কৃষক ৰাইজে অনতিপলমে গোলাঘাট জিলা কৃষি বিভাগৰ কাৰ্যালয়, নিকটবৰ্তী জন সেৱা কেন্দ্ৰ, সংশ্লিষ্ট বীমা কোম্পানীৰ কাৰ্যালয়ত যোগাযোগ কৰি  এই আঁচনিৰ অধীনস্থ শস্যৰ বীমা কৰিব পাৰিব ।
NORTHEAST NEWS INDIA

*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৯০/২০২৩

*গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত লাউডস্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা*

গোলাঘাট, ২২ ফেব্ৰুৱাৰী : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু গোলাঘাট জিলাৰ বিভিন্ন ঠাইৰ পৰা লাউডস্পীকাৰ, মাইক্ৰ'ফোন, মিউজিক ছিষ্টেম আদিৰ ব্যৱহাৰ আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা অসুবিধা তথা শব্দ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে । জিলা উপায়ুক্ত তথা জিলা দণ্ডাধীশ ডাঃ পি উদয় প্ৰবীণে জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা এই নিষেধাজ্ঞা অনুসৰি নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ কোনো অনুষ্ঠান, মেলা, হোটেল, ৰিজৰ্ট, বিবাহ ভৱন, ভোজমেল আদিত লাউডস্পীকাৰ, মাইক, শব্দ সৃষ্টিকাৰী যন্ত্ৰ, ছাউণ্ড এম্প্লিফায়াৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব । প্ৰশাসনৰ পৰা লিখিত অনুমতি নোপোৱাকৈ কোনেও লাউডস্পিকাৰ বা মাইক ব্যৱহাৰ কৰিব নোৱাৰিব । ব্যক্তিগত অনুষ্ঠানতো শব্দ প্ৰাবল্য, অঞ্চলটোৰ নিৰ্ধাৰিত প্ৰাবল্যৰ ভিতৰত থাকিব লাগিব । লাউডস্পীকাৰ, ছাউণ্ড ছিষ্টেম আদি ভাৰাত দিয়া সকলো টেন্ট হাউছ, ব্যৱসায়ী আদিয়ে গ্ৰাহকক নিশা ৮ বজাৰ পিছত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি অৱগত কৰিব লাগিব । অন্যথা সকলো সামগ্ৰী জব্দ কৰা হ'ব । এই নিষেধাজ্ঞা উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Tuesday, 21 February 2023

Breaking News

*গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা**বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ*

জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৯/২০২৩

*গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা*

*বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ*

গোলাঘাট, ২১ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বাৰিষাৰ বতৰত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ বিশেষকৈ বানৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ ব্যৱস্থাটো সফল আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওপৰতে সকলো নিয়ন্ত্ৰণ নাৰাখি বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে চক্ৰ বিষয়া পৰ্যায়তে বিষয়সমূহৰ জোৰা মাৰিব পৰা যায় । উপায়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকক এই বিষয়ে অৱগত হোৱাৰ ছঘণ্টাৰ ভিতৰতে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰাখিবলৈ আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগক বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ (পথ) বিভাগক বানপানীৰ পূৰ্বে চিগা মথাউৰি, পথ আদি চিনাক্ত কৰি মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । লগতে সমাজ কল্যাণ বিভাগক প্ৰয়োজনীয় শিশু খাদ্য মজুত ৰখাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ শিক্ষা বিভাগক আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া বিদ্যালয় গৃহসমূহৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে । লগতে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় নাৱৰ ব্যৱস্থা, এছ ডি আৰ এফৰ দল আৰু বিভিন্ন বিভাগৰ কৰণীয় সন্দৰ্ভত সভাত আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অহা ১০ মাৰ্চৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহক বানৰ প্ৰস্তুতি সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সম্ভাব্য বানৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ মাৰ্চ মাহৰ ভিতৰতে আশ্ৰয় শিবিৰৰ দায়িত্বত থকাসকলৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিঞ্চেংফা বৰুৱা, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...