জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৮৯/২০২৩
*গোলাঘাটত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আলোচনা*
*বান ক্ষতিগ্ৰস্তই ছঘণ্টাৰ ভিতৰতে লাভ কৰিব সাহায্য সামগ্ৰী, ১০ মাৰ্চৰ ভিতৰত পৰিকল্পনা যুগুত কৰিবলৈ বিভাগসমূহক নিৰ্দেশ উপায়ুক্তৰ*
গোলাঘাট, ২১ ফেব্ৰুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি বাৰিষাৰ বতৰত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি সন্দৰ্ভত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন বৈঠক অনুষ্ঠিত হয় । জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি তথা বিভিন্ন বিভাগৰ দায়িত্ব আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশ আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে বানপানী আৰু যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ সময়ত হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে ততালিকে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণক অৱগত কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । তেওঁ বিশেষকৈ বানৰ ক্ষয়-ক্ষতি নিয়ন্ত্ৰণ ব্যৱস্থাটো সফল আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ওপৰতে সকলো নিয়ন্ত্ৰণ নাৰাখি বিকেন্দ্ৰীকৰণ ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাতে চক্ৰ বিষয়া পৰ্যায়তে বিষয়সমূহৰ জোৰা মাৰিব পৰা যায় । উপায়ুক্তগৰাকীয়ে বানৰ কবলত পৰা লোকক এই বিষয়ে অৱগত হোৱাৰ ছঘণ্টাৰ ভিতৰতে যাতে প্ৰয়োজনীয় সাহায্য সামগ্ৰী যোগান ধৰিব পৰা যায়, সেয়া সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে । উপায়ুক্তগৰাকীয়ে স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি মজুত ৰাখিবলৈ আৰু পশুপালন আৰু পশুচিকিৎসা বিভাগক বানপানীৰ সময়ত যাতে পোহনীয়া জীৱ-জন্তুৱে খাদ্যৰ অভাৱত ভুগিবলগীয়া নহয় তাৰ বাবে পৰ্যাপ্ত পশুখাদ্য মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে । তেওঁ জলসম্পদ বিভাগ আৰু লোকনিৰ্মাণ (পথ) বিভাগক বানপানীৰ পূৰ্বে চিগা মথাউৰি, পথ আদি চিনাক্ত কৰি মেৰামতিৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে । লগতে সমাজ কল্যাণ বিভাগক প্ৰয়োজনীয় শিশু খাদ্য মজুত ৰখাৰ ব্যৱস্থা কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ শিক্ষা বিভাগক আশ্ৰয় শিবিৰ স্থাপন কৰিবলগীয়া বিদ্যালয় গৃহসমূহৰ আন্তঃগাঁথনিৰ ওপৰত বিশেষভাৱে চকু দিবলৈ নিৰ্দেশ দিয়ে । লগতে উদ্ধাৰ অভিযানৰ বাবে প্ৰয়োজনীয় নাৱৰ ব্যৱস্থা, এছ ডি আৰ এফৰ দল আৰু বিভিন্ন বিভাগৰ কৰণীয় সন্দৰ্ভত সভাত আলোচনা কৰা হয় । উপায়ুক্তগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী, খাদ্য সামগ্ৰীৰ পৰ্যাপ্ত যোগান, বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু শিশুৰ বাবে অনুকূল স্থানৰ ব্যৱস্থা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । তেওঁ অহা ১০ মাৰ্চৰ ভিতৰত সংশ্লিষ্ট বিভাগসমূহক বানৰ প্ৰস্তুতি সন্দৰ্ভত পৰিকল্পনা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰণি ৰাজকুমাৰে সভাত জিলাখনত বিগত বৰ্ষৰ বানত হোৱা ক্ষয়-ক্ষতি আৰু সম্ভাব্য বানৰ জোৰা মৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত পাৱাৰপইণ্ট প্ৰেজেণ্টেচনৰ সহায়ত বিতংভাৱে বৰ্ণনা কৰে । তেওঁ মাৰ্চ মাহৰ ভিতৰতে আশ্ৰয় শিবিৰৰ দায়িত্বত থকাসকলৰ বাবে প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে । সভাত অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, ধনশিৰি মহকুমাৰ মহকুমাধিপতি দিঞ্চেংফা বৰুৱা, চক্ৰ বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু প্ৰতিনিধিসকল উপস্থিত আছিল ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA
No comments:
Post a Comment
Welcome Northeast News India