জনসংযোগ গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং ৩৬৯/২০২২
*বোকাখাত অসামৰিক চিকিৎসালয় পৰিদৰ্শন জিলা উপায়ুক্তৰ*
*শিশু আৰু মাতৃৰ বাবে পুষ্টিকৰ খাদ্য তালিকা যুগুত কৰিবলৈ ডায়েটিচিয়ানক নিৰ্দেশ*
গোলাঘাট, ১১ জানুৱাৰী : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজ তথা স্বাস্থ্য সেৱাৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰটো (NRC) পৰিদৰ্শন কৰি চিকিৎসালয়খনত শিশু, স্তনপান কৰাই থকা মাতৃ আৰু গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা সা-সুবিধাসমূহৰ সন্দৰ্ভত চিকিৎসা বিষয়া, ডায়েটিচিয়ান আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে আলোচনা কৰে । তেওঁ চিকিৎসালয়খনৰ ডায়েটিচিয়ানসকলক শিশু আৰু মাতৃৰ বাবে পুষ্টিকৰ খাদ্য তালিকা যুগুত কৰিবলৈ নিৰ্দেশ দিয়ে যাতে শিশু আৰু মাতৃসকলৰ সহায় হোৱাকৈ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰত এই তালিকাসমূহ প্ৰদৰ্শন কৰিব পৰা যায় । তেওঁ লগতে চাহ বাগিচা অঞ্চলৰ গৰ্ভৱতী মহিলাসকলৰ বাবে থকা মজুৰি ক্ষতিপুৰণ আঁচনিৰ বিষয়েও সবিশেষ বুজ লয় । তেওঁ নিৰ্ধাৰিত সময়ৰ ভিতৰত দুটা কিস্তিত এইসকল মহিলাক ক্ষতিপূৰণ আদায় দিবলৈ নিৰ্দেশ দিয়ে ।
উল্লেখযোগ্য যে গুৰুতৰভাৱে পুষ্টিহীনতাত ভোগা শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা আৰু তেনে শিশুক উপযুক্ত চিকিৎসা প্ৰদানৰ লক্ষ্যৰে চৰকাৰী চিকিৎসালয়সমূহত এই পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰসমূহ স্থাপন কৰা হৈছে ।
*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA