Wednesday, 14 December 2022

*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২* *স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেধাৱী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদানৰ শুভাৰম্ভ**এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি স্কুটিখনৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ*

*গোলাঘাটত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ১,১৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা-২০২২* 

*স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত মেধাৱী ছাত্ৰ-ছাত্ৰীক ড০ বাণীকান্ত কাকতি মেধা বঁটাৰূপে স্কুটী প্ৰদানৰ শুভাৰম্ভ*

*এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি স্কুটিখনৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ*

গোলাঘাট ১৪ ডিচেম্বৰ: গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত মেধাৰ পৰিচয় দিয়া জিলাখনৰ ছাত্ৰ-ছাত্ৰীসকলক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভাৰম্ভ কৰে । উল্লেখযোগ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা হিচাপে একোখন স্কুটি প্ৰদান কৰা হৈছে । গোলাঘাট জিলাত মুঠ ১,১৯৭ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদান কৰা হৈছে । ইয়াৰে ১,০৬১ গৰাকী ছাত্ৰী আৰু ১৩৬ গৰাকী ছাত্ৰ । স্কুটি বিতৰণ অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰ-ছাত্ৰীসকলক এই বঁটাৰ মৰ্যাদা ৰক্ষা কৰি তথা কোনো কাৰণতে স্কুটিখনৰ অপব্যৱহাৰ নকৰি ভৱিষ্যৎ শিক্ষা জীৱনত আৰু অধিক ভাল ফলাফল দেখুৱাব পৰাকৈ আগবাঢ়ি যাবলৈ আহ্বান জনায় । ডঃ বাণীকান্ত কাকতি বঁটা লাভ কৰাটো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সন্মানৰ বিষয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীক পঢ়াত সহায় হোৱাকৈ চৰকাৰে চলিত বৰ্ষৰ পৰা ১০ হাজাৰ টকাকৈ প্ৰদান কৰাৰ বাবে চিন্তা কৰিছে । অসমৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত ভাল ফলাফল দেখুৱাব পাৰে তাৰ বাবে আগ্ৰহীসকলক বিদ্যালয়ৰ পৰাই লক্ষ্য নিৰ্ধাৰণ কৰি আগবাঢ়িবলৈ তেওঁ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে লক্ষ্য স্থিৰ আৰু সঠিক হলে কোনো অভাৱ-অনাতন অথবা অজুহাতেই হেঙাৰ হ'ব নোৱাৰে । বিফলতাৰ বাবে আনক দোষ দিয়াৰ বিপৰীতে নিজক দোষাৰোপ কৰিলে আগবাঢ়ি যোৱাৰ নতুন পথ মুকলি হ'ব বুলি তেওঁ কয় । 

অনুষ্ঠানত দিয়া ভাষণত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে জীৱন গঢ়াৰ বাটত কোনো চমু পথ নাই । কঠোৰ অনুশীলনেই সফলতা প্ৰাপ্তিৰ একমাত্ৰ উপায় বুলি তেওঁ উল্লেখ কৰে । নিজৰ ভাষণত বিধায়কগৰাকীয়ে ডঃ বাণীকান্ত কাকতিৰ গুণৰাজিৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰে আৰু তেখেতৰ সৃষ্টিসমূহক অসমীয়া ভাষাৰ এক গুৰুত্বপূৰ্ণ সমল বুলি উল্লেখ কৰে । নিয়মীয়া অনুশীলন সফলতাৰ একমাত্ৰ চাবিকাঠি বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ-ছাত্ৰী সকলক কোনো প্ৰতিকুল পৰিস্থিতিৰ ওচৰত হাৰ নামানি প্ৰয়াস অব্যাহত ৰাখিবলৈ আহ্বান জনায় । 

সভাত আদৰণি ভাষণ আগবঢ়ায় জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে । জিলা উপায়ুক্তগৰাকীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰা প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ লগতে উজ্বল ভৱিষ্যত কামনা কৰে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰা, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়ন্ত বাৰুকিয়াল, ডি কে ডি কলেজৰ অধ্যক্ষ ডঃ ৰঞ্জিত বৰদলৈ, এইচ পি বি গাৰ্লছ কলেজৰ অধ্যক্ষ ডঃ বুলবুলি বৰুৱা, জয়া গগৈ কলেজৰ অধ্যক্ষ ডঃ অমিয় কুমাৰ দাস, দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডঃ পুতুল শইকীয়া, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া গৌৰিপ্ৰিয়া দেউৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, সমাজকৰ্মী দেৱপ্ৰতীম বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল উপস্থিত থাকে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অভিভাৱক মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিদ্যাঞ্জলি কাৰ্যসূচীৰ অধীনত জিলা প্ৰশাসনৰ আহ্বানমৰ্মে জিলাখনৰ কেইবাগৰাকীও সহৃদয় ব্যক্তি-অনুষ্ঠানে শিক্ষানুষ্ঠান আৰু অংগনৱাড়ী কেন্দ্ৰলৈ আগবঢ়োৱা ফেন আৰু ওজন তথা উচ্চতা জোখা যন্ত্ৰও প্ৰদান কৰে ।  

 *জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাট

প্ৰেছ বিজ্ঞপ্তি: ১৪-১২-২০২২

*১৬ ডিচেম্বৰৰ পৰা গোলাঘাটত বিশেষ টিকাকৰন অভিযান ২.০*

অহা ১৬ ডিচেম্বৰ, ২০২২ তাৰিখৰ পৰা সমগ্ৰ অসমৰ লগত গোলাঘাট জিলাটো বিশেষ টিকাকৰন অভিযান ২.০ আৰম্ভ হব। 

আজি এই উপলক্ষ্যে আলোচনা কৰাৰ বাবে অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া, পৰিয়াল কল্যাণৰ কাৰ্যালয়ত এখনি সংবাদমেল আয়োজন কৰা হয়। এই সভাত জিলা খনত অনুষ্ঠিত হব লগীয়া বিশেষ টীকাকৰন অভিযানৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাৰ আলোচনা হয় আৰু সংবাদকৰ্মী সকলৰ পৰা ৰাইজৰ মাজত সজাগতা বৃদ্ধি আৰু স্বাস্থ্য বিভাগক সহযোগ কৰাৰ কামনা কৰা হয়।

গোলাঘাট জিলাৰ পৰিকল্পনাৰ আধাৰত এই বিশেষ অভিযানত ৮৪ খন গাওঁ অন্তৰ্ভুক্ত কৰি মুঠ ৩৫ তা টীকাকৰন কেন্দ্ৰত আৰু ৬ তা ভ্ৰাম্যমাণ দলে ০-৫ বছৰ বয়সৰ ৫৫১ তি শিশু আৰু ১৫৬ গৰাকী প্ৰসুতিক টীকা প্ৰদান কৰিব।

উল্লেখ্য যে এই বিশেষ টীকা প্ৰদান অভিযান ২.০ৰ দ্বিতীয় পৰ্যায় ১৭ জানুৱাৰী, ২০২৩ আৰু তৃতীয় পৰ্যায় ১৬ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে অনুষ্ঠিত হব। প্ৰত্যেক টো বিশেষ টিকাকৰণ পৰ্যায় চৰকাৰী বন্ধ আৰু নিয়মিত টিকাকৰণৰ বাৰ বাদ দি ৭ দিনৰ বাবে থাকিব ।

আজিৰ সংবাদমেলত উপস্থিত থাকে  অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া 
Dr. Jesmin Begum

জিলা টীকাকৰণ বিষয়া
Dr. Bipul Das আৰু লগতে কাৰ্যালয়ৰ সহকাৰী বিষয়া সকল উপস্থিত থাকে।

NORTHEAST NEWS INDIA

*মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 'অৰুনোদই ২.০' আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন*

*মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 'অৰুনোদই ২.০' আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন*

গোলাঘাট ১৪ ডিচেম্বৰ ২০২২ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ভাৰ্চুৱেল ব্যৱস্থাৰে 'অৰুনোদই ২.০' আঁচনিখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী শ্ৰীযুতা অজন্তা নেওগ, গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত, খুমটাই সমষ্টিৰ বিধায়ক শ্ৰীযুত মৃণাল শইকীয়া, সৰুপথাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা ভালেমান বিশিষ্ট ব্যক্তিয়ে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা এই ভাৰ্চুৱেল কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।মুখ্যমন্ত্ৰীৰ ভাৰ্চুৱেল বৈঠকৰ পিছতেই উপস্থিত সকলোৰে সৈতে গোলাঘাট জিলাত আচঁনিখনৰ সফল ৰূপায়ন সন্দৰ্ভত বিত্তমন্ত্ৰী আৰু অভিভাৱক মন্ত্ৰীগৰাকীয়ে এক আলোচনাত মিলিত হয় । ইয়াৰ পিছতেই বিত্তমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ সংবাদমেলত দিয়া কেতবোৰ তথ্য উল্লেখ কৰা হ'ল -
👇👇👇

✅এই আঁচনিখনৰ অধীনত ৰাজ্যৰ ১০.৫৪ লাখ হিতাধিকাৰীক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা ২৭ লাখলৈ বৃদ্ধি পাব ।
✅প্ৰতি মাহৰ ১০ তাৰিখে তেওঁলোকৰ একাউণ্টত ১,২৫০/- টকাকৈ জমা হ'ব । ইয়াৰ বাবে ৰাজকোষৰ মাহিলী ব্যয় হ'ব ৩৪৫ কোটি টকা ।
✅প্ৰথম অৱস্থাত ২০ লাখ পৰিয়ালক ইয়াৰ অধীনত সামৰি লোৱা হৈছিল । পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জৰীপ কৰা হয় আৰু ২.৭৫ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হয় । বহু হিতাধিকাৰীৰ মৃত্যু হোৱা, কিছুমানৰ চৰকাৰী চাকৰি হোৱা, কাৰোবাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰা দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নাম উন্নীত হোৱা আদি বিভিন্ন কাৰণত নাম কৰ্তন কৰা হয় । 
✅যোৱা বাজেটত কৰা ঘোষণা অনুসৰি এই পৰ্যায়ত নতুন নামসমূহ অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থা কৰা হৈছে ।
✅এইবাৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ মাপকাঠিসমূহৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে ।
✅অন্তৰ্ভুক্তিৰ অগ্ৰাধিকাৰ মাপকাঠিত ৰখা হৈছে বিধৱা, বিবাহ বিচ্ছেদ হোৱা, অবিবাহিত বা অকলশৰীয়া মহিলা ।
✅দান-বৰঙণি আদিৰে অৰ্থাৎ আনৰ সহায় লৈ জীয়াই থকা পদপথৰ বাসিন্দা, দিব্যাংগ লোকসকল, তৃতীয় লিংগৰ ব্যক্তি ।
✅ছেৰিব্ৰেল পালছি, থেলাচেমিয়া, হিম'ফেলিয়া, কুষ্ঠ ৰোগ, অটিজ্ম আদিত আক্ৰান্ত লোকসকলক তেওঁলোকৰ বয়স, অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব ।   
✅আশ্ৰয় নথকা, পকী ঘৰ নথকা পৰিয়াল, চৰকাৰৰ পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমৰ অকলশৰীয়া পুৰুষ, কেও কিছু নোহোৱা অকলশৰীয়া ব্যক্তি আদি ।
✅ মানৱ সৰবৰাহ, ধৰ্ষণৰ বলী হোৱা লোককো পৰিচয় প্ৰকাশ নকৰাকৈ নাম অন্তৰ্ভুক্ত কৰা হ'ব ।
✅ সাংসদ, বিধায়ক, পৌৰসভা, পঞ্চায়তৰ সদস্য, প্ৰতিনিধি, স্বায়ত্ত্ব শাসিত পৰিষদ, ভি চি ডি চিৰ সদস্য, চৰকাৰী চাকৰিয়াল, পেঞ্চনাৰ, চৰকাৰী, অৰ্ধ-চৰকাৰী প্ৰতিষ্ঠান আদিত কাম কৰা লোকে এই আঁচনিৰ সুবিধা নাপাব । 
✅গাঁৱৰ ক্ষেত্ৰত ১৫ বিঘা মাটি থাকিলে, চহৰৰ ক্ষেত্ৰত ৩ কঠা মাটি আৰু কামৰূপ মহানগৰত ডেৰ কঠা মাটি পৰ্যন্ত এইবাৰ এই আঁচনিৰ মাপকাঠিত ৰেহাই দিয়া হৈছে  । 
✅ দুচকীয়া বাহনক কৰ্তনৰ মাপকাঠিৰ পৰা নোহোৱা কৰা হৈছে । অৰ্থাৎ দুচকীয়া বাহন থাকিলেও এই আঁচনিৰ সুবিধা পাব । 
✅ এয়াৰ কণ্ডিছনাৰ থাকিলে নাম অন্তৰ্ভুক্ত নহ'ব । ৰেফ্ৰিজাৰেটৰক নাম কৰ্তনৰ মাপকাঠিৰ পৰা নোহোৱা কৰা হৈছে ।
✅ৰাজ্যৰ সৰ্ববৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ আঁচনি অৰুনোদই : নেওগ ।  
✅অসমৰ ৩৫ লাখ লোক যাতে উপকৃত হয় তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লক্ষ্য নিৰ্ধাৰণ কৰিছে : বিত্তমন্ত্ৰী ।  

আজিৰ কাৰ্যসূচীত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকল উপস্থিত থাকে ।
NORTHEAST NEWS INDIA

Saturday, 3 December 2022

*মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সংঘটিত লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে পৰামৰ্শমূলক সভা সম্পন্ন*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং-৩৬০/২০২২

*মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সংঘটিত লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে পৰামৰ্শমূলক সভা সম্পন্ন*

গোলাঘাট, ৩ ডিচেম্বৰ : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ গোলাঘাট জিলা অভিযান পৰিচালনা গোট আৰু জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সংঘটিত লিংগভিত্তিক হিংসাৰ বিৰুদ্ধে ২৫ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ অব্যাহত থকা ১৬ দিনীয়া অভিযান সন্দৰ্ভত আজি গোলাঘাটৰ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ সভাকক্ষত এখন জিলা পৰ্যায়ৰ পৰামৰ্শমূলক সভা অনুষ্ঠিত হয় । সভাত কৰ্মক্ষেত্ৰত যৌন আতিশয্য আৰু ঘৰুৱা হিংসা আদি বিষয়সমূহ আলোচনা কৰা হয় । সভাত অংশ লোৱা বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত নিজৰ অভিজ্ঞতাসমূহ বৰ্ণনা কৰে । অনুষ্ঠানত ডি এইচ ই ডব্লিউ, গোলাঘাটৰ তৰফৰ পৰা গোলাঘাট জিলাত মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সংঘটিত হিংসাৰ ঘটনা আৰু মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা সম্পৰ্কীয় নতুন আঁচনিসমূহৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱা হয় । সভাত মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত হিংসা প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিটো বিভাগে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰে । লগতে ঘৰুৱা হিংসা আইন আৰু কৰ্মক্ষেত্ৰত যৌন আতিশয্য প্ৰতিৰোধ আইনৰ ঘটনাসমূহৰ ক্ষেত্ৰত ভুক্তভোগীয়ে যাতে ন্যায় পায় তাৰ বাবে সহযোগিতা আগবঢ়োৱাৰ বাবেও প্ৰস্তাৱ লোৱা হয় । সভাত জিলা গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক, জিলা সমাজ কল্যাণ বিষয়া, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সদস্যসকল, ডি এইচ ই ডব্লিউ, অ' এছ চিৰ সদস্যসকল আৰু এন ই এন, চি আই এন আই, সুধাৰ গৃহ, উজ্জ্বলা গৃহ আদি বেচৰকাৰী সংস্থাৰ সদস্যসকল উপস্থিত আছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস-২০২২ উদযাপন*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং-৩৫৯/২০২২

*গোলাঘাটত আন্তৰ্জাতিক দিব্যাংগ দিৱস-২০২২ উদযাপন*

গোলাঘাট, ৩ ডিচেম্বৰ : গোলাঘাট জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস -২০২২ উদযাপন কৰা হয় । এই উপলক্ষে আয়োজিত সভাত স্বাস্থ্য বিভাগ, সংহত শিশু উন্নয়ন আঁচনিৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, পোষণ অভিযান আৰু ডি এইচ ই ডব্লিউৰ কৰ্মচাৰীসকল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম লোকসকল উপস্থিত আছিল । সভাত জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰীয়ে দিব্যাংগ লোকসকলৰ বাবে থকা বিভিন্ন আঁচনি আৰু তেওঁলোকৰ অধিকাৰসমূহৰ ওপৰত আলোকপাত কৰে । অনুষ্ঠানত উজনি অসম প্ৰতিবন্ধী পৰিষদৰ সভাপতি বিশ্ববিজয় বৰাই বিশেষভাৱে সক্ষম লোকসকলে সন্মুখীন হোৱা সমস্যাসমূ্হৰ বিষয়ে বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত অংশ লৈ স্বাস্থ্য বিভাগৰ জিলা টীকাকৰণ বিষয়া ডাঃ বিপুল কুমাৰ দাসে ইউ ডি আই ডি কাৰ্ড আৰু দিব্যাংগ পেঞ্চন সম্পৰ্কীয় বিষয়সমূহক লৈ সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি দিব্যাংগ লোকসকলক সম্বৰ্ধনাও জ্ঞাপন কৰা হয় । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Thursday, 1 December 2022

*মিছন বসুন্ধৰা ২.০ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সন্দৰ্ভত সজাগতা*

*মিছন বসুন্ধৰা ২.০ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সন্দৰ্ভত সজাগতা*


 গোলাঘাট, ১ ডিচেম্বৰ: মিছন বসুন্ধৰা ২.০ আৰু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি সন্দৰ্ভত সজাগতা সৃষ্টি, এম জি এনৰেগাৰ অধীনত জব কাৰ্ডৰ সৈতে আধাৰ সংযোগ আৰু সামাজিক সুৰক্ষা আঁচনিসমূহৰ সৈতে আধাৰ সংযোগ কৰাৰ উদ্দেশ্যে, লগতে কম্পিউটাৰ সাক্ষৰতা দিৱস তথা অসম দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ গোলাঘাট জিলাৰ ১০২ খন গাঁও পঞ্চায়তত বিশেষ গাঁওসভাৰ আয়োজন কৰা হৈছে । এই গাঁওসভাত মিছন বসুন্ধৰা ২.০ৰ অধীনত ভূমি সম্পৰ্কীয় মালিকীস্বত্ব, খাছ মাটি, চৰকাৰী মাটিৰ ক্ষেত্ৰত তথা ভূমি সম্পৰ্কীয় যিকোনো সমস্যাৰ বিষয়ে আলোচনা তথা সজাগতা আৰু আবেদনৰ বিষয়ে বিতংভাবে আলোচনা কৰা হ'ব । এই বিশেষ গাঁওসভা সফল কৰি তোলাৰ উদ্দেশ্যে ৰাইজৰ উপস্থিতি কামনা কৰি আজিও গাঁওসমূহত মাইকৰ সহায়ত ব্যাপক সজাগতা অভিযান চলোৱা হয় ।

NORTHEAST NEWS INDIA

*গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান**৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ*

জনসংযোগ, গোলাঘাট, প্ৰেছ বিজ্ঞপ্তি নং-৩৫৭/২০২২

*গোলাঘাট নিৰ্বাচনী জিলাত ৮ ডিচেম্বৰৰ ভিতৰত নতুন ভোটদাতাসকলক ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন দাখিলৰ আহ্বান*

*৪ ডিচেম্বৰলৈ নাম অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ শিবিৰ*
গোলাঘাট, ১ ডিচেম্বৰ : গোলাঘাট নিৰ্বাচনী জিলাৰ অধীনত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, বিশেষকৈ নতুন ভোটদাতাসকলৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা আৰু এই সম্পৰ্কীয় নীতি-নিৰ্দেশনা তথা সজাগতা সৃষ্টি সন্দৰ্ভত আজি গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সংবাদমেলৰ আয়োজন কৰা হয় । অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডঃ সংগীতা বৰঠাকুৰে সংবাদমেলখন সম্বোধন কৰি কয় যে ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম চলি আছে আৰু অহা ৮ ডিচেম্বৰলৈকে দাবী আৰু ওজৰ-আপত্তিসমূহ দাখিল কৰিব পাৰিব । তেওঁ যিসকলৰ ২০২৩ চনৰ পহিলা জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হ'ব তেওঁলোকক ৮ ডিচেম্বৰৰ ভিতৰত প্র-পত্ৰ পূৰণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে বি এল অ' সকলৰ ওচৰত প্র-পত্ৰসমূহ উপলব্ধ আৰু জিলাখনৰ বিভিন্ন মহাবিদ্যালয়লৈ ইতিমধ্যে প্র-পত্ৰসমূহ প্ৰেৰণ কৰা হৈছে । তেওঁ কয় যে ১ৰ পৰা ৩ডিচেম্বৰলৈ মহাবিদ্যালয়সমূহত আৰু ৩ আৰু ৪ ডিচেম্বৰত সকলো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী আৰু নতুনকৈ নাম অন্তৰ্ভুক্তিৰ বাবে বিশেষ শিবিৰৰ আয়োজন কৰা হ'ব । ২০২৩ চনৰ ১ জানুৱাৰীক ভিত্তি বৰ্ষ হিচাপে লৈ ৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব । সংবাদমেলত অংশ লৈ নিৰ্বাচন বিষয়া সুলক্ষণা বৰপাত্ৰগোহাঁয়ে কয় যে www.nvsp.in অথবা
https://voters.eci.gov.in আৰু ভোটাৰ হেল্পলাইন এপৰ জৰিয়তেও আবেদন কৰিব পাৰিব । আনহাতে বি এল অ'সকলে বি এল অ' এপৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব বুলি তেওঁ কয় । আনহাতে নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয় আৰু সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়াৰ কাৰ্য্যালয়তো ইয়াৰ বাবে যোগাযোগ কৰিব পাৰিব । নাম অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম-৬, আধাৰ নম্বৰ সংযোগ কৰিবলৈ ফৰ্ম ৬-বি, ওজৰ-আপত্তি আৰু নাম কৰ্তন কৰিবলৈ ফৰ্ম-৭ আৰু ঠিকনা সলনি কৰা, শুধৰণি আদিৰ ক্ষেত্ৰত ফৰ্ম-৮ ব্যৱহাৰ কৰিব লাগিব । তেওঁ সকলোকে ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ আহ্বান জনায় । ২০২৩ চনৰ ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰত ১৮ বছৰ সম্পূৰ্ণ হ'বলগীয়া যুৱক-যুৱতীসকলেও আগতীয়াকৈ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন জনাব পাৰিব বুলি তেওঁ উল্লেখ কৰে । 

উল্লেখযোগ্য যে যোৱা ৯ নৱেম্বৰত প্ৰকাশ পোৱা খচৰা ভোটাৰ তালিকা অনুসৰি ৯৫ নং গোলাঘাট বিধানসভা সমষ্টিৰ  মুঠ ভোটাৰৰ সংখ্যা ২,০৭,৭৮৫ জন (পুৰুষ ভোটাৰৰ সংখ্যা ১,০৩,৩৪৭ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ১,০৪,৪৩৮ গৰাকী) । ঠিক সেইদৰে, ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১,৪২,১৪৮ জন, (পুৰুষ ভোটাৰৰ সংখ্যা ৭০,৭১৩ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৭১,৪৩৫ গৰাকী)। দুয়োটা সমষ্টি সামৰি গোলাঘাট নিৰ্বাচনী জিলাত মুঠ ভোটাৰৰ সংখ্যা ৩,৪৯,৯৩৩ জন । নতুন ভোটাৰৰ সংখ্যা এই সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াত ৫,১৯৭ জন বৃদ্ধি পাইছিল । 

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...