Tuesday, 4 October 2022

*পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা*

*পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা*

৪ অক্টোৱৰ ২০২২ঃ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত তথা কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাক পশ্চিম ননৈ আঞ্চলিক শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত উল্লেখ কৰে যে মা দূৰ্গা শক্তি সাহস আৰু কৰুনাৰ প্ৰতিমূৰ্ত্তিৰ প্ৰতীক। সেয়ে মা আৰু প্ৰকৃতি ৰ মহানতাৰে অসম ৰাজ্যৰ প্ৰতি টো পৰিয়ালৰ কল্যান  হওক তাৰে কামনা কৰে।

NORTHEAST NEWS INDIA

*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*

*মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান*

৪ অক্টোৱৰ২০২২ঃ  মা আৰু প্ৰকৃতি নগাঁও জিলাৰ কমিটিৰ সভাপতি তথা কেন্দ্রীয় কমিটিৰ উপ-সভাপতি বিশিষ্ট উদ্যোগী সমাজ কৰ্মী লেখক কৃতী শিক্ষক বঁটা প্ৰাপ্ত কেশৱ বৰাই শাৰদীয় দূৰ্গা পূজাৰ বিশেষ অনুষ্ঠানত নগাঁৱৰ ক্ৰমে বিহাৰী গাঁও পাথৰি কেন্দ্ৰীয় কমিটিয়ে তেওঁক বিপুল ভাৱে সম্বৰ্ধনা জনায়। কেশৱ বৰাই ভাষণত মা আৰু প্ৰকৃতি উত্তৰণৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ মানৱ জাতিৰ কলানৰ হকে কাম কৰিবলৈ আহ্বান জনায়।

NORTHEAST NEWS INDIA

Sunday, 2 October 2022

*গোলাঘাট পৌৰসভালৈ পুনৰ স্বচ্ছ সর্বেক্ষণ বঁটা**নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নংঃ ৩৫০/২০২২

*গোলাঘাট পৌৰসভালৈ পুনৰ স্বচ্ছ সর্বেক্ষণ বঁটা*

*নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ উপস্থিতিত পৌৰসভাৰ সভানেত্ৰী আৰু কাৰ্যবাহী বিষয়াই গ্ৰহণ কৰিলে বঁটা*
গোলাঘাট, ২ অক্টোবৰঃ কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ১৪ খন পৌৰ সভালৈ ২০২২ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । গোলাঘাট পৌৰ সভাই পুনৰ এবাৰ ২০২২ বৰ্ষৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত কালি অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত  ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ উপস্থিতিত অসমৰ আন ১৪ খন পৌৰসভাৰ লগতে গোলাঘাট পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় । গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা আৰু কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰে এই বঁটা গ্ৰহণ কৰে । উল্লেখযোগ্য যে, ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ জনসংখ্যাৰ শ্ৰেনীত গোলাঘাট পৌৰসভাই উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে উদ্ভাৱনী অনুশীলনৰ ক্ষেত্ৰত প্ৰথম স্থান লাভ কৰিছে । গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, কাৰ্যবাহী বিষয়া ডঃ সংগীতা বৰঠাকুৰ আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে গোলাঘাট নগৰখনক বিভিন্ন উদ্ভাৱনী কৌশলেৰে পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে । 

*জনসংযোগ, গোলাঘাট*
NORTHEAST NEWS INDIA

Saturday, 1 October 2022

মা আৰু প্ৰকৃতি ৰ সমূহ পৰিয়াললৈ শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা

*মা আৰু প্ৰকৃতি*
 
 আমাৰ মা আৰু প্ৰকৃতি ৰ সমূহ পৰিয়াললৈ শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন জনাইছো। আগন্তুক আহি থকা দিন বোৰত মা আৰু প্ৰকৃতি ৰ পৰিয়াল  সমগ্র ৰাজ্য তথা দেশত, সমগ্র মানৱ জাতি হৈ পৰক আমাৰ পৰিয়াল।সমগ্র বিশ্বতে আদৰ্শ হওঁক আমাৰ পৰিয়াল। তথা দেশৰ ৰাজ্যৰ সমূহ জনগণৰ মঙ্গল হওঁক তাৰে কামনাৰে।। 

সেৱাৰে

মা আৰু প্ৰকৃতি
মাধৱ গগৈ

শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছাৰে

শাৰদীয় শুভ দূৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন জনাইছো। আগন্তুক আহি থকা দিন বোৰত সমগ্র বিশ্বত তথা দেশৰ সমূহ জনগণৰ মঙ্গল হওঁক তাৰে কামনাৰে।। 

 NORTHEAST NEWS INDIA

Welcome

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...