Tuesday, 13 September 2022

*গোলাঘাটত দুৰ্গা পূজা সূচাৰুৰূপে অনুষ্ঠিত কৰা সন্দৰ্ভত পূজা সমিতিসমূহৰ সৈতে প্ৰশাসনৰ সভা**গোলাঘাটত দুৰ্গা পূজা সূচাৰুৰূপে অনুষ্ঠিত কৰা সন্দৰ্ভত পূজা সমিতিসমূহৰ সৈতে প্ৰশাসনৰ সভা*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪২/২০২২

*গোলাঘাটত দুৰ্গা পূজা সূচাৰুৰূপে অনুষ্ঠিত কৰা সন্দৰ্ভত পূজা সমিতিসমূহৰ সৈতে প্ৰশাসনৰ সভা*

গোলাঘাট, ১৩ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি সমাগত শাৰদীয় দুৰ্গা পূজা সূচাৰুৰূপে উদযাপন কৰা সন্দৰ্ভত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, পৌৰ প্ৰশাসন, পূজা সমিতিসমূহৰ প্ৰতিনিধি আৰু সংশ্লিষ্ট বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় । জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত শ্ৰী কুলদীপ হাজৰিকাই সভাৰ কাৰ্যবিৱৰণি পাঠ কৰি দুৰ্গোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । আনহাতে পূজা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ পৰা অনুমতি ল'বলৈ আবেদন কৰাৰ শেষ তাৰিখ ২৫ ছেপ্টেম্বৰ ধাৰ্য কৰা হৈছে । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে কয় যে প্ৰতিখন পূজা উদযাপন সমিতিয়ে নিজ নিজ পূজাথলীত পূজা মণ্ডপ নিৰ্মাণ কৰোতে ৰাজহুৱা বাট-পথ যাতে আৱদ্ধ নহয় তাৰ ওপৰত চকু দিব লাগিব । পূজা সমিতিসমূহে পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব আৰু পুৰুষ মহিলাৰ বাবে প্ৰৱেশ আৰু প্ৰস্থানৰ সুকীয়া পথৰ ব্যৱস্থা কৰিব লাগিব । আজিৰ সভাত পূজাথলীত অগ্নি নিৰ্বাপক সঁজুলি মজুত ৰখা, পূজাথলীৰ আশে-পাশে যান-বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থকা, নিশা ১০ বজাৰ পিছত অনুভাষ যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰা, মাদক দ্ৰব্যৰ ব্যৱহাৰ ৰোধ কৰা, অস্বাস্থ্যসন্মত ভাবে মুকলি ঠাইত খাদ্যবস্তুৰ বিক্ৰী বন্ধ কৰা, দৰ্শনাৰ্থীৰ বাবে পাৰ্কিঙৰ সু-ব্যৱস্থা কৰা আৰু প্ৰতিমা বিসৰ্জনৰ দিনা যান-যঁট ৰোধৰ বাবে ল'বলগীয়া সাৱধানতা, ধনশিৰি ঘাটত প্ৰতিমা বিসৰ্জনৰ সু-ব্যৱস্থা আদি সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ লগতে পূজা সমিতিসমূহক কেতবোৰ নিৰ্দেশ দিয়া হয় । অতিৰিক্ত উপায়ুক্তগৰাকীয়ে পূজা সমিতিসমূহক পূজা মণ্ডপসমূহত চি চি টি ভি কেমেৰা সংস্থাপন কৰাৰ বাবেও আহ্বান জনায় । জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সূচাৰুৰূপে আৰু শান্তিপূৰ্ণভাবে যাতে পূজা অনুষ্ঠিত কৰিব পৰা যায় তাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে । সভাত অংশ লৈ গোলাঘাট পৌৰ সভাৰ সভানেত্ৰী শ্ৰীযুতা দুলুমনি বৰবৰাই পূজা স্থলীসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা হয় তাৰ প্ৰতি সকলোকে চকু দিবলৈ আহ্বান জনায় । সভাত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা উপ আৰক্ষী অধীক্ষক শ্ৰী মাধুৰ্য বৰুৱাই পূজাৰ দিনকেইটাত আইন শৃংখলা অটুট ৰখাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে । আজিৰ সভাত পূজা সমিতিসমূহৰ প্ৰতিনিধিসকলে শাৰদীয় দুৰ্গোৎসৱ সূচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়ায় । সভাত অতিৰিক্ত উপায়ুক্তদ্বয় শ্ৰীযুতা পল্লৱী গগৈ আৰু চুলতানা আখটাৰা আহমেদ, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, চক্ৰ বিষয়াসকল, প্ৰশাসনৰ বিষয়াসকল আৰু পূজা সমিতিৰ ভালেসংখ্যক লোক উপস্থিত আছিল ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

Monday, 12 September 2022

প্ৰতিবছৰৰ দৰে এইবেলিও ১০ ছেপ্টেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নাম প্ৰসংগ আৰু "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" শীৰ্ষক এখনি ভাওনা পৰিৱেশন

গোলাঘাট ১২ ছেপ্টেম্বৰ ২০২২ঃ গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ সমূহ বিষয়া-কৰ্মচাৰীৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও ১০ ছেপ্টেম্বৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত নাম প্ৰসংগ আৰু "গান্ধাৰীৰ কৃষ্ণ দৰ্শন" শীৰ্ষক এখনি ভাওনা পৰিৱেশন কৰা হয় । উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে এই ভাওনাভাগী উদ্বোধন কৰে । সমূহ কাৰ্যসূচীত গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া শ্ৰীযুতা পাপৰি দাস, সহকাৰী আয়ুক্ত শ্ৰী অম্লান ফুকন আৰু গোলাঘাট ৰাজহ চক্ৰ আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ ভালেসংখ্যক বিষয়া-কৰ্মচাৰীয়ে ভাগ লয় ।
 NORTHEAST NEWS INDIA

আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ তৃতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা

গোলাঘাট ১২ ছেপ্টেম্বৰ ২০২২ঃ গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি অনুষ্ঠিত জিলা উন্নয়ন সমিতিৰ এই মাহৰ তৃতীয় দিনাৰ বৈঠকত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে  জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনৰ দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজৰ পৰ্যালোচনা কৰে । উপায়ুক্তগৰাকীয়ে দুগ্ধ উন্নয়ন খণ্ডৰ কাম-কাজ আৰু জিলাখনত দুগ্ধ উৎপাদন তথা বিক্ৰী কেন্দ্ৰসমূহৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত বিতংভাবে বুজ লয় । বৈঠকত সহকাৰী দুগ্ধ উন্নয়ন বিষয়া শ্ৰী কিশোৰ বৰ্মনে উপায়ুক্তগৰাকীৰ সন্মুখত জিলাখনৰ দুগ্ধ উন্নয়ন খণ্ডৰ এটা ৰূপৰেখা দাঙি ধৰে । তেওঁ উপায়ুক্তগৰাকীক জানিবলৈ দিয়ে যে জিলাখনত বৰ্তমান বোকাখাতত এটা দুগ্ধ সংশাধন কেন্দ্ৰ থকাৰ বিপৰীতে গোলাঘাট, বোকাখাত আৰু দেৰগাঁৱত বিভাগটোৰ অধীনত তিনিটা দুগ্ধ বিক্ৰী কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে । লগতে জিলাখনত ১২ খন দুগ্ধ সমবায় সমিতি আছে । জিলাখনত দৈনিক ৩০০ৰ পৰা ৩৫০ লিটাৰ গাখীৰ সংগ্ৰহ কৰা হয় বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে গৰুৰ দানাৰ ক্ৰয়ৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান কৰিলে গাখীৰৰ উৎপাদন বৃদ্ধি কৰিব পৰা যাব বুলি মতপ্ৰকাশ কৰে । বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰীও উপস্থিত আছিল ।

NORTHEAST NEWS INDIA

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ**উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*

জনসংযোগ, গোলাঘাট প্ৰেছ বিজ্ঞপ্তি নং : ৩৪১/২০২২

*কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন উপায়ুক্তৰ*

*উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াক নিয়মীয়া ক্ষেত্ৰ পৰিদৰ্শনৰ নিৰ্দেশ*
গোলাঘাট, ১২ ছেপ্টেম্বৰ : গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণে আজি কমাৰবন্ধা আলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰি চিকিৎসালয়খনৰ কাম-কাজৰ বুজ লয় । এই ভ্ৰমণকালত উপায়ুক্তগৰাকীয়ে চিকিৎসালয়খনৰ বহিঃ ৰোগী বিভাগ, প্ৰসৱ কক্ষ আৰু প্ৰতিষেধক মজুত ৰখা ক'ল্ড চেইন পইণ্ট পৰিদৰ্শন কৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ সৈতে স্বাস্থ্য আৰু চিকিৎসা সেৱা তথা জনসাধাৰণক প্ৰদান কৰা সুবিধাসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰে ।  চিকিৎসালয়খনৰ মাতৃ স্বাস্থ্য বিভাগটোৰ কাম-কাজৰ পৰ্যালোচনা কৰি তেওঁ চিকিৎসালয় কৰ্তৃপক্ষক প্ৰসৱ কক্ষৰ বাহিৰত পাৰ্ট’গ্ৰাফ চাৰ্ট সঠিকভাৱে প্ৰদৰ্শন কৰিবলৈ আৰু নৱজাতকসকলক জন্মৰ সময়ত পাবলগীয়া প্ৰতিষেধক প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  বিশেষকৈ উচ্চ আশংকা থকা গৰ্ভৱতী মহিলা আৰু ৰোগীৰ ক্ষেত্ৰত চিকিৎসা বিষয়াগৰাকীক নিয়মীয়াকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈও উপায়ুক্তই নিৰ্দেশ দিয়ে । ৰোগীসকলক সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়েও আলোচনাত স্থান পায় ।

*জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট*
NORTHEAST NEWS INDIA

পৃথিৱীৰ ধংশ সমাগত

🕉ভৱিষ্যতবাণী🕉 👉 পৃথিৱীৰ ধংশ সমাগত 👉 সাৱধান মানৱ জাতি।  সেই বিশ্বৰ মানৱ জাতি সাৱধান। সময় থাকোতেই মানৱ জাতিয়ে ভূল সমূহ সূধৰা...